নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত সুশান্ত গোচৰত জামিন পালে ৰিয়াই

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ প্রায় এমাহৰ মূৰত সুশান্ত কাণ্ডত জামিন পালে ৰিয়া চক্রৱর্তীয়ে। বুধবাৰে ৰিয়াৰ জামিনৰ আবেদন মঞ্জুৰ কৰে বুম্বে হাইকোর্টে (Bombay High Court)। ৰিয়াৰ আবেদনৰ ভিত্তিতেই তেওঁক জামিন দিয়া হয়।

উল্লেখ্য যে প্রায় তিনিদিনৰ জেৰাৰ পাছত বিগত ৯ ছেপ্টেম্বৰত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাত মাদক দ্ৰৱ্য সৈতে জড়িত থকাৰ অভিযোগত ৰিয়াক গ্রেপ্তাৰ কৰিছিল নাৰকোটিক্স কন্ট্রোল ব্যুৰোয়ে (NCB)। তাৰ কিছুদিন পাছত জামিন আবেদন জনাই বুম্বে হাইকোর্টৰ দ্বাৰস্থ হয় ৰিয়াৰ আইনজীবী সতীশ মানেশিণ্ডে। তাৰপাছত বিগত ২৯ ছেপ্টেম্বৰত অভিনেত্রীগৰাকীৰ জামিনৰ আবেদন ৰিজার্ভ ৰাখে হাইকোর্টে। সেই সংৰক্ষিত ৰায় আজি ঘোষণা কৰা হ’ল। অৱশ্যে ৰিয়াই জামিন পালেও জামিন পোৱা নাই তেওঁক ভাতৃ সৌভিক চক্রৱর্তীয়ে।

You might also like