নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত প্ৰসংগঃ ৫০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে অক্ষয় কুমাৰে…

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰে অভিনেতা অক্ষয় কুমাৰক টানি অনা এটা ভিডিঅ’ক লৈ ক্ষুণ্ণ হয় অভিনেতাগৰাকী। ইয়াৰ পিছতে অক্ষয় কুমাৰে তৰে মানহানিৰ গোচৰ। জানিব পৰা মতে, ৫০০ কোটি টকাৰ মানহানি গোচৰ দিছে অভিনেতাগৰাকীয়ে।

মিছা তথ্যৰে ইউটিউবত ভিডিঅ’ আপলোড কৰা বিহাৰৰ ইউচটিউবাৰ ৰশিদ ছিদ্দিকীয়ে ভিডিঅ’টোত এই দাবী কৰিছিল যে অভিনেতা অক্ষয় কুমাৰে ৰিয়া চক্ৰৱৰ্তীক কানাডালৈ পলায়ন কৰাত সহায় কৰিছিল আৰু সুশান্তৰ মৃত্যুৰ পিছত মুম্বাই আৰক্ষী আৰু শিৱসেনাৰ নেতা আদিত্য থাকৰেৰ সৈতে গোপন আলোচনা অনুষ্ঠিত কৰিছিল।

মিছা তথ্যৰে ছাবছক্ৰাইবাৰ তথা দৰ্শক বঢ়োৱা বিহাৰৰ ইউটিউবাৰগৰাকী এতিয়া পৰিছে চৰম বিপদত।

You might also like