নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নির্বাচন, ছ’চিয়েল মিডিয়া আৰু ভুৱা তথ্যৰ অদৃশ্য যুদ্ধ

এসময়ত নির্বাচন মানেই আছিল গাঁও বা চহৰখনৰ নির্দিষ্ট ঠাইত হোৱা খোলা সভা, মঞ্চৰ পৰা দিয়া সন্মোহনী ভাষণ, কাগজত ছপা কৰা প্রতিশ্রুতি৷ এফালে কেইবাজনো প্রার্থী আৰু তেওঁলোকৰ সমর্থক, আনফালে একেখিনি ভোটাৰ৷

আজিৰ দিনত নির্বাচনী যুদ্ধৰ সেই দৃশ্য প্রায় স্মৃতি৷ নির্বাচনৰ প্রধান মঞ্চ এতিয়া ম’বাইল ফোনৰ স্ক্রীন৷ ফেচবুক, হোৱাট্ছএপ, ইউটিউব– এইবোৰেই আজিৰ ৰাজনীতিৰ প্রধান যুদ্ধক্ষেত্র৷ কিন্তু এই যুদ্ধ তথ্যৰ নহয়, এই যুদ্ধ হ’ল মনৰ, আৱেগৰ আৰু ভয়ৰ৷

ছ’চিয়েল মিডিয়াই নির্বাচনী ৰাজনীতিক জনসংযোগৰ পৰা মনোবৈজ্ঞানিক কৌশললৈ ৰূপান্তৰ কৰিছে৷ আজিৰ ৰাজনৈতিক কণ্টেণ্টৰ লক্ষ্য মানুহক জানিবলৈ সহায় কৰা নহয়, মানুহক কিবা এটা অনুভৱ কৰাবলৈ বাধ্য কৰাটোহে৷ শুনিবলৈ বেয়া লাগিলেও খং, ভয়, গৌৰৱ, ঘৃণা এইবোৰেই নির্বাচনত নতুন নতুন অস্ত্র হিচাপে ব্যৱহৃত হৈছে৷

অসমতো বিগত দুটামান নির্বাচনত এই পৰিৱর্তন স্পষ্ট হৈ পৰিছিল৷ এটা সৰু ভিডিঅ’, এটা অ’ডিঅ’ ক্লিপ বা এখন আৱেগিক প’ষ্টে একেটা নিশাতে হাজাৰ হাজাৰ মানুহৰ মত সলনি কৰি দিব পাৰে৷ এই শক্তিশালী প্রচাৰ ব্যৱস্থাৰ অংশৰ ৰূপত সোমাই পৰিছে ভুৱা তথ্য আৰু আধা সত্য৷ ই নির্বাচনী প্রচাৰৰ পৰিৱেশটোক বিষাক্ত কৰি তুলিছে৷

বেছিভাগ ভুৱা খবৰ সম্পূর্ণ মিছা নহয়, তাত কিছুমান সত্যৰ টুকুৰা থাকে, কিন্তু সেই সত্যক এনেদৰে উপস্থাপন কৰা হয় যে তাৰ অর্থ বেয়া হৈ পৰে৷ অসমত নাগৰিকত্ব, অনুপ্রৱেশ, বান বা উন্নয়ন বিষয়ক বহু খবৰ এনেদৰেই ছ’চিয়েল মিডিয়াত ঘূৰি ফুৰে৷

এইবোৰ প্রচাৰৰ মাজত সাধাৰণ ভোটাৰ বিভ্রান্ত হৈ পৰাৰ সম্ভাৱনা থাকে৷ কোনটো বিশ্বাস কৰিব, কোনটো নকৰিব, সেইটো বুজা কঠিন হৈ পৰে৷ এইক্ষেত্রত হোৱাট্ছএপ বিশেষভাৱে বিপজ্জনক৷ এতিয়াও অসমত বহু লোকৰ বাবে হোৱাট্ছএপেই প্রধান সংবাদ সূত্র৷ ‘ফৰৱার্ড হৈ আহিছে’ মানেই যেন সমর্থিত সত্য৷

নির্বাচনৰ সময়ত এই ‘হোৱাট্ছএপ বিশ্ববিদ্যালয়’ পূর্ণগতিত চলে৷ কিছুমান অ’ডিঅ’ ক্লিপ, যাৰ উৎস সন্দেহজনক কিন্তু শুনি ভাল লাগে, বহু মানুহে সেইবোৰ উৎসাহেৰে ফৰৱার্ড কৰে৷ শিক্ষিত লোকো এই জালত পৰে৷ ফলত ভুৱা তথ্য গাঁৱৰ পৰা চহৰলৈ, ঘৰৰ পৰা ঘৰলৈ বিয়পি পৰে৷

নতুন প্রযুক্তিয়ে এই বিপদআৰু গভীৰ কৰি তুলিছে৷ এ আই নির্মিত ভিডিঅ’ই সঁচা–মিছাৰ সীমাৰেখা মচি পেলাইছে৷ বিভিন্ন জনাজাত লোকৰ ভিডিঅ’ত তেওঁলোকৰ কণ্ঠৰ সংলাপ সংযোজন কৰি দিয়া হৈছে, যিবোৰ কৃত্রিমভাৱে নির্মিত বুলি ধৰিবলৈ কঠিন হয়৷

