নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগীত সন্মোহন চিকিৎসাৰ প্ৰয়োজনীয়তা শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা

বিশেষ বাৰ্তা, ১৯ ছেপ্টেম্বৰ : যোৱা শুকুৰবাৰে উত্তৰ-পূব ভাৰত প্ৰায়োগিক মন:স্তত্ত্ব সংস্থা (NEIAAP) আৰু কটন বিশ্ববিদ্যালয়ৰ (CU)ৰ উদ্যোগত আৰু ভাৰতীয় স্বাস্থ্য মনোবিজ্ঞান একাডেমী (IAHP)ৰ সহযোগত ‘সন্মোহনৰ প্ৰয়োজনীয়তা : মৌলিক দক্ষতা, কৌশল, আৰু প্ৰয়োগ’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন কৰ্মশালাৰ আয়োজন কৰা হয়।

কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক তথা উত্তৰ-পূব ভাৰত প্ৰায়োগিক মন:স্তত্ত্ব সংস্থা (NEIAAP)ৰ সভাপতি ড° ডিম্পী মহন্তৰ নেতৃত্বত এই কৰ্মশালাখনিৰ আয়োজন কৰা হয়। দিল্লী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ঊৰ্মি নন্দ বিশ্বাসৰ উপস্থিতিয়ে ৰাষ্ট্ৰীয় কৰ্মশালাখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সন্মোহন চিকিৎসা আৰু নিদানমূলক ব্যৱস্থাৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগৰ বিষয়ে তেওঁ বিতং আৰু সাৰগৰ্ভ আলোচনা আগবঢ়ায়। ভাৰতীয় স্বাস্থ্য মনোবিজ্ঞান একাডেমীৰ সভাপতি অধ্যাপক আনন্দ কুমাৰ আৰু কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° বেদান্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড০ বেদান্ত বৰাৰ উপস্থিতিত ৰাষ্ট্ৰীয় কৰ্মশালাখন উদ্বোধন কৰে ভাৰতীয় স্বাস্থ্য মনোবিজ্ঞান একাডেমী (IAHP)ৰ সভাপতি অধ্যাপক আনন্দ কুমাৰে।

উদ্বোধনী ভাষণত তেওঁ ড° মহন্তৰ অধীনত উত্তৰ-পূব ভাৰত প্ৰায়োগিক মন:স্তত্ত্ব সংস্থা (NEIAAP) আৰু কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগে উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আয়োজন কৰাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। ড০ মহন্তই সন্মোহন চিকিৎসাৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰি ইয়াৰ বৈজ্ঞানিক ভেটি আৰু নিদানমূলক ব্যৱস্থাৰ সৈতে যুৱ গৱেষকসকলক পৰিচিত কৰোৱাৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। এই পদক্ষেপৰ লক্ষ্য সম্বন্ধে তেওঁ কয় যে ব্যক্তিক সন্মোহনশীল অৱস্থালৈ লৈ যোৱাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া, সমাধিৰ তীব্ৰতা বৃদ্ধি কৰি ইয়াক অধিক গভীৰ কৰি তোলা আৰু পৰামৰ্শৰ প্ৰতি সঁহাৰি বৃদ্ধিৰ পৰৱৰ্তী প্ৰক্ৰিয়াৰ (induction and deepening) কৌশলৰ দৰে অত্যাৱশ্যকীয় ব্যৱহাৰিক দক্ষতাৰ সৈতে পৰিচিত কৰোৱাই অংশগ্ৰহণকাৰীসকলক সুদক্ষ কৰি তোলাটোৱে হৈছে এই পদক্ষেপৰ মূল লক্ষ্য।

ড° মহন্তই তেওঁৰ অনুভৱ প্ৰকাশ কৰি কয় যে আয়োজন কৰা এনে প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে সন্মোহনৰ নিদানমূলক ব্যৱস্থাৰ বিস্তৃত প্ৰয়োগৰ বিষয়ে অৰ্থপূৰ্ণ অন্তৰ্দৃষ্টি লাভ কৰিব, এই পদ্ধতিৰ বাস্তৱ প্ৰদৰ্শনৰ প্ৰত্যক্ষদৰ্শী হ’ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- এই উদীয়মান ক্ষেত্ৰখনত দায়িত্বশীল অনুশীলনৰ বাবে তেওঁলোকে অপৰিহাৰ্য নৈতিক সংবেদনশীলতা গঢ়ি তুলিব পাৰিব। গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, ইউনিভাৰ্ছিটী অৱ ছায়েন্স এণ্ড টেকন’লজী, মেঘালয়, ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটী, অসম মহিলা বিশ্ববিদ্যালয়, যোৰহাট, নেৰিম গ্ৰুপ অৱ ইনষ্টিটিউচনছ, অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ দৰে বিশিষ্ট বিশ্ববিদ্যালয়ৰ ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে।

কৰ্মশালাখনৰ লক্ষ্য আছিল অংশগ্ৰহণকাৰীসকলক সন্মোহনৰ বিষয়ে বৈজ্ঞানিক ধাৰণা প্ৰদান কৰা, সন্মোহনৰ বিষয়ে সাধাৰণ ভুল ধাৰণা আৰু মিথ্যাসমূহ স্পষ্ট কৰা। ব্যক্তিক সন্মোহনশীল অৱস্থালৈ লৈ যোৱাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া, সমাধিৰ তীব্ৰতা বৃদ্ধি কৰি ইয়াক অধিক গভীৰ কৰি তোলা আৰু পৰামৰ্শৰ প্ৰতি সঁহাৰি বৃদ্ধিৰ পৰৱৰ্তী প্ৰক্ৰিয়াৰ (induction and deepening) কৌশলৰ দৰে অত্যাৱশ্যকীয় আৰু চিকিৎসা প্ৰসংগত প্ৰয়োজনীয় ব্যৱহাৰিক দক্ষতাৰে অংশগ্ৰহণকাৰীসকলক সুদক্ষ কৰি তুলিবলৈ ইয়াত চেষ্টা কৰা হৈছিল। লগতে নিদান ব্যৱস্থাত সন্মোহনৰ ব্যৱহাৰিক প্ৰয়োগৰ সৈতেও তেওঁলোকক পৰিচিত কৰোৱা হৈছিল।

অধ্যাপক ঊৰ্মি নন্দ বিশ্বাসেও সন্মোহন কৌশলৰ চাক্ষুস প্ৰদৰ্শনেৰে অংশগ্ৰহণকাৰীসকলক প্ৰক্ৰিয়াটোৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰে। কৰ্মশালাখনত সন্মোহন চিকিৎসাৰ অনুশীলনত নৈতিক বিবেচনাৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়, যাতে ভৱিষ্যতৰ চিকিৎসকসকলে এই শক্তিশালী চিকিৎসা কৌশলৰ সৈতে জড়িত দায়িত্বসমূহ বুজি পায়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই কৰ্মশালাখনিৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে সন্মোহনৰ বৈজ্ঞানিক ভিত্তিৰ বিষয়ে বিস্তৃত জ্ঞান, বাস্তৱ জগতৰ পৰিৱেশত প্ৰয়োগ কৰিব পৰা ব্যৱহাৰিক দক্ষতা আৰু পেছাদাৰী অনুশীলনৰ বাবে অপৰিহাৰ্য নৈতিক বুনিয়াদৰ বিষয়ে স্পষ্ট ধাৰণা লাভ কৰে।

You might also like