চীনৰ আইনে হংকংবাসীৰ অধিকাৰ খর্ব নকৰে
নিয়মীয়া বার্তা, ২৭মেঃ চীনৰ বিতর্কিত নিৰাপত্তা আইনে হংকংবাসীৰ মৌলিক অধিকাৰ খর্ব কৰিব বুলি বিশ্বৰ বিভিন্ন দেশে প্রতিক্রিয়া প্রকাশ কৰি থকাৰ সময়তে চীন শাসিত চহৰখনৰ মুৰব্বী কেৰী লামে এনে আশংকাৰ কাৰণ নাই বুলি ঘোষণা কৰিছে৷ হংকঙৰ ওপৰত এয়া কোনোধৰণৰ প্রত্যক্ষ হস্তক্ষেপ নহয় বুলি দাবী কৰিছে লামে৷ লামে এই দাবী কৰিছে যদিও চীনৰ বিৰুদ্ধে প্রতিবাদ তীব্রতৰ হৈ আছে হংকঙৰ৷ স্মর্তব্য যে চীনৰ প্রস্তাৱিত নতুন আইনে হংকংবাসীৰ আন্দোলন কৰাৰ অধিকাৰ কাঢ়ি ল’ব বুলি বিভিন্ন দেশৰ ৰাজনীতিকে আশংকা প্রকাশ কৰিছে৷ এই আইনৰ অধীনত বিচ্ছিন্নতাবাদী মতাদর্শ, চীনৰ বিৰুদ্ধে সমালোচনা আদিক নিষিদ্ধ কৰাৰ চিন্তা–চর্চা চলোৱা হৈছে৷ হংকঙৰ মুখ্য কার্যবাহী বিষয়া কেৰী লামৰ মতে এছিয়াৰ চহৰখনৰ কোনোধৰণৰ মৌলিক পৰিৱর্তন নানে এই আইনে৷ স্মর্তব্য যে ১৯৯৭ চনত ব্রিটেইনে হংকং চীনলৈ হস্তান্তৰ কৰাৰ পাছৰে পৰা চহৰখনৰ স্ব–শাসনৰ বাবে এখন ক্ষুদ্র সংবিধান ৰখা হৈছে৷ এই ক্ষুদ্র সংবিধানক আধাৰ কৰিয়েই স্বায়ত্তশাসিত হংকঙৰ বুনিয়াদী আইনবোৰ প্রণয়ন কৰা হয়৷ কিন্তু এইবাৰ চীনে প্রত্যক্ষভাৱে হংকঙৰ ওপৰত আইন জাপি দিব বিচাৰিছে৷ গতিকে সমগ্র চহৰখনত চীনৰ শাসনৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচীয়ে জংগী ৰূপ ধাৰণ কৰি