সম্পাদকীয় : উন্নয়ন বনাম ঐতিহ্য
বর্তমান সময়ত আমাৰ ৰাজ্যখন বিভিন্ন ধৰণৰ সমস্যা আৰু প্রশ্ণৰ মাজেৰে গৈ আছে৷ এইবোৰ কোনো এখন আঁচনি বা চৰকাৰে গ্রহণ কৰা সিদ্ধান্তৰ মাজতেই সীমাবদ্ধ নহয়৷ এইবোৰ গভীৰ সামাজিক প্রশ্ণ, যিবোৰৰ ওপৰত অসমৰ সাংস্কৃতিক আৰু সামাজিক ভৱিষ্যৎ নির্ভৰ কৰে৷ আর্থ–সামাজিক উন্নয়নৰ বাবে কিমান মূল্য দিবলৈ বর্তমানৰ অসমখন সাজু হৈ আছে বুলি কৰা প্রশ্ণ এটা আজিৰ তাৰিখত স্বাভাৱিক প্রশ্ণ৷ আন্তঃগাঁথনিৰ বিশাল আঁচনি, পথ, দলং, ফ্লাইঅ’ভাৰ, অফিচ, স্কুল–কলেজ, ষ্টেডিয়াম, উদ্যান, বজাৰ, শ্মশান আদিৰ প্রয়োজনীয়তা নিশ্চয় অস্বীকাৰ কৰিব নোৱাৰি৷ কিন্তু সেই দ্রুতগামী উন্নয়নে অসমৰ ভাষা, সংস্কৃতি, ইতিহাস আৰু জাতিগত স্মৃতিৰ শিপাবোৰ কাটি–উভালি পেলোৱাটো কোনেও কামনা নকৰে৷ বর্তমান সময়ত ৰাজ্যখনত চলি থকা চিন্তা কৰিবলগীয়া আৰু দায়িত্ব পালন কৰিবলগীয়া ঐতিহ্য সংক্রান্তীয় দুটা গুৰুত্বপূর্ণ বিষয়ে সামাজিকভাৱে গুৰুত্ব লাভ কৰিছে৷ এটা হ’ল অসমৰ সত্রসমূহৰ সুৰক্ষা আৰু দ্বিতীয়টো হ’ল অসমীয়া ভাষাৰ প্রাধান্য স্থাপন৷ এই দুয়োটা মৌলিক প্রশ্ণ অসমৰ উন্নয়ন আৰু ঐতিহ্যৰ লগত সাঙোৰ খোৱা৷ সত্রৰ ভূমিৰ সুৰক্ষাৰ অর্থ হ’ল সংস্কৃতিৰ শিপা ৰক্ষা কৰাৰ চেষ্টা৷ অসমীয়া জাতিৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিচয়ৰ এটা অবিচ্ছেদ্য অংশ এই বৈষ্ণৱ সত্রসমূহে প্রায় পাঁচ শতিকাজুৰি কেৱল ধর্মীয় কার্যকলাপেই পৰিচালনা কৰা নাই, এই সত্রসমূহে অসমীয়াৰ কলা, সাহিত্য, সংগীত, সত্রীয়া নৃত্য আৰু ভাওনাৰ দৰে নাট্যৰূপসমূহৰ সংৰক্ষণ আৰু বিকাশত এটা প্রতিকূল সময়ৰ মাজতো দীপশিখাৰ দৰে পোহৰ দি আহিছে৷ এক অর্থত সত্রসমূহ অসমৰ প্রাচীনতম সাংস্কৃতিক বিশ্ববিদ্যালয়৷ কিন্তু আধুনিক সময়ৰ জটিল ৰাজনৈতিক–প্রশাসন কাঠামোত সত্রসমূহ বহুদিন ধৰি অৱহেলিত হৈ আছে৷ ভূমি বেদখল, অনিচ্ছাকৃত বা কেতিয়াবা ইচ্ছাকৃত অব্যৱস্থাপনা আৰু পর্যাপ্ত চৰকাৰী পুঁজিৰ অভাৱ– এই সকলো মিলি বহু সত্রক শ্বাসৰুদ্ধ অৱস্থালৈ ঠেলি লৈ গৈছে৷ বেদখলৰ ফলত এই প্রতিষ্ঠানসমূহে নিজৰ আর্থিক আৰু সাংস্কৃতিক আত্মনির্ভৰতা হেৰুৱাইছে, যাৰ প্রভাৱ পৰিছে কার্যকলাপ আৰু পৰম্পৰাগত অনুশীলনত৷ এই প্রেক্ষাপটত ‘অসম সত্র সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক– ২০২৫’ গ্রহণ কৰাটো নিঃসন্দেহে ৰাজ্য চৰকাৰৰ গুৰুত্বপূর্ণ আৰু ঐতিহাসিক পদক্ষেপ৷ সত্রসমূহ বেদখলমুক্ত কৰাৰ দায়িত্ব, সাংস্কৃতিক সম্পদ সংৰক্ষণ আৰু এক নির্দিষ্ট আইনগত সংস্থা গঠনৰ প্রস্তাৱ– এই সকলো দিশে এই বিধেয়কে নতুন আশাৰ সঞ্চাৰ কৰিছে৷ ই প্রথমবাৰৰ বাবে সত্রসমূহৰ সমস্যাক বিচ্ছিন্ন ঘটনা নহয়, এক সামাজিক সমস্যা হিচাপে চাবলৈ চেষ্টা কৰিছে৷ এই আইনৰ সাফল্য কেৱল কাগজত নহয়, মাটিত প্রতিফলিত হ’ব লাগিব৷
ইয়াৰ সমান্তৰালভাৱে সত্রসমূহত থকা সাহিত্য–শিল্পকর্মৰো সম্পূর্ণ ডিজিটাইজেচনেৰে সংৰক্ষণ কৰি গৱেষক আৰু সাধাৰণ জনতাৰ বাবে সহজলভ্য কৰি তুলিলেহে এই ঐতিহ্য জীৱন্ত থাকিব৷ লগতে সত্রসমূহক কেৱল পর্যটনস্থলী হিচাপে নহয়, সংগীত, নৃত্য আৰু নাট্যৰ গৱেষণা আৰু প্রশিক্ষণ কেন্দ্র হিচাপে গঢ়ি তোলাটোও সময়ৰ দাবী৷ অসমৰ জাতিগত পৰিচয়ৰ আটাইতকৈ মজবুত স্তম্ভ অসমীয়া ভাষাই কিন্তু বিশ্বায়নৰ দ্রুত প্রৱাহ আৰু নগৰীয়া জীৱনৰ চাপত লাহে লাহে নিজৰ স্থান হেৰুৱাইছে বুলি গভীৰ উৎকণ্ঠাৰ সৃষ্টি আৰু আলোচনা হৈছে৷ চাকৰি, শিক্ষা আৰু অর্থনৈতিক সুযোগৰ লগত ভাষাৰ সম্পর্ক স্থাপিত হোৱাৰ ফলত নতুন প্রজন্মৰ বহুতে মাতৃভাষাক অকল আৱেগৰ বিষয় বুলি গণ্য কৰি ব্যৱহাৰৰ ক্ষেত্রত অৱহেলা কৰিবলৈ ধৰিছে৷ এই উদ্বেগৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে প্রণয়ন কৰা ‘দ্য আছামিজ লেংগুৱেজ লার্নিং এক্ট–২০২০’ নিঃসন্দেহে এটা প্রয়োজনীয় পদক্ষেপ৷ একেদৰে চৰকাৰী জাননীসমূহ অসমীয়া আৰু ইংৰাজীত প্রকাশ কৰাৰ সিদ্ধান্তই প্রশাসনিক স্তৰত ভাষাৰ মর্যাদা প্রতিষ্ঠা কৰাৰ ক্ষেত্রত সহায় কৰিব৷ কিন্তু ভাষা কেৱল এটা বাধ্যতামূলক বিষয় হ’ব নোৱাৰে৷ ভাষা যদি আনন্দ, প্রয়োজন আৰু বোধৰ উৎস নহয়, তেন্তে ই কেতিয়াও টিকি নাথাকে৷ সত্রৰ ভূমি, ইয়াৰ ঐতিহ্য আৰু ভাষাৰ শক্তি সুৰক্ষিত হৈ থাকিলেহে অসমৰ উন্নয়নৰ ছবিখন দৃঢ়ভাৱে জিলিকি থাকিব৷ এই সন্তুলনৰ দায়িত্ব কেৱল চৰকাৰৰ নহয়, আমাৰ সকলোৰে৷ সংস্কৃতি বচাবলৈ কেৱল ভাষণ আৰু শ্ল’গান নহয়, নীতি, সচেতনতা আৰু সদিচ্ছাৰো প্রয়োজন৷ ৰাজ্যৰ পৰিকাঠামো ক্ষেত্রখনৰ উন্নয়ন হ’বই লাগিব, কিন্তু তাৰ সমান্তৰালভাৱে ঐতিহ্য আৰু সাংস্কৃতিক সম্পদৰো সুৰক্ষা নিশ্চিত হ’ব লাগিব৷