নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন আঞ্চলিক দল

সদৌ অসম ছাত্র সন্থা (আছু) আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে গঠন হ’ল নতুন আঞ্চলিক দল৷ আছু আৰু যুৱ–ছাত্র পৰিষদৰ নেতৃত্বই গঠন কৰি দিয়া বিশেষ পৰামর্শদাতা সমিতিৰ আহ্বায়কদ্বয় ড০ কৃষ্ণগোপাল ভট্টাচার্য আৰু বসন্ত ডেকাই সোমবাৰে ঘোষণা কৰা অনুসৰি নতুন ৰাজনৈতিক দলটোৰ নাম অসম জাতীয় পৰিষদ হ’ব৷ আঞ্চলিক দলটোৰ নামকৰণ চূড়ান্ত হ’লেও দলটোৱে আনুষ্ঠানিকভাৱে আত্মপ্রকাশ কৰিব অহা নৱেম্বৰত৷ দুলীয়াজানত অক্টোবৰৰ শেষার্ধত অনুষ্ঠিত হ’ব লগা আছুৰ অধিৱেশনত ছাত্র সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সম্পাদক লুৰিণজ্যোতি গগৈয়ে ছাত্র সংগঠনটোৰ পৰা অব্যাহতি লৈ নতুন আঞ্চলিক দলটোত যোগদান কৰিব৷ প্রস্তাৱিত দলটোত জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইকে ধৰি কেইবাটাও সংগঠনৰ নেতা–প্রাক্তন নেতাই যোগদান কৰিব৷ কংগ্রেছ আৰু বিজেপিৰ বিৰুদ্ধে সমদূৰত্ব বর্তাই ৰাখি আগন্তুক বিধানসভা নির্বাচনত নতুন ৰাজনৈতিক দলটো যে গঠন কৰিব বিচৰা হৈছে, সেয়া স্পষ্ট৷ কিন্তু আছু আৰু যুৱ–ছাত্র পৰিষদে দ্বিতীয়বাৰৰ বাবে নতুন আঞ্চলিক দল গঠনৰ বাবে আগবাঢ়ি আহিল কিয়? ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ত স্বাক্ষৰিত অসম চুক্তিৰ পিছতে গোলাঘাটত এক ৰাজনৈতিক অভিৱর্তনৰ জৰিয়তে জন্মলাভ কৰা অসম গণ পৰিষদ (অগপ)ৰ অন্তৰালতো আছিল আছু আৰু যুৱ–ছাত্র পৰিষদ৷ বিগত ৩৫ বছৰত অগপ দল ১৫ বছৰে ক্ষমতাত আছে৷ অগপ দল থকা সত্ত্বেও আছু আৰু যুৱ–ছাত্র পৰিষদে নতুন আঞ্চলিক দল গঠন কৰাৰ বাবে গ্রহণ কৰা পৃষ্ঠপোষকতাই আগন্তুক বিধানসভা নির্বাচনত কি প্রভাৱ বিস্তাৰ কৰে, সেয়া নিশ্চিতভাৱে লক্ষণীয় হ’ব৷ ১৯৮৫ আৰু ১৯৯৬ত অসমবাসীয়ে অগপক দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত কৰাইছিল৷ দুটাকৈ কার্যকালৰ ক্ষমতা লাভ কৰাৰ পিছতো আঞ্চলিক দলটোৱে অসমৰ ৰাইজৰ প্রত্যাশা পূৰণ কৰিব পৰা নাছিল৷ ইয়াৰ বিপৰীতে বিগত তিনিটা দশক ধৰি দলটোৰ শীর্ষ নেতৃত্বৰ মাজত ক্ষমতাৰ যুঁজখনহে অসমৰ ৰাইজে প্রত্যক্ষ কৰি আহিছে৷ বিগত দুই দশকৰো অধিক আঞ্চলিক দলটোৱে বিজেপিৰ সৈতে নির্বাচনী মিত্রতা কৰি আহিছে৷ ফলত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিলেও দলটোৰ তৃণমূল পর্যায়ৰ ভেটি থৰক–বৰক হৈছে৷ বিগত সময়ছোৱাত দলটোৰ শীর্ষ নেতৃত্বৰ কাম–কাজত আঞ্চলিকতাবাদী ৰাজনীতিত বিশ্বাসী লোকসকল হতাশ হৈছে৷
