নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ বৰবাৰীত গেষ্ট হাউছৰ কোঠাত উদ্ধাৰ কিশোৰসহ যুৱকৰ মৃতদেহ

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : প্ৰথমে কিশোৰক অপহৰণ, তাৰ পাছত কিশোৰটিক হত্যা কৰি যুৱকেও ল’লে চৰম পথ। মহানগৰীৰ বৰবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বৰবাৰীৰ এটা গেষ্ট হাউছৰ একেটা কোঠাতে উদ্ধাৰ হয় কিশোৰসহ যুৱকৰ মৃতদেহ। TOOSONJ গেষ্ট হাউছত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, মৃতদেহ উদ্ধাৰ হোৱা কিশোৰটিক চানমাৰিৰ পৰা অপহৰণ কৰা হৈছিল। শনিবাৰে পুৱাৰ ভাগৰ পৰা সন্ধানহীন হৈছিল কিশোৰটি। কিশোৰটিক অপহৰণ সন্দৰ্ভত পৰিয়ালে চানমাৰি থানাত দাখিল কৰিছিল এজাহাৰ।

কিশোৰটিৰ পৰিয়ালে অপহৰণ সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত নিশা অভিযান চলাইছিল আৰক্ষীয়ে। পিছত বৰবাৰীৰ গেষ্ট হাউছটোত কিশোৰজনৰ লোকেচন ধৰা পৰে। গেষ্ট হাউছটোত আৰক্ষী উপস্থিত হৈ দুটা মৃতদেহ প্ৰত্যক্ষ কৰে। গেষ্ট হাউছটোত আৰক্ষীয়ে মকিবুৰ ৰহমান নামৰ যুৱকৰ নিথৰ দেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে কিশোৰজনৰ মৃতদেহটো ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে।

উল্লেখ্য যে চানমাৰিৰ গণেশ নগৰত ঘৰ ১৫ বছৰীয়া মৃত কিশোৰটিৰ। তদুপৰি গণেশ নগৰৰ ঘৰ নং ১২৪ত ভাৰাত আছিল মকিবুৰ ৰহমান। ২০২০ চনৰ পৰা এই ঘৰটোতেই ভাৰাত আছিল মকিবুৰ ৰহমান। মকিবুৰ পেছাত এজন উবেৰ চালক। এজন লোকৰ ঘৰত ব্যক্তিগত বাহনো চলাইছিল মকিবুৰে।

ৰহস্যজনক ঘটনাটোক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে তাক লৈ বিভিন্নজনৰ মাজত চৰ্চা অব্যাহত আছে। ঘটনাস্থলীৰ পৰিৱেশলৈ চাই কিশোৰজনক হত্যা কৰি মকিবুৰে চৰম পথ বাছি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। তদুপৰি প্রেমজনিত কাৰণতে এনে ঘটনা হোৱাৰ সন্দেহ আৰক্ষীৰ। এই ঘটনা সন্দৰ্ভত চিআইডি, ফৰেনছিকৰ দলে আৰম্ভ কৰিছে তদন্ত।

জানিব পৰা মতে, ৫ ছেপ্টেম্বৰত গেষ্ট হাউছৰ কোঠা বুক কৰিছিল মকিবুৰে। ৬ ছেপ্টেম্বৰত কিশোৰটিক গেষ্ট হাউছটোলৈ লৈ আহিছিল মকিবুৰে। মকিবুৰ কিশোৰটিৰ ঘৰৰ কাষতে আছিল ভাৰাতীয়া হিচাপে।

সমগ্ৰ ঘটনা কেনেকৈ আৰু কিয় সংঘটিত হ’বলৈ পালে, সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

You might also like