নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাম্প্রদায়িক ৰাজনীতিৰ নতুন ৰূপ

অৱশেষত চূড়ান্ত হ’ল কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা৷ সমাগত বিধানসভা নির্বাচনত মহাজোঁট বন্ধনৰ জৰিয়তে দিছপুৰ দখলৰ স্বপ্ণ ৰচনা কৰা কংগ্রেছৰ এই মিত্রতাই দলটোক নির্বাচনত কিমানখিনি সাফল্য প্রদান কৰিব, এতিয়া তাক লৈ ৰাজ্যজুৰি উদয় হৈছে বিভিন্ন প্রশ্ণ৷ অৱশ্যে ইয়াৰ কাৰণো নথকা নহয়৷ এ আই ইউ ডি এফৰে মিত্রতাৰ দিশত আগবাঢ়োঁতেই দলটোৱে আভ্যন্তৰীণ কন্দলৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কিন্তু উজনি অসমৰ অধিকাংশ কংগ্রেছ নেতা–কর্মীৰ বিপৰীতে গৈ মিত্রতা চূড়ান্ত হোৱাৰ দিনটোত সেই কন্দলৰ বিস্ফোৰণ ঘটে৷ মূলতঃ উজনি অসমৰ কেইবাগৰাকী বিধায়ক তথা প্রাক্তন বিধায়কে ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰি মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ সৈতে একেলগে মিলি নির্বাচনত অৱতীর্ণ হোৱাৰ বিৰোধিতা কৰে৷ ইয়াৰ সৰল অর্থটো হ’ল এ আই ইউ ডি এফৰে মিত্রতা কৰা মানে উজনিত দলটো সংকটত পৰা৷ অকল এয়াই নহয়, নামনি আৰু মধ্য অসমতো ৰাজনৈতিক ভৱিষ্যতৰ সংশয়ত ভুগিছে কংগ্রেছৰ কেইবাগৰাকী বিধায়ক আৰু প্রাক্তন বিধায়ক তথা জনপ্রতিনিধি হোৱাৰ মন মেলা বহু নেতা৷ তেওঁলোকৰ সংশয়ৰ মূল কাৰণ সংখ্যালঘু অধ্যুষিত সমষ্টিকেইটা মিত্রতাৰ নামত এ আই ইউ ডি এফক এৰি দিয়া হ’ব নেকি? কিয়নো নামনি আৰু মধ্য অসমৰ বহু সমষ্টিত কংগ্রেছৰ বিধায়ক থকাৰ লগতে সম্ভাৱনাৰে পৰিপূর্ণ কেইটামান সমষ্টিও আছে৷ সেই সমষ্টিকেইটা যদি এ আই ইউ ডি এফক এৰি দিয়া হয়, তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাৰ দিশে গতি কৰিব৷ একেদৰে বৰাক উপত্যকাতো কংগ্রেছৰ বহু নেতা শংকিত হৈ পৰাৰ খবৰ ওলাইছে৷ অর্থাৎ এ আই ইউ ডি এফৰ সৈতে মিত্রতাই কংগ্রেছক লাভান্বিত কৰাৰ বিপৰীতে ক্ষতি কৰাৰ সম্ভাৱনাহে অধিক৷ ২০০৬ৰ বিধানসভা নির্বাচনৰ পূর্বে কি পৰিস্থিতিত বদৰুদ্দিন আজমলৰ নেতৃত্বত এ আই ইউ ডি এফৰ গঠন হৈছিল সেয়া ৰাজনীতিৰ সামান্য ভু ৰখাসকলে ভালদৰে জানে৷ আই এম ডি টি আইনখন উচ্চতম ন্যায়ালয়ে বাতিল কৰাৰ পিছত বাংলাদেশী মূলৰ মুছলমানসকলৰ মাজত নিৰাপত্তাহীন এক পৰিস্থিতিৰ সৃষ্টি কৰি জন্ম দিয়া হৈছিল দলটোক৷ ঘাইকৈ বাংলাদেশী মুছলমানৰ সমর্থনক মূল ভৰসা ৰূপে গ্রহণ কৰা দলটোৱে বিগত ডেৰ দশকত ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিত বিশেষ প্রভাৱ বিস্তাৰ কৰিছে৷ বিজেপিৰ হিন্দুত্বৰ ৰাজনীতিৰ বিপৰীতে গৈ কংগ্রেছে আজমল নেতৃত্বাধীন দলটোৰ সংগ লোৱাৰ লগে লগে অসমত কংগ্রেছৰ ধর্মনিৰপেক্ষ চৰিত্রত বহু পৰিমাণে আঘাত হোৱাৰ শংকা ঘনীভূত৷ ইয়াৰ লগে লগে কংগ্রেছে বিজেপিবিৰোধী খিলঞ্জীয়া লোকৰ সমর্থন বহু পৰিমাণে হেৰুওৱাৰ আশংকাও নথকা নহয়৷