আছু আৰু যুৱ–ছাত্র পৰিষদৰ নেতৃত্বই নতুন আঞ্চলিক দল গঠন কৰিলেও এই দলটোৱে অসমবাসীৰ আস্থা আৰু বিশ্বাস লাভ কৰিবলৈ যথেষ্ট কষ্ট কৰিব লাগিব৷ প্রস্তাৱিত দলটোৱে কংগ্রেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিব বুলি দলটোৰ নেতাসকলে দাবী কৰিছে৷ কিন্তু প্রস্তাৱিত দলটোৰ বাবে মুখ্য প্রত্যাহ্বান হ’ব বর্তমান শাসক পক্ষত থকা অগপ দলহে৷ বিশেষকৈ ১৯৯৬ত অগপৰ নেতৃত্বত হোৱা দ্বিতীয়খন চৰকাৰৰ কার্যকালত সংঘটিত হোৱা গুপ্তহত্যা, সীমাহীন দুর্নীতি, স্বৈৰাচাৰিতাৰ বাবেই অগপই সীমাহীন দুর্যোগৰ সন্মুখীন হৈছিল৷ অগপৰ দ্বিতীয় কার্যকালৰ এনে অপকর্মৰ বাবে ২০০১ত তৰুণ গগৈৰ নেতৃত্বত কংগ্রেছ দলে ৭১খনকৈ আসনত জয়লাভ কৰি ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ বিগত ৩৫ বছৰত ৰাজ্যখনৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ শক্তি অধোগামী হোৱাৰ ফলত দলটোত খহনীয়াও অব্যাহত আছে৷ ইতিমধ্যে আঞ্চলিক দলটোৰ বহুসংখ্যক নেতাই কংগ্রেছ আৰু বিজেপিত যোগদান কৰিছে৷ দলটোৰ নেতৃত্বৰ ব্যর্থতাৰ বাবে বুজনসংখ্যক নেতা–কর্মীয়েও ৰাষ্ট্রীয় দললৈ ঢ়াপলি মেলিছে৷ এনে অৱস্থাত প্রস্তাৱিত ৰাজনৈতিক দলটোৱে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত আঞ্চলিক ৰাজনীতিৰ প্রতি থকা আস্থা আৰু বিশ্বাস ঘূৰাই অনাৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব৷ কিয়নো অগপক নেতৃত্ব দি থকা নেতাসকলৰ সিংহভাগেই আছুৰ শীর্ষ পদবীত আছিল৷ এই কথা ঠিক যে তিনি দশক পূর্বে ৰাজ্যখনৰ জাতি–জনগোষ্ঠীসমূহ মাজত সৃষ্টি হোৱা আঞ্চলিকতাবাদী ভাবধাৰা এতিয়াও অব্যাহত আছে৷ এনে ধাৰাৰ নেতৃত্ব বহন কৰিয়ে বিগত ১৫ বছৰে ক্ষমতাত আছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ৷ আছু আৰু যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত গঠন হ’বলগা নতুন আঞ্চলিক দলটোৱে ৰাজ্যৰ আঞ্চলিক ৰাজনীতিত কিমানদূৰ উজ্জীৱিত কৰিব পাৰিব, সেয়া নির্ভৰ কৰিব নৱগঠিত দলটোৰ পৰিপক্বতাৰ ওপৰত৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ আৱেগ–নুভূতিক সঠিক ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্রত সফল হ’লে নতুন দলটোৱে ৰাজ্যৰ আঞ্চলিক ৰাজনীতিত নতুন মাত্রা বহন কৰাৰ সম্ভাৱনা আছে৷

You might also like