নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডৰে খেলিব লগা এদিনীয়া, টি–২০ শৃংখলালৈ ভাৰতীয় দল ঘোষণা

বিশেষ বাৰ্তা, ১৬ জানুৱাৰীঃ ভ্রমণকাৰী দল নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগীয়া আসন্ন এদিনীয়া আৰু টি–২০ শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে৷ দুয়ো দেশৰ মাজৰ তিনিখনীয়া এদিনীয়া শৃংখলাটো ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে টি–২০ শৃংখলাটো ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ এদিনীয়া দলটোত কে এছ ভৰতক উইকেটকীপাৰ হিচাপে অন্তর্ভুক্ত কৰা হৈছে৷ ইপিনে, ঘৰুৱা অসুবিধাৰ বাবে লোকেশ ৰাহুল আৰু অক্ষৰ পেটেলে নিউজিলেণ্ডৰে খেলিবলগীয়া শৃংখলা দুটাৰ পৰা নিজৰ নাম প্রত্যাহাৰ কৰিছে৷ আঘাতৰ পৰা সম্পূর্ণৰূপে সুস্থ হৈ নুঠাৰ বাবে সঞ্জু ছেমছনক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হোৱা নাই৷ আনহাতে, টি–২০ শৃংখলাটোত ৰোহিত শর্মা, বিৰাট কোহলি, শ্রেয়াছ আয়াৰ আৰু মহম্মদ ছামিক বিশ্রাম দিয়া হৈছে৷ এদিনীয়া শৃংখলাটোৰ বাবে ঘোষিত দলটো হ’ল– ৰোহিত শর্মা, শুভমন গিল, ঈশান কিষণ, বিৰাট কোহলি, শ্রেয়াছ আয়াৰ, সূর্যকুমাৰ যাদৱ, কে এছ ভৰত, হার্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, শ্বাহবাজ আহমেদ, শার্দূল ঠাকুৰ, য়ুজবেন্দ্র চাহাল, কুলদীপ যাদৱ, মহম্মদ ছামি আৰু উমৰান মালিক৷ টি–২০ শৃংখলাৰ বাবে ঘোষিত দলটো হ’ল– হার্দিক পাণ্ডিয়া, সূর্য কুমাৰ যাদৱ, ঈশান কিষণ, ৰিতুৰাজ গাইকোৱাড, শুভমন গিল, দীপক হুদা, ৰাহুল ত্রিপাঠী, জিতেশ শর্মা, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, য়ুজবেন্দ্র চাহাল, অর্শদীপ সিং, উমৰান মালিক, শিৱম মাভি, পৃথ্বি শ্ব আৰু মুকেশ কুমাৰ৷

You might also like