নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ক্রমাৎ হ্রাস পাইছে জনসংখ্যা

ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ ফলাফল

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ জন বিস্ফোৰণৰ পৰা ক্রমাৎ সকাহ লাভ কৰিছে ভাৰতবর্ষই৷ চীনৰ পিছত বিশ্বৰ দ্বিতীয় জনবহুল দেশ হিচাপে চিহ্ণিত ভাৰতত ক্রমাৎ জনসংখ্যা হ্রাস পাবলৈ ধৰিছে৷ ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত এই তথ্য প্রকাশ পাইছে৷ ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষা–৫ৰ দ্বিতীয় পর্যায়ৰ ফলাফল অনুসৰি ভাৰতীয় মহিলাৰ সন্তান জন্মৰ হাৰ দুটা শিশুলৈ হ্রাস পাইছে৷ পাঁচ বছৰ পূর্বৰ সমীক্ষাত দেখিবলৈ পোৱা ২.২ৰ পৰিৱর্তে ২০১৯–২১ৰ ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত ভাৰতীয় মহিলাৰ সন্তান জন্মৰ হাৰ দুইলৈ হ্রাস পাইছে৷

মন কৰিবলগীয়া যে ১৯৯৮–৯৯ত এই সংখ্যা আছিল ৩.২৷ কিন্তু বিগত সময়ছোৱাত স্বাস্থ্য বিভাগে দেশৰ চুকে–কোণে চলোৱা ব্যাপক পৰিয়াল কল্যাণ সজাগতা অভিযানৰ ফলত জনসংখ্যা বৃদ্ধিৰ হাৰ ক্রমাৎ হ্রাস পোৱা দেখিবলৈ পোৱা গৈছে৷ ইফালে, দেশৰ ভিতৰত সবাতোকৈ কম সন্তান জন্মৰ হাৰ দেখিবলৈ পোৱা ৰাজ্য হিচাপে চিহ্ণিত হৈছিল ছিকিম৷ আজি প্রকাশ পোৱা সমীক্ষা অনুসৰি ছিকিমৰ মহিলাৰ সন্তান জন্মৰ হাৰ মাত্র ১.১৷ উত্তৰ প্রদেশ আৰু বিহাৰৰ দৰে জনবহুল ৰাজ্যতো মহিলাৰ সন্তান জন্মৰ হাৰ লক্ষণীয়ভাৱে হ্রাস পোৱা দেখিবলৈ পোৱা গৈছে৷ উত্তৰ প্রদেশত এই হাৰ ২.৭ৰ পৰা ২.৪ আৰু বিহাৰত ৩.৪ৰ পৰা ৩লৈ হ্রাস পাইছে৷ লাডাখৰ দৰে মুছলিম অধূ্যষিত অঞ্চলতো মহিলাৰ সন্তান জন্মৰ হাৰ ২.৩ৰ পৰা ১.৩লৈ হ্রাস পাইছে৷ আনহাতে, ১৮ বছৰ বয়স হোৱাৰ পূর্বেই বিবাহপাশত আবদ্ধ হোৱা মহিলাৰ সংখ্যাও দেশত লক্ষণীয়ভাৱে হ্রাস পোৱা দেখিবলৈ পোৱা গৈছে৷ শেহতীয়া সমীক্ষা অনুসৰি এই হাৰ ২৬.৬ৰ পৰা ২৩.৩লৈ হ্রাস পাইছে৷

You might also like