নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ক’ভিড সংহাৰ

ক’ভিড মহামাৰীয়ে বিগত দুটা বছৰ ধৰি সমগ্র বিশ্বত তাণ্ডৱ সৃষ্টি কৰি আহিছে৷ মহামাৰীৰ পৰিৱর্তিত কেইবাটাও প্রকৰণৰ বাবেই বিগত বছৰ দুটাত বিশ্বজুৰি লাখ লাখ লোকে প্রাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে সামাজিক আৰু আর্থিক ক্ষেত্রলৈ নামি আহিছে অভাৱনীয় বিপর্যয়৷ এই সময়ছোৱাত বিধ্বস্ত হ’ল বহু উৎপাদন ক্ষেত্র৷ বহু কাৰখানা, উদ্যোগলৈ হঠাতে নামি আহিল দেউলীয়াপনা৷ দেশে দেশে কাম হেৰুৱাবলগীয়া হ’ল অসংখ্য লোকে৷ মহামাৰীয়ে যেন সমগ্র পৃথিৱীখনকে আনি দিছে পঙ্গুত্ব৷ এই ভয়াৱহ মহামাৰীৰ পৰা পৰিত্রাণ পাবলৈ চিকিৎসা বিজ্ঞানীসকলে অহৰহ চলাই আহিছে গৱেষণা৷ কেইবাটাও ক’ভিড প্রতিৰোধী ভেকচিন উদ্ভাৱন কৰি উলিওৱা হ’ল৷ কিন্তু মহামাৰীক প্রতিৰোধ কৰাটো সম্ভৱ নহ’ল৷ শেহতীয়াকৈ ক’ভিডৰ পৰিৱর্তিত প্রকৰণ অমিক্রনে বিশ্বজুৰি সৃষ্টি কৰিছে তাণ্ডৱ৷ অমিক্রনৰ সমান্তৰকৈ ইউৰোপীয় দেশ ফ্রান্সত দ্রুত সংক্রমক নতুন প্রকৰণ আইএইচইউৰ দ্বাৰা আক্রান্ত হৈছে বহু লোক৷ লক্ষণীয়ভাৱে যিবোৰ দেশত ক’ভিড মহামাৰী অন্ত পৰিব বুলি আশা কৰা হৈছিল, সেই দেশসমূহত পুনৰ লাখে লাখে লোক সংক্রমিত হ’বলৈ লৈছে৷ আমেৰিকাত এটা দিনৰ ভিতৰতে ১০ লক্ষাধিক লোক নতুনকৈ ক’ভিড মহামাৰীত আক্রান্ত হৈছে৷ ইউৰোপীয় দেশবোৰত দৈনিক সংক্রমণৰ হাৰ বৃদ্ধি পাইছে অতি দ্রুতগতিত৷ ফ্রান্স, ব্রিটেইন আদি দেশত প্রতিদিনে ক’ভিড সংক্রমিত লোকৰ সংখ্যাই ডেৰ লাখ অতিক্রম কৰিছে৷ ইফালে এছিয়া আৰু আফ্রিকাৰ দেশসমূহতো ক’ভিড মহামাৰীৰ নতুন সংহাৰে সৃষ্টি কৰিছে অস্থিৰতা৷ লক্ষণীয়ভাৱে ইউৰোপত ইতিমধ্যে ক’ভিডত সংক্রমিত লোকৰ সংখ্যাই ১০ কোটি অতিক্রম কৰিছে৷ গতিকে মহামাৰীৰ সংক্রমণৰ যি হাৰ সেয়া পূর্বতকৈ অধিক ভয়াৱহ হৈ পৰিছে যে তাক এই তথ্যসমূহেই স্পষ্ট কৰি দিছে৷ মহামাৰীৰ এনে তাণ্ডৱৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ অসহায় অৱস্থা উদঙাই কৈছে যে অমিক্রন প্রকৰণক সহজভাৱে ল’লে অধিক বিপদৰ আশংকা আছে৷ অর্থাৎ অমিক্রনক প্রতিৰোধ কৰাৰ ক্ষেত্রত বিশ্ববাসীয়ে সাত্ব্ন্না লাভ কৰিব পৰাকৈ সংস্থাটোৰ তৰফৰ পৰা কোনো ধৰণৰ অভয়বাণী দিয়া হোৱা নাই৷ মাথোঁ ক’ভিড প্রতিৰোধী লকডাউন, কঠোৰ ক’ভিড প্রটকল মানি চলিয়েই মহামাৰীৰ মোকাবিলা কৰিবলৈ পৰামর্শ আগবঢ়াই আহিছে সংস্থাটোৱে৷ গতিকে এই ভয়াৱহ ঘাতক মহামাৰীয়ে পৃথিৱীত কিমান দিনলৈ মাৰণ যজ্ঞ চলাই ৰাখিব তাক কোনেও অনুমান লগাব পৰা নাই৷ ইয়াৰ ফলতেই প্রতিদিনে দেশে দেশে সৃষ্টি হৈছে নতুন আতংক তথা অস্থিৰতা৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মানৱ ইতিহাসত আটাইতকৈ ভয়াৱহ বিপর্যয় হিচাপে চিহ্ণিত হৈছে ক’ভিড মহামাৰী৷ এই মহামাৰীয়ে মানৱ জীৱনৰ ক্ষতিসাধন কৰাৰ উপৰি আর্থিক ক্ষেত্রতো অভাৱনীয় বিপর্যয়ৰ সৃষ্টি কৰিছে৷ গতিকে এই দুর্যোগ ইতিহাসৰ ভয়াৱহ দুর্যোগ হিচাপেই চিহ্ণিত হৈছে৷
