নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ লাখ টকাৰ জৰিমনা কেকেআৰৰ অধিনায়ক শ্রেয়াছ আয়াৰক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ এপ্ৰিলঃ ইডেন গার্ডেনত ২২৩ ৰান কৰিও ৰাজস্থান ৰয়েলছৰ হাতত পৰাজয় স্বীকাৰ কৰিলে কলকাতা নাইট ৰাইডার্ছে৷ মঙলবাৰে অনুষ্ঠিত আইপিএলৰ মেচখনত পৰাজয়ৰ পিছতে কলকাতা নাইট ৰাইডার্ছৰ অধিনায়ক শ্রেয়াছ আয়াৰক জৰিমনা বিহা হয়৷ ধীৰ গতিত বলিং কৰাৰ অপৰাধত কে কে আৰৰ অধিনায়কগৰাকীক ১২ লাখ টকাৰ জৰিমনা বিহে আইপিএল কর্তৃপক্ষই৷ নির্ধাৰিত সময়ত ২০ অভাৰ সম্পূর্ণ কৰিব নোৱাৰিলে নাইট ৰাইডার্ছে৷ চলিত প্রতিযোগিতাখনত পুনৰ একেই অপৰাধ কৰিলে জৰিমনাৰ ধন বৃদ্ধি পাব শ্রেয়াছৰ৷ উল্লেখ্য যে মেচখনত প্রথমে বেট ধৰি কলকাতাই সুনীল নাৰিনৰ শতকৰ সহায়ত ২২৩ ৰান সংগ্রহ কৰাৰ প্রত্যুত্তৰত জ’ছ বাটলাৰৰ বিস্ফোৰক অপৰাজিত শতকৰ সহায়ত ৰাজস্থান ৰয়েলছে ৮টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷

You might also like