নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তবলিগী জামাতত অংশ লোৱা ৮৩জনৰ বিৰুদ্ধে চার্জশ্বীট

নিয়মীয়া বার্তা, ২৭মেঃ দিল্লী আৰক্ষীয়ে আজি নিজামুদ্দিন মার্কাজত অনুষ্ঠিত তবলিগী জামাতত উপস্থিত থকা ৮৩গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰিবলৈ আগবাঢ়িছে৷ দিল্লীৰ ছাকেট আদালতত আৰক্ষীৰ অপৰাধ শাখাই দাখিল কৰাৰ প্রস্তুতি চলাইছে এই চার্জশ্বীট৷ বিদেশী নাগৰিকসকলৰ ভিতৰত ১০গৰাকী ছৌদি আৰবৰ আৰু ৮গৰাকী ব্রাজিলৰ জামাতীও আছে৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ সময়তে মার্চ মাহত দিল্লীৰ নিজামুদ্দিন মার্কাজত তবলিগী জামাত আয়োজন কৰা বিষয়টোক লৈ দেশজুৰি সৃষ্টি হৈছিল প্রতিক্রিয়া৷ ইতিমধ্যে এই ঘটনাক এক অপৰাধ বুলি অভিহিত কৰা হৈছে বিভিন্ন আইনৰ অধীনত৷ দিল্লী আৰক্ষীৰ অপৰাধ শাখাই নিজামুদ্দিন মার্কাজৰ পৰা ক’ৰোনাৰ সংক্রমণ ঘটাৰ পাছতে ইয়াৰ মুৰব্বী মৌলানা ছাড আৰু অন্য কেইবাগৰাকী শীর্ষ নেতাৰ বিৰুদ্ধে তদন্ত চলাই আছে৷

You might also like