যৌনকৰ্মীক সাহায্য প্ৰদান কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ কৰোনা ভাইৰাছৰ বাবে দেশত বহু দিন ধৰি অব্যাহত আছে লকডাউন। এই লকডাউনৰ বাবে বহু লোকৰ জীৱন নিৰ্বাহ কৰাত অসুবিধা হৈছে। বহুলোকে নিজৰ কৰ্মসংস্থাপন হেৰুৱাব লগা হৈছে। এই লকডাউনতে যৌন কৰ্মীসকলৰো ব্যৱসায় মন্দা হোৱা দেখা গৈছে, যাৰ বাবে উচ্চতম ন্যায়ালয়ে যৌনকৰ্মী সকলক ৰেচন আৰু জৰুৰী সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে। মুখ্য ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ অধ্যক্ষতাত গঠিত হোৱা বিচাৰপীঠে ৰায়দান কৰি কয় যে যৌনকৰ্মীসকলৰ সহায়ৰ বাবে বিষয়াসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যিদৰে তৃতীয় লিংগৰ সম্প্ৰদায়ক চৰকাৰে সাহায্য প্ৰদান কৰিছে।