নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰুষৰ তুলনাত মহিলা হৃদৰোগীৰ ক্ষেত্ৰত ডিমেনছিয়াৰ উপসর্গ গুৰুতৰ

হৃদৰোগত আক্রান্ত মধ্যবয়সীয়া মহিলাই পুৰুষৰ তুলনাত চিন্তা আৰু স্মৃতিশক্তি অধিক হেৰুৱায়। এটি সমীক্ষাত এই কথা স্পষ্ট হৈছে। মার্কিন গৱেষকৰ দল এটাই অনুসন্ধান কৰিছে যে হার্টৰ সমস্যা, স্ট্রোক, ডায়বেটিছ তথা উচ্চ ৰক্তচাপ আক্রান্ত হোৱাৰ সম্ভাৱনা পুৰুষৰ বেছি যদিও পুৰুষৰ তুলনাত মহিলা হৃদৰোগীৰ ক্ষেত্ৰতহে ডিমেনছিয়াৰ গুৰুতৰ উপসর্গ দেখিবলৈ পোৱা যায়।


মিনেছোটাৰ মায়ো ক্লিনিকৰ বিজ্ঞানীয়ে ৫০ ৰ পৰা ৬৯ বছৰ বয়সৰ ভিতৰৰ ডিমেনছিয়াত ভূগি থকা১,৮৫৭ জন ৰোগীক লৈ এই বিশ্লেষণ কৰিছে। ইয়াৰে ৭৯ শতাংশৰে অন্ততঃ এটা কাৰ্ডিঅভেছকুলাৰ অৱস্থা বা তাতোকৈ জটিল পৰ্যায়ত আছে।

You might also like