নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালত জে’ল ভাঙি পলাল ১৫ হাজাৰ দাগী অপৰাধী, ভাৰতত প্ৰৱেশৰ চেষ্টা

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : বিদ্ৰোহৰ জুইত জ্বলিছে নেপাল। নিৰ্বিঘ্নে চলি আছে লুটৰাজ। দেশখনত বেংক ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ লগতে লক্ষ্য কৰি লোৱা হৈছে উদ্যোগপতি আৰু ৰাজনীতিকৰ ঘৰ। এই অশান্তময় পৰিৱেশৰ মাজতে আহিছে আন এক ভয়াৱহ খবৰ— নেপালৰ বিভিন্ন জে’ল ভাঙি প্ৰায় ১৫ হাজাৰ দাগী কয়েদীয়ে পলায়ন কৰিছে। উদ্বেগজনক কথাটো হ’ল- এইসকল দাগী অপৰাধীৰ বহুতে এতিয়া ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে।

উল্লেখ্য যে বুধবাৰে উত্তৰপ্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাত ইতিমধ্যে নেপালৰ পৰা প্ৰৱেশ কৰা ৫জনক গ্ৰেপ্তাৰ কৰা হৈছে। সূত্ৰ অনুসৰি, তেওঁলোক নেপালৰ জে’ল ভাঙি পলাই অহা কয়েদী।

‘Gen Z’ আন্দোলনত ইতিমধ্যে পতন ঘটিছে কেপি শর্মা অলি চৰকাৰৰ। দেশখন এতিয়াও হিংসাত্মক ঘটনা সংঘটিত হৈয়ে আছে। এই গুৰুতৰ পৰিস্থিতি চম্ভালিবলৈ সেনাক ৰাস্তাত মোতায়েন কৰিবলগীয়া হৈছে।

উল্লেখ্য যে নেপালৰ কেপি শর্মা অলি চৰকাৰৰ বিৰুদ্ধে দুর্নীতিসহ একাধিক অভিযোগ পূৰ্বৰে পৰা আছিল। শেহতীয়াকৈ ফেচবুক, ইউটিউব, এক্সসহ ২৬টা সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ সিদ্ধান্তই জনৰোষৰ জুই অধিক প্ৰজ্বলিত কৰে। সোমবাৰে তৰুণ প্ৰজন্মই ৰাজপথত নামি তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে। মঙলবাৰে এই আন্দোলনৰ উগ্ৰতা আৰু বৃদ্ধি পায়। অৱশেষত তীব্ৰ চাপৰ ফলত ইস্তফা দিবলগীয়া হয় অলি চৰকাৰে। তথাপি পৰিস্থিতি এতিয়াও সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰত। দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা অশান্তিৰ খবৰ আহিয়েই আছে।

You might also like