নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন হত্যাৰ অভিযোগনামা

প্রাণৰ শিল্পী জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযোগনামা ১২ ডিচেম্বৰত আদালতত দাখিল কৰা হৈছে৷ অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (এছআইটি)–এ ৮৫ দিনে চলোৱা তালাচী, জেৰা আৰু অনুসন্ধানৰ অন্তত কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰে ১২,২৭০ পৃষ্ঠাৰ অভিযোগনামা৷ অভিযোগনামাখনত প্রাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্য পোহৰলৈ অনাত ৮,৬৯৮ পৃষ্ঠা নথি সংলগ্ণ কৰাৰ লগতে ৩৯৫গৰাকী ব্যক্তিৰ সাক্ষ্যগ্রহণ অন্তর্ভুক্ত কৰিছে৷ ছিংগাপুৰত অনুষ্ঠিত নর্থ–ইষ্ট ফেষ্টিভেলত অংশগ্রহণৰ বাবে যোৱা জুবিন গার্গৰ মহাসাগৰৰ বুকুত ৰহস্যজনক মৃত্যু হৈছিল৷ প্রাণৰ শিল্পীগৰাকীৰ মৃত্যুক এক দুর্ঘটনাৰ ৰূপ দিয়াৰ বাবে তেওঁৰ স’তে উপস্থিত থকা লোককেইজনে অপচেষ্টা চলাইছিল যদিও অসমবাসীৰ হেঁচাত ৰাজ্য চৰকাৰে ইয়াৰ তদন্তৰ দায়িত্ব এছআইটিক প্রদান কৰা হৈছিল৷ অসমবাসীয়ে আশংকা কৰাধৰণে প্রাণৰ শিল্পীগৰাকীৰ মৃত্যু যে দুর্ঘটনা নহয় সেয়া এছআইটিৰ তদন্তত স্পষ্ট হৈছে৷ এছআইটিয়ে দাখিল কৰা অভিযোগনামাত জুবিন গার্গক হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছে নর্থ ইষ্ট ফেষ্টিভেলৰ মুৰব্বী শ্যামকানু মহন্ত, জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মা, বাদ্যযন্ত্রী–সুৰকাৰ শ্বেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃৃতপ্রভা মহন্তক৷ জুবিন গার্গৰ সম্পর্কীয় ভাতৃ সন্দীপন গার্গৰ বিৰুদ্ধেও উত্থাপন হৈছে প্রাণৰ শিল্পীগৰাকীক মৃত্যুপথলৈ ঠেলি দিয়াৰ অভিযোগ৷ সাম্প্রতিক ন্যায়িক জিম্মাত থকা জুবিন গার্গৰ দুই বিশ্বস্ত দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্র আৰু বিত্তীয় লেনদেনৰ বিশ্বাসঘাতকতাৰ অভিযোগ উত্থাপন হৈছে৷ যিগৰাকী প্রাণৰ শিল্পীক জখলাৰূপে ব্যৱহাৰ কৰি নাম–যশ আৰু ধন আহৰণ কৰাসকলৰ ভিতৰত আছিল আটাইকেইজন অভিযুক্ত৷ জুবিন গার্গে কিছু বছৰৰ পৰা স্নায়ুৰোগত আক্রান্ত হৈছিল৷ অত্যধিক কামৰ বোজা আৰু জিৰণিবিহীন জীৱন কটোৱাৰ বাবে মৃগী ৰোগত আক্রান্ত হৈ কেইবাবাৰো চিকিৎসাধীন হৈছিল৷ এনে ৰোগত আক্রান্ত ব্যক্তিক কিদৰে সাৱধানে ৰাখিব লাগে, নির্ধাৰিত সময়ত কিদৰে দৰব সেৱন কৰাব লাগে, সেয়া সাধাৰণ লোকসকলে ভালদৰে জানে৷ কিন্তু জুবিন গার্গক ছিংগাপুৰলৈ লৈ যোৱা আৰু সাগৰৰ মাজলৈ নি সাঁতুৰিবলৈ দিয়া ঘটনাৰ স’তে নর্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা আৰু শিল্পীগৰাকীৰ স’তে যোৱা দলটোৰ গাফিলতি যে আছিল সেয়া ইতিমধ্যে পোহৰলৈ আহিছে৷ অসমৰ সাংস্কৃতিক ক্ষেত্রখনৰেই নহয়, জাতীয় জীৱনৰ এটা অমূল্য সত্তাক এইদৰে নিঃশেষ কৰা ঘটনাক অসমবাসীয়ে কোনো কাৰণত মানি নলয়৷ ৰাইজৰ আদালতত ইতিমধ্যে বিচাৰ হোৱা অভিযুক্তসকলক আইনগতভাৱে শীঘ্রে শাস্তি প্রদান কৰাটো বিচাৰে অসমবাসীয়ে৷