কিছুদিনৰ আগতে সঞ্চয় প্রসংগত এনেকুৱা কিছুমান ভিডিঅ’ বিশ্বাসযোগ্য ৰূপত প্রচাৰ কৰা হৈছিল৷ ৰাজনীতিৰ ক্ষেত্রতো অসমতো কিছুমান সন্দেহজনক ভিডিঅ’ ছ’চিয়েল মিডিয়াত দেখা গৈছে, যিবোৰ পিছত সম্পাদিত বুলি ধৰা পৰিছে৷ ধৰা পৰে, কিন্তু তেতিয়ালৈ বহু ক্ষতি হৈ যায়৷

মানুহৰ মনত সন্দেহৰ যি বীজ মেলি দিয়া হয়, সেই বীজে সহজেই বিকাশ লাভ কৰে৷ ছ’চিয়েল মিডিয়াই ধর্ম, জাতি আৰু পৰিচয়ক কেন্দ্র কৰি ভুৱা বাক্ধাৰা তৈয়াৰ কৰাটোও সহজ কৰি তুলিছে৷ অসম বহু জাতি–গোষ্ঠীৰ সহাৱস্থানৰ ভূমি৷

কিন্তু নির্বাচনী সময়ত এই বহুত্বক বিভাজনৰ অস্ত্র হিচাপে ব্যৱহাৰ কৰা হয়৷ ‘আমি’ আৰু ‘তেওঁলোক’ এই বিভাজন ছ’চিয়েল মিডিয়াত বাৰে বাৰে উত্থাপন কৰা হয়৷ ইয়াৰ আঁৰত ছ’চিয়েল মিডিয়া প্লেটফর্মৰ এলগৰিডমৰো ভূমিকা আছে৷ এই এলগৰিডমে সত্যক নহয়, উত্তেজনাকহে পুৰস্কৃত কৰে৷ যিটো প’ষ্টে বেছি খং বা ভয়ৰ সৃষ্টি কৰে, সেইটোৱেই বেছি মানুহলৈ আগবাঢ়ি যায়৷

শান্ত, যুক্তিপূর্ণ লেখা সাধাৰণতে হেৰাই যায়৷ অসমত নির্বাচনৰ সময়ত এই এলগৰিডমিক পক্ষপাত স্পষ্ট হৈ উঠে৷ নির্বাচন আয়োগে আচৰণবিধি জাৰি কৰে, কিন্তু ছ’চিয়েল মিডিয়াত সেইবোৰ প্রায়েই অর্থহীন হৈ পৰে৷ নির্বাচনী প্রচাৰৰ অন্তৰ পিছতো ফেচবুক লাহভ বা হোৱাট্ছএপ বার্তা চলি থাকে৷ নিয়ম কোনে ভংগ কৰিলে, কেনেকৈ প্রমাণ কৰিব এইবোৰ জটিল কথা৷

ফলত ডিজিটেল জগতখন এখন ধূসৰ অঞ্চল হৈ থাকে, য’ত নিয়ম থাকিলেও প্রয়োগ সীমিত৷ এই সকলোৰে ফলত গণতান্ত্রিক সিদ্ধান্ত ভ্রান্ত ভিত্তিত স্থাপন হ’বলৈ আগবাঢ়ে৷ গণতন্ত্রত ভোট মানে সচেতন সিদ্ধান্ত৷ কিন্তু যদি সেই সিদ্ধান্ত ভুৱা তথ্যৰ ওপৰত নির্ভৰ কৰে, তেন্তে গণতন্ত্রৰ আত্মাই আঘাত পায়৷

ছ’চিয়েল মিডিয়াৰ এই বিড়ম্বনা কেৱল এটা নির্বাচনৰ সমস্যা নহয়, এইটো গণতন্ত্রৰ ভৱিষ্যতৰ প্রশ্ন৷ এই পৰিস্থিতিত আহন আৰু নিয়ন্ত্রণ প্রয়োজনীয়, কিন্তু যথেষ্ট নহয়৷ আটাহতকৈ গুৰুত্বপূর্ণ হৈছে সচেতন ভোটাৰ৷ মিডিয়া সাক্ষৰতা খবৰ পঢ়িবলৈ, শুনিবলৈ আৰু বুজিবলৈ শিকাটো আজিৰ দিনত গণতান্ত্রিক দায়িত্ব৷

অসমত বিদ্যালয়, মহাবিদ্যালয়, সংবাদ মাধ্যম সকলোৱে এই দায়িত্ব ল’ব লাগিব৷ নির্বাচন মাথোঁ ভোটদানৰ দিন নহয়, ই এক চিন্তাৰ প্রক্রিয়া৷ সেই চিন্তাক সুৰক্ষিত ৰাখিব পাৰিলেহে গণতন্ত্র সুৰক্ষিত হৈ থাকিব৷ এই দায়িত্ব সমাজৰ সকলোৰে৷

You might also like