নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিছ ছয়ীদক ১০ বছৰৰ কাৰাদণ্ড পাকিস্তানী আদালতৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদক পাকিস্তানৰ সন্ত্ৰাসবাদ নিবাৰক আদালতে ১০ বছৰৰ কাৰাদণ্ড বিহিছে। আদালতে ছয়ীদক সন্ত্ৰাসজনিত কাৰণত পুঁজি বিনিয়োগৰ দুটা গোচৰৰ ৰায় দিয়ে। ছয়ীদৰ লগতে আদালতে জাফৰ ইকবাল, ইয়াহীয়া মুজাহিদ আৰু আব্দুল ৰহমান মাক্কিকো শাস্তি বিহে।

উল্লেখ্য যে ২০১৯ চনৰ জুলাইত হাফিজ ছয়ীদক আটক কৰা হৈছিল আৰু এতিয়ালৈকে চাৰিটা গোচৰত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। হাফিজ ছয়ীদ হৈছে সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক।

পাকিস্তানত তেওঁ জামাত-উদ-দাবা নামৰ এটা সংগঠন চলায়। ২০০৮ চনৰ মুম্বাই বিস্ফোৰণৰ মাষ্টাৰমাণ্ড বুলি ভাৰতে দীৰ্ঘদিন ধৰি হাফিজ ছয়ীদক বিচাৰি আছিল। উল্লেখ্য যে আমেৰিকাই ছয়ীদৰ মূৰৰ মূল্য ১ কোটি ডলাৰ বুলি ঘোষণা কৰিছিল।

You might also like