নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুথিভঁৰালৰ বিকাশ আৰু চৰকাৰৰ দায়িত্ব

কিছুদিনৰ আগতে হোমেন বৰগোহাঞিৰ বিয়োগৰ পিছত অসম চৰকাৰে তেওঁৰ ব্যক্তিগত পুথিভঁৰালটোক বিশেষ ব্যৱস্থাৰে সমাজৰ কামত অহাকৈ সজাই তোলাৰ এক অভিলাষী ঘোষণা কৰিছিল আৰু সেই ঘোষণাই অসমবাসীৰ মনলৈ এটি আশাৰ ভাবনা আনি দিছিল যে এইখন চৰকাৰে সমাজৰ বৌদ্ধিক বিকাশৰ প্রয়োজনীয়তাৰ কথা চিন্তা কৰিব৷ ইতিমধ্যে ৰাজ্যত শিক্ষা প্রতিষ্ঠান স্থাপন কৰাত চৰকাৰে গুৰুত্ব দিছে আৰু ভালেখিনি কাম হোৱাও দেখা গৈছে৷ কিন্তু চৰকাৰখনে ভালদৰে গুৰুত্ব নিদিয়া কথাটো হ’ল– ৰাজ্যখনৰ পুথিভঁৰালৰ উন্নতি সাধনৰ বাবে হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী আঁচনি গ্রহণ কৰা৷ বর্তমানৰ মুখ্যমন্ত্রী, শিক্ষামন্ত্রী উভয়েই অধ্যয়ন, ৰচনা আৰু অনুবাদৰ বাবে খ্যাত৷ এনেকুৱা দুগৰাকী মন্ত্রী থাকোঁতে অসমৰ পুথিভঁৰালবোৰৰ অৱস্থা উন্নত আৰু আধুনিক হ’ব বুলি ৰাইজে আশা কৰাটোত অস্বাভাৱিকতা একো নাই৷ অসমৰ কেইখনমান কলেজৰ প্রগতিশীল অধ্যক্ষ আৰু পুথিভঁৰালীৰ বাবে কিছুসংখ্যক ছাত্র–ছাত্রীয়ে ভাল পুথিভঁৰালৰ সুবিধা পাইছে, কিন্তু সামগ্রিকভাৱে সর্বসাধাৰণ লোকৰ বাবে অসমৰ গ্রাম্য আৰু নগৰ উভয় অঞ্চলৰে পুথিভঁৰালৰ অৱস্থা দুখজনক৷ চৰকাৰে অসমৰ আটাইবোৰ জিলা আৰু মহকুমাৰ সদৰত একোটাকৈ পুথিভঁৰাল স্থাপন কৰিছিল আৰু তাৰ কর্মচাৰীসকলে কামো কৰিয়েই আছে৷ কিন্তু সেই পুথিভঁৰালবোৰৰ অধিকাংশৰে অৱস্থা দুখলগা, কিতাপ–আলোচনী আদিৰ অভাৱ, ভালদৰে পঢ়াৰ সুবিধা নাই আৰু কিতাপ ৰখা ব্যৱস্থাবোৰ নিম্নমানৰ গুদামৰ দৰে৷ আন নালাগে, খোদ ৰাজধানীৰ বিধায়কসকলৰ বাবে চলাই থকা পুথিভঁৰালটোৰে অৱস্থা দুদিনমান আগলৈকে প্রৱেশযোগ্যহীন অৱস্থাৰ আছিল৷ ৰেকত থৈ দিয়া কিতাপ–পত্র হাতেৰে স্পর্শ কৰিব পৰা অৱস্থাৰ বাহিৰত৷ এই পুথিভঁৰালটোৱেই বুজাই দিয়ে ৰাজ্যখন পৰিচালনাৰ বাবে বিধি প্রণয়ন কৰা বিধায়কসকল মানৱ সভ্যতাৰ এটি অত্যাৱশ্যকীয় অংগৰ স্বাস্থ্যৰ প্রতি কিমান সচেতন৷ বহুদিন ধৰি অসম চৰকাৰে পুথিভঁৰালবোৰৰ বাবে ভালদৰে কিতাপ কিনা নাই, আলোচনী–বাতৰি কাকত আদিৰ কথা চিন্তা কৰা নাই৷ এই কথাটোও চাব লাগিব যে পুথিভঁৰালৰ বাবে চৰকাৰে বহু অদৰকাৰী কিতাপো কিনা উদাহৰণ আছে আৰু দুখৰ কথা– সেই কিতাপবোৰ নির্বাচন কৰি দিয়ে অসমৰে বিশিষ্ট সাহিত্যিক আদিৰে গঠিত সমিতি এখনে৷
