নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : এয়া ঐক্যবদ্ধ খিলঞ্জীয়াৰ জয়

একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএৰ অংশীদাৰ দলসমূহক দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত কৰাৰ জনাদেশ প্রদান কৰিলে অসমবাসীয়ে৷ ২০১১ৰ বিধানসভা নির্বাচনত বিজেপিৰ মাথোঁ পাঁচজন প্রার্থী বিজয়ী হৈছিল৷ ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিয়ে ৬০খন আসনত জয়লাভ কৰি প্রথমবাৰৰ বাবে ৰাজ্যখনৰ ক্ষমতাত অধিষ্ঠিত হৈছিল৷ ২০২১ৰ বিধানসভা নির্বাচনত বিজেপিয়ে ৬০খন আসন লাভ কৰি সহযোগী অগপ আৰু ইউপিপিএলৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ পৰৱর্তী সময়ত উপ–নির্বাচনৰ জৰিয়তে চাৰিখন আসনত বিজয় সাব্যস্ত কৰা বিজেপিৰ বিধায়কৰ সংখ্যা ৬৪গৰাকী হৈছিল৷ চলিত ষষ্ঠদশ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ অংশীদাৰৰূপে অসম গণ পৰিষদ আৰু বিপিএফৰ প্রত্যক্ষ মিত্রতা আছে৷ যোৱা বিধানসভা নির্বাচনত এনডিএৰ অংশীদাৰ ইউপিপিএল দলে এইবাৰ নিজাববীয়া প্রার্থী থিয় কৰাইছে যদিও এনডিএৰ অংশীদাৰ হৈয়ে আছে৷ চলিত বিধানসভা নির্বাচনত বিজেপি তথা এনডিএই অভূতপূর্ব জনাদেশ লাভ কৰিছে৷ শাসকীয় পক্ষই চমকপ্রদ সাফল্যৰ জৰিয়তে এনডিএই ক্ষমতা দখলৰ হেটট্রিক কৰিবলৈ সমৰ্থ হৈছে৷ এনডিএৰ এনে চমকপ্রদ সাফল্যই কংগ্রেছকে ধৰি বিৰোধী দলসমূহলৈ তীব্র দুর্যোগ নমাই আনিছে৷ এনডিএৰ সপক্ষে সৃষ্টি হোৱা ঢৌত তচনচ হৈছে বহুকেইজন বিৰোধী নেতাৰ ৰাজনৈতিক ভৱিষ্যৎ৷ আনকি পৰাজিত হৈছে প্রদেশ কংগ্রেছৰ সভাপতি তথা বিৰোধী পক্ষৰ মুখ্যমন্ত্রীৰ প্রার্থী গৌৰৱ গগৈও৷ দুবছৰ পূর্বে লোকসভা নির্বাচনত যোৰহাট সমষ্টিৰ ভোটদাতাই সংসদলৈ নির্বাচিত কৰা গৌৰৱ গগৈক কংগ্রেছ তথা বিৰোধী দলসমূহে মুখ্যমন্ত্রী পদৰ প্রার্থীৰূপে প্রক্ষেপ কৰা সত্ত্বেও সমষ্টিটোৰ ৰাইজে সমর্থন কৰা নাই৷ ইয়াৰ অন্তৰালত কিবোৰ বিষয়ে ক্রিয়া কৰিছে, সেয়া বিৰোধী দলটোৱে আত্মমন্থন নকৰিলে শতিকা পুৰণি দলটোৰ ভৱিষ্যৎ অধিক বিপন্ন হোৱাৰ আশংকা আছে৷ এইবাৰ নির্বাচনত ডিব্রুগড় জিলাৰ খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ পৰাজয়েও বিশেষ বার্তা বহন কৰিছে৷ ‘কা’ আন্দোলনৰ আৱেগক চাবিকাঠী হিচাপে লৈ লুৰিণজ্যোতি গগৈৰ নেতৃত্বত জন্ম হৈছিল অসম জাতীয় পৰিষদ দলটো৷ ঘাইকৈ এনডিএৰ অংশীদাৰ অসম গণ পৰিষদক প্রত্যাহ্বান জনাই ৰাজ্যৰ ৰাজনীতিত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ নতুন ধাৰাৰ প্রৱাহ ঘটাবলৈ লুৰিণজ্যোতি গগৈয়ে বিগত পাঁচ বছৰে চেষ্টা চলাইছে৷ ২০২১ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি লুৰিণজ্যোতি গগৈয়ে প্রথমবাৰৰ বাবে পৰাজিত হৈছিল৷ ২০২৪ৰ লোকসভা নির্বাচনতো পৰাজিত লুৰিণজ্যোতি গগৈয়ে এইবাৰ বিধানসভা নির্বাচনত পৰাজয়ৰ হেটট্রিক স্থাপন কৰিলে৷ দলটোৰ কোনো এগৰাকী প্রার্থীয়ে জয়লাভ কৰিবলৈ সক্ষম নহ’ল৷ ফলত দলটোৰ ভৱিষ্যৎ অন্ধকাৰ হৈ উঠিছে৷

