নেপালত আন্দোলনৰ মাজতো বিমান চলাচল অব্যাহতৰ ঘোষণা ইণ্ডিগোৰ
নেপালত চলি থকা প্ৰতিবাদৰ মাজতে ভাৰতীয় বিমান সংস্থা ইণ্ডিগোৱে কাঠমাণ্ডুৰ বাবে নিয়মীয়া উৰণ পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে, লগতে আবদ্ধ হৈ পৰা যাত্ৰীসকলক সহায় কৰাৰ বাবে বিশেষ বিমান উৰণৰ পৰিকল্পনা কৰিছে। এটা আনুষ্ঠানিক পৰামৰ্শত ইণ্ডিগোৱে জনাইছে যে আজিৰে পৰা কাঠমাণ্ডুৰ পৰা ভাৰতলৈ আৰু ভাৰতৰ পৰা কাঠমাণ্ডুলৈ দৈনিক চাৰিখন নিয়মীয়া উৰণ পৰিচালনা কৰিব। ইয়াৰ উপৰি একে দিনাই নিয়ন্ত্ৰকৰ অনুমোদনসাপেক্ষে দুখন বিশেষ উদ্ধাৰকাৰী বিমান উৰণ পৰিচালনা কৰাৰ পৰিকল্পনা কৰিছে। এই উৰণসমূহ বিশেষ ভাড়াত প্ৰদান কৰা হ’ব যাতে যাত্ৰীসকলে সহজে ঘৰলৈ উভতিব পাৰে।
নেপালত ৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা জেন-জেডৰ নেতৃত্বত চলা প্ৰতিবাদত মৃত্যুৰ সংখ্যা ৩০জনলৈ বৃদ্ধি পাইছে বুলি স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰণালয়ে ঘোষণা কৰিছে। মন্ত্ৰণালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, দেশজুৰি ১,০৩৩জন আহত হৈছে, যাৰে ৭১৩জন ইতিমধ্যে চিকিৎসালয়ৰ পৰা মুক্তি পাইছে, ৫৫জনক অধিক চিকিৎসাৰ বাবে অন্যান্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে, আৰু ২৫৩জন নতুনকৈ ভৰ্তি হৈ আছে। কাঠমাণ্ডুৰ চিভিল চাৰ্ভিচ হাস্পতালত সৰ্বাধিক ৪৩৬জন ৰোগীৰ চিকিৎসা চলি আছে, নেশ্যনেল ট্ৰমা চেণ্টাৰত ১৬১জন আৰু এভাৰেষ্ট হাস্পতালত ১০৯জনৰ চিকিৎসা চলি আছে। দেশৰ মুঠ ২৮খন হাস্পতালত প্ৰতিবাদৰ ফলত আহতসকলৰ চিকিৎসা কৰা হৈছে।
জেন-জেড নেপালৰ বেনাৰত চলা এই প্ৰতিবাদৰ সময়ত সুৰক্ষা বাহিনীয়ে সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা কৰা প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত জীৱন্ত গুলী আৰু টিয়াৰ গেছ নিৰ্বিচাৰে প্ৰয়োগ কৰিছিল। মঙলবাৰে প্ৰতিবাদ হিংসাত্মক হৈ পৰাৰ পিছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰে, কিয়নো প্ৰতিবাদকাৰীয়ে সংসদ ভৱন, ৰাষ্ট্ৰপতিৰ কাৰ্যালয় আৰু কেইবাটাও চৰকাৰী ভৱনত জুই দিয়ে। প্ৰতিবাদৰ সূচনা হৈছিল ৮ ছেপ্টেম্বৰত নেপাল চৰকাৰে ছ’চিয়েল মিডিয়া এপৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত। তাৰ পিছত এই নিষেধাজ্ঞা কেৱল প্ৰতিবাদৰ ট্ৰিগাৰ পইণ্ট আছিল, মূলতঃ এই আন্দোলনে শাসনাধীন চৰকাৰৰ দুৰ্নীতি আৰু পক্ষপাতিত্বৰ অৱসানৰ দাবী জনাইছিল।
Niyomiya Barta Desk, 11 September