নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল মিডিয়া কোড

তথ্য–প্রযুক্তিৰ উত্তৰণৰ হাতত ধৰি মানৱ সভ্যতাই ইতিমধ্যে এটা নতুন যুগত প্রৱেশ কৰিছে৷ সেয়া হ’ল সামাজিক মাধ্যমৰ যুগ৷ মানৱ সভ্যতাক ইয়াৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিককে ধৰি সকলো ক্ষেত্রতে ইতিমধ্যে কিমান প্রভাৱ পৰিছে বা মানৱ জীৱন কিমান নির্ভৰশীল হৈ পৰিছে, সেয়া নতুনকৈ নক’লেও চলে৷ মাথোঁ ইমানকে ক’ব পাৰি যে বিশ্বৰ কোটি কোটি লোকৰ বাবে সামাজিক মাধ্যম হৈ পৰিছে প্রাত্যহিক জীৱনৰ এক এৰাব নোৱৰা অংগ৷ ইয়াৰ সৈতে যুক্ত হৈ পৰিছে ব্যৱসায়–বাণিজ্য, সামাজিক–র্থনৈতিক, ৰাজনৈতিক ক্ষেত্রখন৷ কিন্তু ই মানৱ সমাজলৈ এটা ভয়াৱহ বিপদো কঢ়িয়াই আনিছে৷ সেয়া হ’ল ডিজিটেল সংবাদ জগত৷ কোনো ধৰণৰ চৰকাৰী পঞ্জীয়ন অবিহনেই নিশাৰ ভিতৰতে প্রকাশক, সম্পাদক, সাংবাদিক হৈ একাংশই ভুৱা বাতৰি, দেশৰ সার্বভৌমত্বক ক্ষতি কৰিব পৰা বিষয় আদি সম্প্রচাৰ কৰি মানৱ সভ্যতালৈ ভয়ংকৰ বার্তা কঢ়িয়াই আনিছে৷ সেয়ে কেন্দ্রীয় চৰকাৰে ডিজিটেল সংবাদ জগতখনক ইয়াৰ পৰা মুক্ত কৰি ৰাখিবলৈ বৃহস্পতিবাৰে ডিজিটেল মিডিয়া এথিক্ছ কোড ঘোষণা কৰে৷ দুই কেন্দ্রীয় মন্ত্রী ৰবিশংকৰ প্রসাদ আৰু প্রকাশ জাৱেৰকাৰে এই সন্দর্ভত কেন্দ্রীয় চৰকাৰৰ নতুন নীতি ঘোষণা কৰি ডিজিটেল সংবাদ গোষ্ঠী, ৱেব প’র্টেলৰ বাবে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷ অৱশ্যে নতুন বিধিত পঞ্জীয়নত গুৰুত্ব নিদি তথ্যত গুৰুত্ব দিয়া হৈছে৷ লগতে সংশ্লিষ্ট পক্ষক নিজাববীয়াকৈ নীতিনিষ্ঠ হোৱাত গুৰুত্ব দিয়া হৈছে৷ নতুন গাইড লাইনত প্রধানতঃ তিনিটা বিষয়ত চৰকাৰে জোৰ দিছে৷ তাৰে প্রথমটো হ’ল, প্রতিটো গোষ্ঠীয়ে এজন মুখ্য অভিযোগ বিষয়া নিযুক্তি দিব লাগিব৷ এজন ন’ডেল বিষয়া আৰু অভিযোগ নিষ্পত্তিৰ অর্থে এজন বিষয়া নিযুক্তি দিব লাগিব৷ ইয়াৰ জৰিয়তে জনসাধাৰণৰ আপত্তি–ভিযোগ ২৪ ঘণ্টাত গ্রহণ কৰি ১৫ দিনত নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰিব লাগিব৷ প্রতি মাহে প্রতিবেদন প্রকাশ কৰি কিমান অভিযোগ লাভ কৰিলে আৰু তাৰ বিপৰীতে কি কি ব্যৱস্থা গ্রহণ কৰা হ’ল, তাৰ বিৱৰণ দিব লাগিব৷ তদুপৰি ৱেব প’র্টেল বা ডিজিটেল সংবাদত পক্ষসমূহৰ বিস্তৃত বিৱৰণ উল্লেখ থাকিব লাগিব৷
এইটো সকলোৱে জনা কথা যে বিশ্বত প্রতিদিনে সামাজিক যোগসূত্রৰ মাধ্যমত ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ সংখ্যাটোৰ বৃদ্ধিৰ লগতে ব্যৱসায়–বাণিজ্য, ৰাজনীতি, সামাজিক–সাংস্কৃতিক উত্তৰণ আদিতো ইয়াৰ গুৰুত্ব আৰু ভূমিকা বৃদ্ধি পাবলৈ ধৰিছে৷ অনাগত দিনত ইয়াৰ গুৰুত্ব অধিক বৃদ্ধি পাব, তাত কোনো সন্দেহ নাই৷ এই প্রেক্ষাপটত সামাজিক মাধ্যমৰ জৰিয়তে সংবাদ ক্ষেত্রখনত প্রৱেশ কৰা ৱেব প’র্টেল আদিৰো নিয়ন্ত্রণ জৰুৰী হৈ পৰিছে৷ ছপা সংবাদ মাধ্যমৰ বাবে চৰকাৰী বিধি ইতিপূর্বে আছে৷ কিন্তু ডিজিটেল মাধ্যমৰ বাবে এতিয়ালৈকে তেনে কোনো চৰকাৰী বাধ্যবাধকতা নাই৷ সেয়ে কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ গ্রহণ কৰা নীতিয়ে ক্ষেত্রখন জনসাধাৰণৰ হিতৰ সপক্ষে লৈ যোৱাত যথেষ্ট সহায় কৰিব৷ ইয়াৰ বাবে দেশত দীর্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছিল৷ অৱশেষত কিছু কঠোৰ নিয়মেৰে চৰকাৰ আগবাঢ়ি আহিল৷ সামাজিক মাধ্যমে ভাৰতত কিদৰে শিপাইছে, সেয়া চৰকাৰী পৰিসংখ্যাতে ওলাই পৰিছে৷ চৰকাৰী তথ্য অনুসৰি, ভাৰতত হোৱাটছএপ ব্যৱহাৰকাৰীৰ সংখ্যা ৫৩ কোটি৷ ইউটিউব, ফেচবুক, ইনষ্টাগ্রাম আৰু টুইটাৰৰ সেই সংখ্যাটো ক্রমে ৪৪.৮ কোটি, ৪১ কোটি, ২১ কোটি আৰু ১.৭৫ কোটি৷ এই বৃহৎ সংখ্যাটো বেহা–বাণিজ্যকে ধৰি যিকোনো পক্ষৰ বাবে লোভজনক৷ উগ্রপন্থী, সন্ত্রাসবাদী, অপৰাধী চক্র, দেশদ্রোহী আদিৰ বাবেও লোভজনক৷ তেওঁলোকে কোটি কোটি লোকৰ মাজত নিজৰ প্রভাৱ বিস্তাৰ কৰিব পাৰে নতুবা দেশখনক ক্ষতি কৰিব পৰাকৈ ব্যৱহাৰ কৰিব বিচাৰিব পাৰে বা বিচাৰিবই৷ এইক্ষেত্রত চৰকাৰী নীতি–নিয়মৰ আৱশ্যকতাক কোনেও নুই কৰিব নোৱাৰে৷

You might also like