নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলনৰ ‘নিচা’

যিকোনো ন্যায্য দাবীৰ স্বার্থত সেই দাবী শাসকে পূৰণ নকৰিলে উপায়বিহীন হৈ জনতাই আন্দোলনৰ পথ গ্রহণ কৰিব পাৰে৷ এনে দাবীৰ যুক্তিযুক্তিতা আৰু ন্যায্যতা থাকিলে তাৰ দাবীত হোৱা আন্দোলনে ব্যাপক জনসমর্থন লাভ কৰি গণ আন্দোলনৰ ৰূপ পৰিগ্রহ কৰে৷ এনে ন্যায্য আন্দোলনৰ প্রতি নিৰপেক্ষ লোকৰো থাকে নৈতিক সমর্থন৷ সাময়িকভাৱে এনে আন্দোলনত সমাজ এখনৰ ক্ষতি হ’লেও যদি আন্দোলনৰ জৰিয়তে ন্যায্য দাবী পূৰণ হয়, তেন্তে তাৰ দ্বাৰা সমাজ উপকৃত হয়৷ সেই বাবেই আন্দোলন মানেই বিৰোধিতা অথবা তাৰ যুক্তিযুক্তিতা নাকচ কৰিব নোৱাৰি৷ কিন্তু আন্দোলনৰ বাবে যদি আন্দোলন হয় আৰু একাংশ আন্দোলনকাৰীৰ ভাবমূর্তি জীয়াই ৰাখিবৰ বাবেই যদি কোনো আন্দোলন গঢ়ি উঠে, সেই আন্দোলন হৈ পৰে সমাজৰ বাবে সবাতোকৈ ক্ষতিকাৰক৷ আন্দোলনে সমাজ এখনক কৰা ক্ষতি কোনো উপায়েৰে পূৰণ কৰিব পৰা নাযায়৷ যোৱা কেইবাটা দশক ধৰি অসম আন্দোলনৰ এক উর্বৰ ভূমি ৰূপে পৰিগণিত হৈ আহিছে৷ ইয়াৰ আঁৰত আছে একাংশ তথাকথিত নেতাৰ ভাবমূর্তি গঢ়াৰ কৌশল৷ এনে এচাম নেতাৰ বাবে আমাৰ সমাজখনে আন্দোলনৰ বাবে এক দীর্ঘম্যাদী ক্ষতিৰ সন্মুখীন হৈছে৷ শেহতীয়াকৈ দেশত চলি থকা ধাৰাবাহিক কৃষক আন্দোলনৰ পৰিপ্রেক্ষিতত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিতর্কিত তিনিখন কৃষি আইন বাতিল কৰাৰ ঘোষণা কৰিছে৷ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে উভয় সদনৰ সংখ্যাগৰিষ্ঠতাৰ আধাৰত তিনিখনকৈ নতুন কৃষি আইন বলৱৎ কৰাৰ পাছত এই তিনিখন আইন দেশৰ সাধাৰণ কৃষকৰ স্বার্থৰ পৰিপন্থী আৰু পুঁজিপতি গোষ্ঠীৰ সহায়ক বুলি ব্যাপকভাৱে সমালোচিত হৈছিল৷ এই কৃষি আইন সদনত উত্থাপন কৰাৰ পাছতে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্রদেশ আৰু দেশৰ কৃষিপ্রধান ৰাজ্যসমূহৰ কৃষকে দিল্লীত ধাৰাবাহিক কৃষক আন্দোলন অব্যাহত ৰাখিছিল৷ এবছৰতকৈও অধিক কাল এইপর্যন্ত ধাৰাবাহিকভাৱে চলি থকা কৃষকৰ এই আন্দোলনে অৱশেষত কেন্দ্রীয় চৰকাৰক আইন তিনিখন বাতিল কৰিবলৈ বাধ্য কৰাবলৈ সক্ষম হোৱাটো কৃষক আন্দোলনৰ বৃহৎ সফলতা বুলি চিহ্ণিত হৈছে৷ ইয়াৰ আঁৰত আছে দেশৰ কৃষকসকলৰ আপোচবিহীন স্থিতি আৰু ধাৰাবাহিক আন্দোলন চলাই যোৱাৰ মানসিক দৃঢ়তা৷ কৃষকৰ এনে দৃঢ়তাৰ বাবেই অৱশেষত প্রধানমন্ত্রীয়ে ৰাজহুৱাভাৱে কৃষি আইনকেইখন বাতিল কৰাৰ বিষয়টো ঘোষণা কৰিবলৈ বাধ্য হয়৷
দেশৰ কৃষক আন্দোলনৰ এনে সফলতাৰ পাছতেই অসমত এচাম আন্দোলনকামী নেতাই এতিয়া বিতর্কিত ‘কা’ বাতিলৰ দাবীত পুনৰ আন্দোলনৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে কৃষি আইনৰ পূর্বে দেশত ‘কা’ বলৱৎ হৈছিল আৰু ইয়াৰ বিৰুদ্ধে অসমত এক প্রবল গণ আন্দোলন গঢ়ি উঠাৰ সম্ভাৱনা প্রকাশ পাইছিল৷ ‘কা’ৰ বিৰুদ্ধে ৰাজ্যত লাখ লাখ জনতা ৰাজপথলৈ ওলাই আহিছিল৷ কিন্তু ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্বৰ আপোচকামী মনোভাবৰ বাবেই এই আন্দোলনটো কার্যতঃ এটা বিফল আন্দোলন ৰূপে চিহ্ণিত হোৱাই নহয়, উভয় সদনত নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হয়৷ কিন্তু কৃষক আন্দোলনৰ ফলত তিনিখনকৈ কৃষি আইন কেন্দ্রীয় চৰকাৰে বাতিল কৰাৰ ঘোষণাৰ পাছত এতিয়া ৰাজ্যত পুনৰ ‘কা’বিৰোধী আন্দোলন গঢ়ি তোলাৰ ভাবুকি দি সেই সময়ৰ আপোচকামী ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্বই আন্দোলনৰ ‘নিচা’ উন্মোচিত কৰিছে৷ এনে একাংশ নেতাৰ বাবেই যিদৰে ‘কা’বিৰোধী আন্দোলন বিফল হৈছিল, সেইসকল নেতাৰ বাবে এতিয়া আন্দোলনৰ খাতিৰত এটা আন্দোলন গঢ়ি তোলাৰ পথ প্রশস্ত হৈ পৰিছে৷ এনে আন্দোলনে ৰাজ্যৰ সর্বাংগীণ বিকাশৰ পথত প্রধান হেঙাৰ ৰূপে বিবেচিত হৈ আহিছে৷ অসমৰ দৰে ৰাজ্য এখনৰ উত্তৰ ক’ৰোনা কালত এতিয়া আমাৰ বাবে সবাতোকৈ প্রয়োজন অর্থনৈতিক বিকাশৰ পথ মুকলি কৰা৷ তাৰ বিপৰীতে আন্দোলন গঢ়ি তুলি এনে পথ ৰুদ্ধ কৰাটো হ’ব ৰাজ্যখনৰ বাবে আত্মঘাতী পথ৷ সেই বাবেই এতিয়া আমি আন্দোলনৰ নিচাসক্ত এনে নেতাৰ প্রকৃত চৰিত্র বুজি উঠাৰ সময় আহি পৰিছে৷ অন্যথা এচাম পেছাদাৰী আন্দোলনকাৰীয়ে ৰাজ্যৰ সমাজ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিয়াটো নিশ্চিত৷

You might also like