কংগ্রেছৰ বাবে এটা ডাঙৰ সমস্যা হ’ল উজনি অসমৰ সমষ্টিকেইটা৷ প্রয়াত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্রী হৈ থকালৈকে কংগ্রেছৰ ৰাজনৈতিক সাফল্য মূলতঃ দুটা বিশেষ জনসমষ্টিৰ সমর্থনৰ ওপৰত নির্ভৰ কৰিছিল৷ পৰৱর্তী কালত অগপৰ চৰম ব্যর্থতাই কংগ্রেছক উজনি অসমত জনসমর্থনৰ এটা নতুন ক্ষেত্র উলিয়াই দিছিল৷ সেই ভেটিটো অক্ষত হৈ নাথাকিলে কংগ্রেছৰ বাবে দিছপুৰ দখল সহজ নহ’ব৷ এই কথাটো উজনি অসমৰ কংগ্রেছ নেতাসকলে মর্মে মর্মে উপলব্ধি কৰে৷ সেই বাবেই এ আই ইউ ডি এফৰ সৈতে মিত্রতাক প্রথমে উজনি অসমত নাকচ কৰা হয়৷ আনহাতে, দুয়োটা দলৰ মিত্রতাই বিৰোধী পক্ষ অর্থাৎ বিজেপিক এটা সুযোগ আনি দিলে৷ এনেয়েও উজনি অসমৰ চাহ জনগোষ্ঠীয় লোকৰ মাজত বিজেপিৰ সাংগঠনিক প্রসাৰ আৰু সমর্থন অভূতপূর্ব হাৰত বৃদ্ধি পাইছে৷ এই প্রেক্ষাপটত বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ সৈতে মিত্রতাই কংগ্রেছক যদি শ’লঠেকত পেলায়, তাত আচৰিত হ’বলৈ একো নাথাকিব৷ অৱশ্যে অসমৰ ৰাজনীতি অকল উজনি অসমৰ সমষ্টিকেইটাক কেন্দ্র কৰি ঘূৰি থকা নাই৷ নাগৰিকত্ব সংশোধনী আইনকে ধৰি কেইবাটাও বিষয়ৰ বাবে বৰাক উপত্যকাৰ ৰাজনীতি সলনি হৈছে৷ পৰিৱর্তিত ৰাজনৈতিক প্রেক্ষাপটত বৰাক উপত্যকাত কংগ্রেছৰ প্রাসংগিকতাই প্রশ্ণৰ সন্মুখীন হৈছে৷ একেদৰে নামনি আৰু মধ্য অসমতো কংগ্রেছৰ স্থিতি আগৰ দৰে নাই৷ বি টি এ ডি অঞ্চলৰ বিধানসভা সমষ্টিকেইটাত কংগ্রেছৰ শক্তি তেনেই দুর্বল হৈ পৰিছে৷ এতিয়া এ আই ইউ ডি এফৰে মিলি বিধানসভা নির্বাচনত অৱতীর্ণ হ’লে আন আন জিলাতো দলটোৱে প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়াত পৰিব পাৰে৷ লগতে ধর্মনিৰপেক্ষ দল হিচাপে জাহিৰ কৰা কংগ্রেছক যদি কোনোৱে সেইটোক লৈ প্রশ্ণ কৰে, তাৰ পতিয়নযোগ্য উত্তৰ দলটোৱে দিব পাৰিবনে? কিয়নো জন্মলগ্ণৰে পৰা এটা বিশেষ জনসমষ্টিৰ ভোটক লৈ ৰাজনীতি কৰি অহা এ আই ইউ ডি এফক এটা সাম্প্রদায়িক দল বুলিয়েই অসমৰ বহু লোকে গণ্য কৰে৷ কংগ্রেছে দলটোৰ সৈতে মিত্রতাত আবদ্ধ হোৱাৰ কাৰণো সেইটো বুলি কংগ্রেছৰে একাংশই মুকলিকৈয়ে প্রকাশ কৰি আহিছে৷ অর্থাৎ এ আই ইউ ডি এফে যিটো জনসমষ্টিক লৈ ৰাজনীতি কৰি আহিছে, সেই লোকসকলৰ ভোট কংগ্রেছক লাগে৷ এতিয়া সময়েহে ক’ব এ আই ইউ ডি এফৰ সৈতে মিত্রতাই কংগ্রেছক প্রকৃতার্থত কি দিয়ে?

You might also like