বর্তমান কালত ৰাজহুৱা পুথিভঁৰালৰ সংজ্ঞা আৰু চাৰিত্রিক বৈশিষ্ট্য সলনি হ’বলৈ বাধ্য হৈছে৷ বিশেষকৈ চহৰবোৰত জনসংখ্যা বৃদ্ধি পাই অহাৰ লগে লগে সকলোৱে প্রৱেশ কৰিব পৰা আৰু ভালদৰে পৰিচালিত হৈ থকা ৰাজহুৱা ঠাইৰ পৰিমাণ কমি গৈছে৷ ঠিক তেনেদৰে কিতাপ পঢ়া কামটোৰ পৰিসৰো বৃদ্ধি পাইছে৷ এতিয়া পঢ়া মানে অকল ছপা কিতাপেই নহয়, ই–বুক আদিকে ধৰি ডিজিটেল মাধ্যমত পাব পৰা সকলো পঠন সামগ্রীকে ‘পঠন অভ্যাস’–এ সামৰি লয়৷ আধুনিক পুথিভঁৰালে পাঠকক সেই সুবিধা দিব লাগিব৷ আজিকালি ছাত্র–ছাত্রীৰ বাবে বিভিন্ন ধৰণৰ প্রয়োজনীয় গৱেষণা গ্রন্থ, পাণ্ডুলিপিৰ ইণ্টাৰনেটভিত্তিক বহু পুথিভঁৰালৰ ব্যৱস্থা আছে, আধুনিক পুথিভঁৰালত সেইবোৰৰ ব্যৱস্থা, তাৰ পৰা প্রিণ্ট আউট আদি লোৱা আদিৰ দৰে ব্যৱস্থাও থাকিব লাগিব৷ অসম চৰকাৰৰ যিগৰাকী মন্ত্রী বা বিষয়াই পুথিভঁৰালৰ লগতে এটা প্রেক্ষাগৃহ ৰখাৰ কথা চিন্তা কৰিছিল, সেই সময়ত সেই চিন্তা অতি উচ্চমানৰ আছিল৷ এই প্রেক্ষাগৃহবোৰ সেই ঠাইবোৰৰ একো একোটা সাংস্কৃতিক কেন্দ্র হিচাপে বিকশিত হৈ উঠাৰ সম্ভাৱনা আছিল৷ আজি একবিংশ শতিকাৰ পুুথিভঁৰাল বিজ্ঞানীয়ে পুথিভঁৰালবোৰক সাংস্কৃতিক কেন্দ্রলৈ ৰূপান্তৰিত কৰাৰ সপোন দেখিছে৷ কাৰণ, এই সময়ত সাহিত্য আৰু পঠনৰ জগতখন বহুমুখী হৈ উঠিছে আৰু ললিত কলা আৰু পৰিৱেশ্য কলাও সাহিত্য আৰু পঠনৰ ওপৰত অধিক নির্ভৰশীল হৈ উঠিছে৷ এনে সময়ত যিকোনো সাংস্কৃতিক কাম–কাজৰ বিকাশৰ বাবে যেনেদৰে পুুথিভঁৰালৰ প্রয়োজন, ঠিক তেনেদৰে সাহিত্য আৰু অন্য পঠন সামগ্রীৰ ৰসাস্বাদৰ বাবেও পৰিৱেশ্য আৰু ললিত কলাৰ সমানেই প্রয়োজন৷ সাহিত্য আৰু কলাৰ এই বিকাশৰ বাবে পুথিভঁৰাল আধুনিক হ’বই লাগিব৷ অসমৰ এই চৰকাৰখনে ইচ্ছা কৰিলেই অসমৰ পুথিভঁৰাল সেৱাক আধুনিক আৰু অত্যাৱশ্যকীয় সেৱালৈ ৰূপান্তৰিত কৰিব পাৰে৷ বৌদ্ধিক চর্চাৰ ঠাই এডোখৰৰ প্রয়োজনক অত্যাৱশ্যকীয় সেৱাৰ পর্যায়লৈ নিব পৰাটো এখন চৰকাৰৰ বাবে এটা যে ঐতিহাসিক কাম হিচাপে পৰিগণিত হ’ব, তাত কোনো সন্দেহ নাই৷

You might also like