ভাৰততো ক’ভিড মহামাৰীয়ে শেহতীয়াকৈ সংক্রমণৰ নতুন সংহাৰ সৃষ্টি কৰিছে৷ চলিত বর্ষটোত দেশখনত ৫খনকৈ ৰাজ্যৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ৰাজ্যকেইখনৰ এই নির্বাচনক লৈ ৰাজনৈতিক দলসমূহে প্রচাৰ অভিযানো আৰম্ভ কৰিছে৷ ইয়াৰ মাজতে আৰম্ভ হৈছে ক’ভিডৰ সংক্রমণ৷ বিভিন্ন ৰাজ্যত সংক্রমণৰ এই তৃতীয় জোৱাৰৰ ফলত বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠানবোৰ৷ পুনৰ আৰম্ভ কৰা হৈছে ক’ভিড প্রতিৰোধী সান্ধ্য আইন তথা অন্যান্য প্রট’কলবোৰ৷ দেশৰ ৰাজধানী দিল্লীত এতিয়া দ্বিতীয় জোৱাৰৰ দৰে পুনৰ ঘূৰি আহিছে আতংক৷ আৰম্ভ হৈছে ক’ভিড মহামাৰীক প্রতিৰোধ কৰাৰ বাবে কেন্দ্রীয় তথা দিল্লী চৰকাৰৰ নতুন বিধি৷ ইয়াৰ মাজতো দেখিবলৈ পোৱা গৈছে যে সংহাৰী মহামাৰীক প্রতিৰোধ কৰিবলৈ দেশত এতিয়াও পর্যাপ্ত ব্যৱস্থা নাই৷ ইতিমধ্যে দেশত ১৫ বছৰৰ ঊর্ধ্বৰ কিশোৰ–কিশোৰীসকলক্ ভেকচিন প্রদান কৰা হৈছে৷ ৬০ বছৰৰ ঊর্ধ্বৰ লোকসকলৰ উপৰি স্বাস্থ্য কর্মীসকলক ভেকচিনৰ বুষ্টাৰ ড’জ দিয়াৰ কথাও ঘোষণা কৰিছে চৰকাৰে৷ কিন্তু জনসমাগম ৰোধ কৰাৰ ক্ষেত্রত এতিয়াও গ্রহণ কৰা হোৱা নাই যাৱতীয় ব্যৱস্থা৷ পৰিণতিত দেশৰ কেইবাখনো ৰাজ্যত মুহূর্ততে সংক্রমণৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ অতি কম সময়ৰ ভিতৰতে ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে পশ্চিমবংগত৷ ৰাজ্যখনত ক’ভিডৰ এই সংক্রমণৰ তাণ্ডৱ লক্ষ্য কৰি মমতা বেনার্জী নেতৃত্বাধীন চৰকাৰখনে শিক্ষানুষ্ঠানসমূহ ১৫ জানুৱাৰীলৈ বন্ধ ঘোষণা কৰিছে৷ মেট্র’ তথা স্থানীয় ৰে’লসমূহত যাত্রীৰ সংখ্যা ৫০ শতাংশলৈ হ্রাস কৰাৰ সিদ্ধান্ত লৈছে৷ চৰকাৰী কার্যালয়ত কর্মচাৰীৰ উপস্থিতিও ৫০ শতাংশলৈ হ্রাস কৰিছে চৰকাৰে৷ কিন্তু ইয়াৰ মাজতো চৰকাৰী পৃষ্ঠপোষকতাতে বিভিন্ন স্থানত চলি আছে গণসমাৱেশ তথা পৌৰ নির্বাচনৰ কুচকাৱাজ৷ উত্তৰ প্রদেশত প্রতিদিনে লাখ লাখ মানুহৰ সমাগম হৈছে ৰাজনীতিকসকলৰ সমাৱেশত৷ ক’ভিডৰ এই সংহাৰী ৰূপৰ সময়তো উত্তৰ প্রদেশত চলি থকা এনে ধৰণৰ ঘটনাবোৰে বিভিন্ন মহলক শংকিত কৰিছে৷ জনস্বাস্থ্যৰ বিষয়টোক গুৰুত্ব দিয়াতকৈ ৰাজ্যখনৰ বিধানসভা নির্বাচনক অধিক অগ্রাধিকাৰ দিয়া হৈছে নেকি বুলি ইতিমধ্যে বিভিন্ন মহলত প্রশ্ণৰ অৱতাৰণাও হৈছে৷ হয়তো ক’ভিডৰ এই তাণ্ডৱে আগন্তুক পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচন পিছুৱাবলৈ বাধ্য কৰাব৷ কিন্তু মহামাৰীক প্রতিৰোধ কৰাৰ বাবে বিগত দুটা বছৰৰ অভিজ্ঞতাৰ পৰা চৰকাৰে কি শিক্ষা ল’ব সেয়াহে গুৰুত্বপূর্ণ কথা৷ যদি দেশত পুনৰ লকডাউন ঘোষণা কৰিবলগীয়া হয়, তেন্তে এচাম লোকৰ বাবে পুনৰ নামি আহিব জীৱন–জীৱিকাৰ সংকট৷ গতিকে আজিৰ মুহূর্তত মহামাৰী হৈ পৰিছে বিশ্বৰ লগতে সমগ্র ভাৰতবাসীৰ বাবে প্রধান প্রত্যাহ্বান৷

You might also like