নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিপথবিৰোধীৰ তাণ্ডৱত ৰে’ল বিভাগৰ ২৫৯ কোটি টকা ক্ষতি

নিয়মীয়া বাৰ্তা, ২৩ জুলাই:  কেন্দ্রৰ অগ্নিপথ প্রকল্পৰ বিৰুদ্ধে দেশজুৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ এখনৰ পিছত এখনকৈ ৰে’লত অগ্নিসংযোগ কৰিছিল প্রতিবাদকাৰীসকলে৷ ফলত বাতিল কৰিবলগীয়া হয় বহু ৰে’লৰ সেৱা৷ এই অগ্নিপথ তাণ্ডৱত ক্ষতি হৈছে ২৫৯ কোটি টকা৷ লোকসভাত এই তথ্য সদৰী কৰিছে ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে৷ স্মর্তব্য যে যোৱা সোমবাৰৰ পৰা সংসদৰ বর্ষাকালীন অধিৱেশন আৰম্ভ হৈছে৷ বর্ষাকালীন অধিৱেশনত কালি এটা প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে এই তথ্য সদৰী কৰে৷

You might also like