জ্ঞানৰ আকৰ পুথিভঁৰাল
পুথিভঁৰাল সভ্য সমাজৰ অবিচ্ছেদ্য আৰু অপৰিহার্য অংগ৷ জ্ঞানৰ ভাণ্ডাৰ পুথিভঁৰাল বা গ্রন্থাগাৰসমূহে জ্ঞানৰ বিস্তাৰৰ ক্ষেত্রত অপৰিসীম ভূমিকা গ্রহণ কৰে৷ স্থানীয় ভাষা, সাহিত্য আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু প্রচাৰত গ্রন্থাগাৰসমূহে অনবদ্য অৱদান আগবঢ়ায়৷ সাংস্কৃতিক চর্চাৰ অভিকেন্দ্র পুথিভঁৰালসমূহে সাম্প্রতিক তথ্যৰ বিস্ফোৰণৰ যুগত বাস কৰা শিক্ষার্থী সমন্বিতে সচেতন নাগৰিকসকলৰ বাবে এতিয়াও জ্ঞানৰ মূল ভিত্তিৰূপে মূৰ দাঙি আছে৷ গ্রন্থাগাৰ মানেই কেৱল কিতাপৰ ভাণ্ডাৰ নহয়, এইসমূহ হ’ল চিন্তা–চর্চাৰ উর্বৰ ক্ষেত্র৷ জ্ঞানৰ চর্চা আৰু বিকাশৰ ক্ষেত্রত গ্রন্থাগাৰ প্রতিজন মানুহৰ বাবেই গুৰুত্বপূর্ণ৷ বিভিন্ন উদ্ভাৱনী চিন্তাৰ জন্মথলী পুথিভঁৰালত জীৱনৰ সৈতে ইতিহাস বিলীন হৈ পৰে৷ কোৱা হয় যে এখন কিতাপ এশজন বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু সম্পূর্ণ এটা পুথিভঁৰালৰ সমান৷ মানুহৰ হাজাৰ বছৰৰ লিখিত–অলিখিত ইতিহাস লুকাই থাকে পুথিভঁৰালৰ বুকুত৷ শাৰীৰিক অসুস্থতা আঁতৰাবলৈ আমি যেনেকৈ চিকিৎসালয়ৰ শৰণাপন্ন হ’বলগীয়া হয়, ঠিক তেনেদৰে মনৰ অসুস্থতা আঁতৰাবলৈ আমি পুথিভঁৰালৰ আশ্রয় ল’ব পাৰোঁ৷ অন্তহীন জ্ঞানৰ আধাৰ হ’ল গ্রন্থ আৰু গ্রন্থৰ ঘৰ হ’ল পুথিভঁৰাল৷ ইতিহাসৰ পৰা আমি শিকিছোঁ যে কোনো জাতিৰ সভ্যতা–সংস্কৃতিৰ ভাণ্ডাৰ এই পুথিভঁৰালসমূহ যুগে যুগে আক্রমণকাৰীৰ লক্ষ্য হৈ আহিছে৷ প্রাচীন ভাৰতৰ জ্ঞান চর্চাৰ অন্যতম কেন্দ্রস্থল সমগ্র বিশ্বতে জনাজাত হৈ পৰা নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালো আক্রমণকাৰীয়ে ধ্বংস কৰিছিল৷ ইয়াৰ তিনিটা সুবৃহৎ পুথিভঁৰাল (ৰত্নদধি, ৰত্নসাগৰ, ৰত্নৰঞ্জক)ত প্রায় ১ কোটি কিতাপ সংৰক্ষিত হৈ আছিল৷ দ্বাদশ শতিকাত মহম্মদ বখতিয়াৰ খিলজিয়ে নালন্দাত তাণ্ডৱ চলাই পুথিভঁৰালকেইটা ভস্মীভূত কৰে৷ আলেকজেণ্ড্রিয়া, গ্রীচৰ ৰাজধানী এথেন্স আৰু ইৰাক আদিৰ পুথিভঁৰালসমূহো আক্রমণকাৰীয়ে ধ্বংস কৰিছিল৷ বর্তমান অসমৰ পুথিভঁৰালৰ চিত্রখন বৰ নিস্তেজ৷ চৰকাৰী অথবা বেচৰকাৰী পুথিভঁৰালৰ অৱস্থা বৰ শোচনীয়৷ সম্প্রতি ২ শতাধিক গ্রাম্য পুথিভঁৰালে মৃত্যুৰ ক্ষণ গণিছে৷ পুথিভঁৰালসমূহৰ এই দুৰৱস্থাৰ বাবে দায়ী পঢ়ুৱৈসকলেই, কাৰণ আমাৰ সমাজত পঠনৰ অভ্যাস ক্রমাৎ হ্রাস পাই আহিবলৈ ধৰিছে৷ চৰকাৰৰো কৰণীয় আছে যদিও পঢ়ুৱৈ অবিহনে একোটা পুথিভঁৰালৰ আয়ুস নিঃসন্দেহে টুটিব৷
