ৰাষ্ট্রীয় প্রেক্ষাপটত অসমীয়া চিনেমা
‘ৰৈ ৰৈ বিনালে’ নামৰ অসমীয়া ছবিখন ভাৰতৰ কেইবাখনো ঠাইৰ চিত্রগৃহত মুক্তি লাভ কৰিছে আৰু দর্শকৰ সমাদৰো লাভ কৰিছে৷ এই দর্শক অকল অসমীয়া দর্শকেই নহয়, অন্য ভাষাৰ দর্শকেও ছবিখন উপভোগ কৰিছে৷ জুবিন গার্গৰ জনপ্রিয়তা আৰু তেওঁৰ অকাল আৰু শোকাৱহ বিদায়েও এই সফলতাৰ অন্যতম কাৰণ বুলি বিবেচনা কৰা হৈছে৷ কাৰণ যিয়েই নহওক কিয়, অসমীয়া ছবি এখনে অনা-অসমীয়া দর্শকৰ মাজত সঁহাৰি লাভ কৰাটো অসমীয়া ছবিৰ বাবে উৎসাহজনক কথা৷ অসমীয়া শিল্পীৰ কাম অনা-অসমীয়া দর্শকে চাবলৈ আগ্রহ কৰাটোৱে অসমীয়া ছবিৰ প্রদর্শনক এটা নতুন মাত্রা দিছে৷ ইয়াৰ আগতেও সীমিত পর্যায়ত হ’লেও দুই-এখন অসমীয়া ছবিয়ে মুম্বাই, বেংগালুৰু, দিল্লী আদিৰ দৰে ঠাইত প্রদর্শন হৈছিল৷ ‘ৰৈ ৰৈ বিনালে’ই সেই প্রচেষ্টাক আৰু অধিক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিলে৷ অসমীয়া ছবিৰ লগত জড়িত সকলো লোকেই এই সফলতাত আনন্দ প্রকাশ কৰিছে৷ অসমীয়া ছবিৰ প্রতি নতুন দর্শকৰ যে আগ্রহ জন্মিছে সেই আগ্রহক আৰু সবলভাৱে আগবঢ়াই নিয়াটো অসমীয়া ছবিৰ লগত জড়িত লোকৰ এক দায়িত্ব হোৱা উচিত৷ ইয়াৰ আগতে চলচ্চিত্র মহোৎসৱ আৰু ৰাষ্ট্রীয় বঁটাৰ যোগেৰে অসমীয়া ছবিয়ে সর্বভাৰতীয় পর্যায়ত খ্যাতি অর্জন কৰিছিল আৰু বিভিন্ন মহলত আলোচিতও হৈছিল। কিন্তু সেয়া আছিল বিশেষধৰণৰ চলচ্চিত্র বোদ্ধাৰ মাজত সীমিত৷ সর্বসাধাৰণ দর্শকৰ মাজলৈ অসমীয়া ছবি ভালদৰে যাব পৰা নাছিল৷ সর্বসাধাৰণ দর্শকৰ অংশগ্রহণৰ কথাটো প্রকাশ পায় ছবিৰ বাণিজ্যিক প্রদর্শনৰ যোগেৰে৷ ‘ৰৈ ৰৈ বিনালে’ই এই নতুন পথত সবলভাৱে খোজ দিছে৷ কিছুসংখ্যক দর্শকৰ মাজত অসমীয়া ছবিয়ে যি খোপনি পুতিব পাৰিছে সেই কার্যই এক নতুন সম্ভাৱনাৰ জন্ম দিছে৷ এটা কথা ঠিক যে সীমিত বাজেটৰ ছবিয়ে এনেকুৱা ব্যৱসায়ৰ শংকা বহন কৰিব নোৱাৰিব৷ ইয়াৰ বাবে প্রয়োজন হ’ব ডাঙৰ বাজেটৰ আৰু বহু প্রযোজকে এনে ডাঙৰ ডাঙৰ বাজেটৰ ছবি নির্মাণ কৰি আছে৷ তেওঁলোকে এনেধৰণৰ পৰিকল্পনাৰে আগবাঢ়িব পাৰে৷ জুবিন গার্গৰ অবিহনেও যে আকর্ষণীয় ছবি নির্মাণ হ’ব পাৰে সেই কথাটো হৃদয়ংগম কৰি নতুন চিন্তাৰে অসমীয়া ছবিক সমৃদ্ধ কৰিব লাগিব৷ বিগত দুটামান বছৰৰ পৰা দেখা গৈছে দক্ষিণ ভাৰতৰ বহু ছবি একাধিক ভাষাত ডাব কৰি মুক্তি দিয়া হৈছে৷ আনকি হিন্দী ভাষাৰ বহু ছবিকো দক্ষিণ ভাৰতীয় ভাষাত ডাব কৰি মুক্তি দিয়া হৈছে৷ ভাৰতীয় ছবিৰ প্রদর্শনত এয়া নতুন সংযোগ৷ অসমীয়া ভাষাৰ ছবিত এই যাত্রাৰ অংশীদাৰ হ’ব লাগে৷
