নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱক–যুৱতীক প্রেমত পৰিবলৈ উৎসাহ চৰকাৰৰ

🔹 শিশু জন্মৰ হাৰ বৃদ্ধিৰ বাবে অভিনৱ পদক্ষেপ 

বিশেষ বাৰ্তা, ১০ জুন : প্রেমত পৰিবলৈ অভিনৱ চৰকাৰী আঁচনি ! দেশৰ যুৱক–যুৱতীসকল যাতে শীঘ্রে প্রণয়ৰ সম্পর্কত আবদ্ধ হয়, তাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে জাপানৰ চৰকাৰে৷ মূল কাৰণটো হৈছে দেশখনত ক্রমশঃ হ্রাস পাইছে শিশু জন্মৰ হাৰ৷ ১৯৭৩ চনৰ পৰা বিগত পাঁচ দশকত শিশু জন্মৰ হাৰ ২.১ শতাংশৰ ওপৰলৈ উঠা নাই জাপানত৷ ২০২৩ চনত জাপানত শিশু জন্মৰ হাৰ সর্বনিম্ন আছিল৷ ইয়াৰ পাছতে উদ্বেগ বৃদ্ধি পাইছে চৰকাৰৰ৷ সেইবাবে টকিঅ’ৰ স্থানীয় প্রশাসনৰ তৰফৰ পৰা এটা এআইনির্ভৰ ডেটিং এপ মুকলি কৰা হৈছে৷ বিয়াৰ বাবে আগবাঢ়িবলৈ এই এপটো প্রথম পর্যায় হিচাপে গণ্য কৰিবলৈ জনসাধাৰণক আহ্বানো জনাইছে চৰকাৰে৷ এপটোৰ নাম ‘টকিঅ’ ফুটাৰি ষ্ট’ৰী’৷ জাপানৰ শ্রমিকৰ সংখ্যা দ্রুতগতিত হ্রাস পাইছে৷ সেইবাবে জন্মৰ হাৰ যিকোনো প্রকাৰে বৃদ্ধি কৰিবলৈ উদ্যোগী হৈছে প্রধানমন্ত্রী কিছিদা৷ যোৱা বছৰৰ পৰিসংখ্যাৰ পাছৰে পৰা উদ্বেগ অধিক বৃদ্ধি পাইছে৷ সেইবাবে টকিঅ’ৰ আঞ্চলিক তথা পৌৰ প্রশাসনে এই ধৰণৰ পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হৈছে৷ চৰকাৰীভাৱে এনে ডেটিং এপ মুকলি কৰা বিষয়টোক লৈ বিভিন্ন মহলে আশ্চর্য প্রকাশ কৰিছে যদিও চৰকাৰে কিন্তু ইয়াক সমস্যাৰ পৰা পৰিত্রাণৰ অন্যতম পদক্ষেপ বুলি অভিহিত কৰিছে৷

You might also like