কংগ্রেছে অন্যান্য বিৰোধী দলৰ সৈতে নির্বাচনত মিত্রতা স্থাপন কৰা সত্ত্বেও এনডিএই কিয় অভূতপূর্ব সাফল্য লাভ কৰিলে, সেয়া ৰাজ্যখনৰ ৰাজনীতিৰ বাবে এক নতুন বার্তা৷ দেশৰ স্বৰাজোত্তৰ আঠ দশকত অসমত কোনো ৰাজনৈতিক দলে এনে চমকপ্রদ সাফল্য লাভ কৰাৰ নজিৰ নাই৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ত অনুষ্ঠিত বিধানসভা নির্বাচনতো অগপ দলে ক্ষমতা দখলৰ জোখাৰে একক শক্তি লাভ কৰা নাছিল৷ সাধাৰণতে একেৰাহে দুটা কার্যকাল ক্ষমতাত থকাৰ সময়ত সর্বসাধাৰণ লোকৰ মাজত অধিষ্ঠানবিৰোধী ঢৌৰ উদ্ভৱ হোৱাটো এক সাধাৰণ ঘটনা৷ কিন্তু অসমত বিজেপি নেতৃত্বাধীন এনডিএক একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত কৰাৰ ক্ষেত্রত পূর্বৰ সকলো অভিলেখ ভংগ কৰি অভূতপূর্ব জনাদেশ প্রদান কৰিছে অসমবাসীয়ে৷ এই অভূতপূর্ব জনাদেশৰ ইংগিত নির্বাচনী প্রচাৰৰ সময়তে স্পষ্ট হৈছে৷ এই নির্বাচন আছিল খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ অধিকাৰ প্রতিষ্ঠাৰ সংগ্রাম৷ বাংলাদেশী মূলৰ অনুপ্রৱেশকাৰীয়ে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ভৱিষ্যৎ বিপন্ন কৰিছে৷ আমাৰ ভাষা–সংস্কৃতিৰ প্রতি সৃষ্টি হোৱা ভাবুকিৰ বিৰুদ্ধে মুকলিভাৱে থিয় দিয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক এই নির্বাচনত খিলঞ্জীয়া লোকসকলে ঐক্যবদ্ধভাৱে সমর্থন দিয়াৰ বাবেই এনডিএই এনে অভূতপূর্ব সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ প্রকৃতার্থত এই জনাদেশ বিজেপি অথবা এনডিএৰ অংশীদাৰ দলসমূহৰ জয়ৰ বিপৰীতে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ভৱিষ্যৎ সুৰক্ষাৰ এক মাইলৰ খুঁটি হিচাপে অভিহিত কৰা উচিত৷ বিগত পাঁচ বছৰত ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ অনিৰুদ্ধ যাত্রাই অসমক দেশৰ অন্যতম উন্নত ৰাজ্যত পৰিণত কৰিছে৷ পাঁচ বছৰৰ ভিতৰতে ১.৬৮ লাখ নিবনুৱাৰ স্বচ্ছ চৰকাৰী নিযুক্তি প্রক্রিয়া দেশজুৰি চর্চিত হৈছে৷ অৰুণোদয়ৰ জৰিয়তে ৩৮ লাখ মহিলাক মাহিলি সাহায্য প্রদান আঁচনিয়েও চৰকাৰখনৰ জনসমর্থন বৃদ্ধি কৰিছে৷ ৰাজ্যখনৰ চৰকাৰী আৰু সংৰক্ষিত ভূমিৰ পৰা অবৈধ বেদখলকাৰীসকলক উচ্ছেদৰ জৰিয়তেও চৰকাৰখনে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ ড০ শর্মাই একমাত্র মুখ্যমন্ত্রী, যিজনে মুকলি সভাত ক’ব পাৰে ‘মোক মিঞাৰ ভোট নালাগে৷’ প্রকৃতার্থত চলিত নির্বাচনতো মিঞাই মুখ্যমন্ত্রী ড০ শর্মাক ওফৰাবলৈহে ভোট দিছিল৷ কিন্তু খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ ঐক্যবদ্ধ সমর্থনত মুখ্যমন্ত্রী ড০ শর্মাই জনাদেশৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷

You might also like