‘হোমৱর্ক’ নামৰ ছবিখনকো হিন্দীত ডাব কৰি মুক্তি দিয়াৰ কথা আছিল৷ তাৰ আগতে এখন অসমীয়া ছবিক হিন্দীত ডাব কৰি মুক্তি দিয়া হৈছিল৷ অকল ভাষাটো সলনি হ’লেই নহ’ব, সেই দর্শকক সন্তুষ্ট কৰিব পৰা উপাদানো ছবিখনত থাকিব লাগিব৷ এটা কথা ঠিক যে এদিন ‘ৰৈ ৰৈ বিনালে’ৰ আবেদন স্তিমিত হৈ পৰিব আৰু সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিলেহে এই নতুন পথেৰে অসমীয়া ছবি আগবাঢ়ি যাব পাৰিব৷ গোৱাৰ পানাজীত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শিতানত দুখন পূর্ণ দৈর্ঘ্যৰ আৰু এখন চুটি ছবি অন্তর্ভুক্ত হৈছে৷ তাৰে এখন ছবি মূলসুঁতিৰ ছবি৷ এই স্বীকৃতিত অসমৰ মূলসুঁতিৰ ছবি বাবে এক বিশেষ স্বীকৃতি৷ এই স্বীকৃতিক কেনেদৰে অসমীয়া ছবিৰ ব্যৱসায়িক মংগলৰ বাবে ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে চিন্তাচর্চা কৰা উচিত৷ যোৱা বছৰো অসমীয়া মূলসুঁতিৰ ছবি এখন ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত হৈছিল৷ মূলসুঁতিৰ ছবিয়েহে ভাৰতৰ প্রকৃত চিনেমা ব্যৱসায়ৰ ছবিখন প্রতিফলন কৰে৷ এই ধাৰাটিত অসমীয়া ছবিয়ে স্বীকৃতি লাভ কৰাটো ছবি উদ্যোগৰ বাবে আশাৰ খবৰ৷ পেনোৰামাত অন্তর্ভুক্ত আন ছবি দুখনে ভাৰতৰ আটাইবোৰ ছবিৰ লগতে প্রতিযোগিতা কৰি স্থান দখল কৰিছে৷ ৰাষ্ট্রীয় চলচ্চিত্র প্রতিযোগিতাত বিভিন্ন শাখাত বঁটা থাকে, ফিচাৰ ফিল্মৰ বাবে ভাষাভিত্তিক বঁটাও থাকে৷ অসমীয়া ছবি এখনে সর্বভাৰতীয় পর্যায়তো প্রতিযোগিতাত অৱতীর্ণ হ’ব পাৰে আৰু একে সময়তে অসমীয়া ভাষাৰ ছবিৰ মাজত হোৱা প্রতিযোগিতাতো অৱতীর্ণ হৈ বঁটা লাভ কৰিব পাৰে৷ তাৰ বিপৰীতে ইণ্ডিয়ান পেনোৰামাৰ নির্বাচন হয় সর্বভাৰতীয় ভিত্তিত৷ সেয়ে ইণ্ডিয়ান পেনোৰামাত নির্বাচিত হোৱা ছবিয়ে বিশেষ গুৰুত্ব লাভ কৰে৷ ‘ভাইমনদা’ ছবিখন বায়’পিক অসমীয়া ছবিৰ এটি অংশৰ ইতিহাসৰ খণ্ডিত চিত্র৷ ‘পত্রলেখা’ ছবিখন ভূপেন হাজৰিকাৰ প্রতি নৱপ্রজন্মৰ শ্রদ্ধার্ঘ্য৷ দুয়োখন ছবিয়েই ভাৰতীয় চিনেমা সংস্কৃতিৰ প্রতি অসমৰ উপহাৰ৷