নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ নৱেম্বৰত ট্রেড ইউনিয়নৰ দেশজোৰা ধর্মঘট

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ আগন্তুক ২৬ নৱেম্বৰত দেশজোৰা সাধাৰণ ধর্মঘটৰ সিদ্ধান্ত লৈছে ১০টাকৈ কেন্দ্রীয় শ্রমিক সংগঠনে৷ অকল সেয়াই নহয়, অহা সপ্তাহত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া কৃষক বিক্ষোভৰ প্রতিও সমর্থন জনাইছে এই শ্রমিক সংগঠনসমূহে৷

কেন্দ্রীয় শ্রমিক সংগঠনসমূহৰ যুটীয়া মঞ্চই আয়োজন কৰা এক ভার্চুৱেল বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ কালি চেণ্ড্রেল ট্রেড ইউনিয়নছ (চিটিইউএছ), ছেক্টৰেল ইনডিপেণ্ডেণ্ট ফেডাৰেচনছ এছ’চিয়েচনছৰ তৰফৰ পৰা কালি অনুষ্ঠিত কৰা হৈছিল এক ভার্চুৱেল বৈঠক৷ এই বৈঠকতে দেশজোৰা সাধাৰণ ধর্মঘটৰ সিদ্ধান্ত লৈছে ট্রেড ইউনিয়নসমূহে৷ এক যুটীয়া বিবৃতিত এই কথা উল্লেখ কৰা হৈছে৷

স্মর্তব্য যে ধর্মঘটৰ আহ্বান জনোৱা শ্রমিকসংগঠনসমূ ভিতৰত আছে আই এন টি ইউ চি, এ আই টি ইউ চি, এইচ এম এছ, চি আই টি ইউ, এ আই ইউ টি ইউ চি, টি ইউ চি চি, এছ ই ডব্লিউ এ, এ আই চি চি টি ইউ, এল পি এফ আৰু ইউ টি ইউ চি৷ বিজেপি চৰকাৰৰ জনবিৰোধী, শ্রমিকবিৰোধী আৰু ৰাষ্ট্রবিৰোধী তথা বিভাজনমুখী নীতিৰ বিৰুদ্ধে শ্রমিক সংগঠনসমূহে আহ্বান দিছে এই সাধাৰণ ধর্মঘটৰ৷ ধর্মঘটৰ দিনাখন দেশজুৰি বিভিন্ন দাবীত পোষ্টাৰিং কৰাৰ উপৰি লিফলেট বিতৰণৰ জৰিয়তে আন্দোলন কার্যসূচী গ্রহণ কৰিব শ্রমিক সংগঠনসমূহে৷

You might also like