নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্মহীন শ্রমিকৰ বাবে আশীর্বাদ ‘উম্পুন’

নিয়মীয়া বার্তা, ২৭মেঃ ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ৰ সংক্রমণত প্রতিৰোধ লগাবলৈ দেশজুৰি ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত কাম হেৰুৱাইছে বহু অসংগঠিত খণ্ডৰ শ্রমিকে৷ শেহতীয়াকৈ সামুদ্রিক ধুমুহা উম্পুনে তচনচ কৰি যোৱা পশ্চিমবংগত এই শ্রমিকসকলৰ বাবে বিভিন্ন কামৰ সুযোগ আহি পৰিছে৷ সেইবাবে পশ্চিমবংগত উম্পুনক বিদ্যুৎ বিভাগৰ কর্মী আৰু অন্যান্য কর্মহীন শ্রমিকসকলৰ বাবে এক আশীর্বাদ বুলি চিহ্ণিত কৰা হৈছে৷ উম্পুনত গৰিষ্ঠসংখ্যকৰ বিস্তৰ ক্ষতিসাধন হৈছে যদিও কর্মহীন শ্রমিকসকলে এই মুহূর্তত উম্পুনে ধ্বংসস্তূপত পৰিণত কৰা পশ্চিমবংগত বিভিন্ন কাম লাভ কৰিছে৷ বিশেষকৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থকা কলকাতা আৰু কেইবাখনো জিলাত ইলেক্ট্রিচিয়ানৰ জীৱিকা নির্বাহ কৰা লোকসকলৰ বাবে আহিছে এক সুন্দৰ সুযোগ৷ সেইদৰে বিভিন্ন পথ মুকলিৰ বাবে বহু কর্মহীন শ্রমিকে নতুনকৈ জীৱিকা লাভ কৰিবলৈ সক্ষম হৈছে৷

You might also like