বর্তমান কিতাপ প্রকাশ কৰাটো উজু হ’ল, কিন্তু পঢ়ুৱৈৰ সংখ্যা নাবাঢ়িল৷ বহু শিক্ষিত অসমীয়াই কিতাপ কিনাটো দূৰৈৰ কথা, বাতৰি কাকত এখনো ঘৰত নৰখা হ’ল৷ গতিকে, এই প্রেক্ষাপটত পুথিভঁৰালৰ অৱস্থা কি হ’ব বা হৈছে সেয়া সহজেই অনুমেয়৷ শিক্ষাৰ বিস্তাৰৰ ক্ষেত্রত পাঠকৰ পঢ়া–শুনা, গৱেষণা আৰু জ্ঞান অর্জনৰ বাবে অত্যন্ত সহায়ক পুথিভঁৰালত সামাজিক সমতা পৰিলক্ষিত হয়৷ ধনী–দুখীয়া সকলোকে সমানে প্রৱেশাধিকাৰ প্রদান কৰি পুথিভঁৰালে সমতাৰ নিদর্শন দাঙি ধৰে৷ বিদ্যালয়–মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলৰ বাবে অপৰিহার্য গ্রন্থাগাৰ জীৱন্ত হৈ থকাটো এখন সু–সভ্য সমাজৰ বাবে অতি আৱশ্যকীয়৷ সাম্প্রতিক বিদ্যুৎক্ষিপ্র ডিজিটিল যুগতো গ্রন্থাগাৰৰ গুৰুত্ব বিন্দুমাত্রও হ্রাস পোৱা নাই– বৰঞ্চ বাঢ়িছেহে৷ গ্রন্থাগাৰ কেৱল কিতাপৰ সংগ্রহালয় নহয়, ই হ’ল অতীত আৰু বর্তমানৰ, জ্ঞান আৰু মানুহৰ, সপোন আৰু দিঠকৰ জীৱন্ত সেতু৷ এই সেতু যিমানেই সবল হ’ব সমাজৰ বুদ্ধি–বৃত্তিও ক্রমাৎ বিকশিত হ’ব৷ জনসাধাৰণৰ বিশ্ববিদ্যালয় পুথিভঁৰালত কোনো পৰীক্ষা বা বয়সৰ সীমা নাই অথবা কোনো বৈষম্যও নাই৷ সকলোৱেই ইয়ালৈ জ্ঞানৰ সন্ধানত আহিব পাৰে৷ অথচ অতি দুর্ভাগ্যৰ কথা যে ৰাজ্যত পুথিভঁৰাল আন্দোলনে বিশেষ গতি লাভ কৰা নাই৷ শিক্ষানুষ্ঠানৰ পুথিভঁৰালসমূহ ধূলিৰে ধূসৰিত, য’ত আধুনিক ব্যৱস্থাপনাৰ অভাৱ৷ গাঁও অঞ্চলত অৱস্থা অধিক শোচনীয়৷ সঠিকভাৱে পৰিচালিত একোটা গ্রন্থাগাৰে এখন সমাজক সলাই দিব পাৰে৷ পৃথিৱীৰ বহু উন্নত দেশত গ্রন্থাগাৰক সমাজৰ হূদস্পন্দন বুলি কোৱা হয়৷ আমিও সেই দিশলৈ আগুৱাবৰ হ’ল৷ আমি গ্রন্থাগাৰসমূহ কেৱল আধুনিক কৰিলেই নহ’ব৷ সেইসমূহক আমি আকর্ষণীয় আৰু বন্ধুত্বপূর্ণ কৰি তুলিব লাগিব৷ আজিৰ যুগৰ শিক্ষার্থীক আকর্ষণ কৰিবলৈ প্রয়োজনীয় আধুনিক ডিজিটেল সুবিধা, পঢ়াৰ বাবে আৰামদায়ক সুবিধা, আলোচনা–চক্র, লেখক–সাক্ষাৎকাৰ, কিতাপৰ প্রদর্শনী– সকলো মিলি একোটা প্রাণোচ্ছল সাংস্কৃতিক কেন্দ্র হ’ল গ্রন্থাগাৰ৷ কেৱল এটা বৃহৎ ভৱন অথবা কিতাপৰ ভাণ্ডাৰ হৈ থাকিব নালাগে– ই হ’ব লাগে আলোকসন্ধানী জ্ঞানৰ উপাসনাথলী৷ এটা জাতিৰ সভ্যতাৰ মাপকাঠী পুথিভঁৰালে নির্ণয় কৰিব পাৰে৷ যিখন সমাজে যিমনে বেছি পুথিভঁৰালক উজ্জীৱিত কৰি ৰাখে সেইখন সমাজ সিমানেই সৃষ্টিশীল, সহনশীল আৰু প্রগতিশীল হয়, আমাৰ এনে এখন সমাজেই কাম্য৷