এছআইটিয়ে দাখিল কৰা অভিযোগনামাখনত কেতবোৰ বিস্ফোৰক তথ্য লিপিবদ্ধ আছে৷ মেনেজাৰ সিদ্ধার্থ শর্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি আর্থিক মুনাফা আদায়ৰ স্বার্থতে প্রাণৰ শিল্পীগৰাকীক নিঃশেষ কৰাৰ এক দীঘলীয়া চক্রান্ত কৰিছিল৷ জুবিন গার্গে আহৰণ কৰা পুঁজিৰ হিচাপ মেনেজাৰ সিদ্ধার্থ শর্মাই ৰাখিছিল৷ বিগত কেইবছৰমানৰ ভিতৰতে সিদ্ধার্থ শর্মাৰ চমকপ্রদ বিত্তীয় উত্থানক লৈ বিভিন্ন প্রশ্ণৰ উদয় হৈছিল৷ জুবিন গার্গৰ অজ্ঞাতে মহাবীৰ একুৱা, হোটেল হেৰিটেজ, পৰিবহণ ব্যৱসায়কে ধৰি বিভিন্ন বাণিজ্য ক্ষেত্রত সিদ্ধার্থ শর্মাই বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিছিল৷ মৃত্যুৰ পূর্বে দুটা নিশা অত্যধিক সুৰা সেৱন কৰোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে কণ্ঠশিল্পী অমৃতপ্রভাৰ বিৰুদ্ধে৷ একেটা কোঠাতে নৈশ সংগী হোৱা কণ্ঠশিল্পীগৰাকীয়ে প্রাণৰ শিল্পীগৰাকীৰ সাগৰত ডুব যোৱাৰ সময়ত ভিডিঅ’ ৰেকর্ডিং কৰাত ব্যস্ত থকা অমৃতপ্রভা মহন্তই পৰৱর্তী সময়ত এই ভিডিঅ’সমূহ নষ্ট কৰিবলৈ চেষ্টা চলাইছিল বুলিও অভিযোগ উঠিছে৷  একেদৰে শ্যামকানু মহন্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায়িক সংহিতাৰ ১০৩(এ) ধাৰা প্রয়োগৰ অন্তৰালত আছে কেতবোৰ গুৰুতৰ অভিযোগ৷ ছিংগাপুৰৰ সাগৰত ৰহস্যজনক ঘটনাৰ পিছত জুবিন গার্গক তৎকালীনভাৱে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল৷ সাগৰৰ পাৰৰ পৰা প্রায় ৭৫ মিনিট অচেতন অৱস্থাত থকা জুবিন গার্গক এম্বুলেঞ্চত ভর্তি কৰোৱা হৈছিল৷ জুবিন গার্গৰ স’তে থকা দলটোৰ সিদ্ধার্থ শর্মা, শ্বেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত আৰু সন্দীপন গার্গ আছিল প্রাণৰ শিল্পীগৰাকীৰ বিশ্বাসী ব্যক্তি৷ কিন্তু জুবিন গার্গৰ স্বাস্থ্য সম্পর্কীয় বিষয় সন্দর্ভত ভালদৰে জ্ঞাত হোৱা সত্ত্বেও কিয় সাগৰৰ মাজলৈ নি সাঁতুৰিবলৈ দিলে, নিশা অত্যধিক সুৰাপান কৰোৱালে, অচেতন অৱস্থাত কিয় তৎকালে চিকিৎসালয়লৈ লৈ যোৱা নহ’ল, এইবোৰ প্রশ্ণ অসমবাসীৰ মনত উদয় হোৱাটো স্বাভাৱিক৷ প্রায় তিনি মাহ কাৰাৰুদ্ধ হৈ থকা অভিযুক্তকেইজনে আইনগতভাৱে শাস্তি নোপোৱালৈকে জুবিন গার্গে ন্যায় নাপায়৷ কিন্তু আদালতত দাখিল কৰা ১২ হাজাৰৰো অধিক পৃষ্ঠাৰ অভিযোগনামাৰ পৰীক্ষা আৰু ৩৯৫গৰাকী সাক্ষ্য পৰীক্ষা অবিহনে বিচাৰ প্রক্রিয়াই অগ্রগতি লাভ নকৰে৷ আদালতৰ মজিয়াত অভিযুক্তসকলৰ লগতে সাক্ষ্যদাতাসকলৰ নির্ধাৰিত সময়ত উপস্থিতিও প্রয়োজন হ’ব৷ এইক্ষেত্রত এছআইটিৰ সংশ্লিষ্ট বিষয়া আৰু চৰকাৰী অধিবক্তায়ো তৎপৰতাৰে গোচৰটো আগবাঢ়ি যোৱাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিব লাগিব৷ অভিযোগনামা আৰু সাক্ষ্যদানৰ তালিকাখন যিমানেই দীঘলীয়া হৈছে সিমানেই বিচাৰ প্রক্রিয়াত সময়ৰ প্রয়োজন হ’ব৷ এইক্ষেত্রত বিচাৰ প্রক্রিয়া খৰতকীয়া কৰিবলৈ হ’লে নিশ্চিতভাৱে প্রয়োজন হ’ব ফাষ্ট ট্রেক আদালত আৰু এটি সুকীয়া অধিবক্তা গোটৰ৷ জুবিন গার্গৰ মৃত্যুৰ পিছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিষ্ঠাসহকাৰে সকলো দায়িত্ব সুচাৰুৰূপে পালন কৰিছে৷ প্রাণৰ শিল্পীগৰাকীক শীঘ্রে ন্যায় প্রদানৰ ক্ষেত্রতো প্রয়োজনীয় পদক্ষেপ মুখ্যমন্ত্রীগৰাকীয়ে গ্রহণ কৰাটো অসমবাসীয়ে বিচাৰিছে৷

You might also like