উপকৃত ২৫ লাখ ভাৰতীয় কৰ্মচাৰী : ছৌদি আৰবৰ ইতিহাসৰ ডাঙৰ সিদ্ধান্ত
এই পৰিৱর্তনে ছৌদি আৰবক বিশ্ব মঞ্চত এটা দায়িত্বশীল আৰু আধুনিক দেশ হিচাপে প্ৰতিষ্ঠা কৰিব, লগতে বিদেশী প্ৰতিভাসমূহক দেশখনৰ অৰ্থনীতিত অংশ ল’বলৈ আকৰ্ষণ কৰিব
ছৌদি আৰবে ২০২৫ চনৰ জুন মাহত নিজৰ ইতিহাসৰ আটাইতকৈ মানৱীয় সিদ্ধান্ত লৈছে। চৰকাৰে অধিকৃতভাৱে ‘কফালা (প্ৰায়োজন) প্ৰথা’ বিলোপ কৰিছে— যি দশকজুৰি প্ৰৱাসী কৰ্মচাৰীৰ বাবে এক ডাঙৰ বোজা হৈ আছিল। এই পদক্ষেপটো যুৱৰাজ মহম্মদ বিন ছালমানৰ ‘ভিজন ২০৩০’ নীতিৰ অংশ, যাৰ লক্ষ্য হৈছে দেশখনৰ অৰ্থনীতিৰ ওপৰত তেলৰ নিৰ্ভৰতা হ্ৰাস কৰি কৰ্মবজাৰক আধুনিক ৰূপ দিয়া।
প্ৰৱাসী কৰ্মচাৰীৰ বাবে ডাঙৰ স্বস্তি
এই সিদ্ধান্তৰ ফলত প্ৰায় ১.৩৪ কোটি বিদেশী কৰ্মচাৰী উপকৃত হ’ব, যাৰ ভিতৰত প্ৰায় ২৫ লাখ ভাৰতীয় অন্তৰ্ভুক্ত। কফালা প্ৰথাটো গালফ দেশসমূহত বহুদিন ধৰি প্ৰচলিত আছিল। এই ব্যৱস্থাৰ অধীনত কোনো বিদেশী কৰ্মচাৰীয়ে দেশখনত কাম কৰিবলৈ স্থানীয় প্ৰায়োজকৰ অনুমতি ল’ব লাগিছিল। প্ৰায়োজকে সেই কৰ্মচাৰীৰ ভিছা, ‘ইকামা’ (বসবাসৰ অনুমতি), চাকৰি সলনি কৰাৰ অধিকাৰ আৰু দেশৰ পৰা ওলাই যোৱাৰ অনুমতিও নিয়ন্ত্ৰণ কৰিছিল। এই প্ৰথা লাহে লাহে শোষণৰ সঁজুলিৰূপে পৰিণত হৈছিল। বহু নিয়োগকর্তাই কৰ্মচাৰীৰ পাছপৰ্ট জব্দ কৰিছিল, বেতন ৰোধ কৰিছিল আৰু বলপূৰ্বক কাম কৰোৱাইছিল। আন্তর্জাতিক সংগঠনসমূহে এই ব্যৱস্থাক “আধুনিক দাসত্ব” বুলি বৰ্ণনা কৰিছিল।
নতুন শ্রম নীতিৰ মুখ্য পৰিবর্তন
ছৌদি আৰবে এতিয়া যি নতুন আইনখন আনিছে, সেয়া সম্পূৰ্ণ ডিজিটেল আৰু স্বচ্ছ ব্যৱস্থাত আধাৰিত।
- এতিয়া কৰ্মচাৰীয়ে নিজৰ প্ৰায়োজকৰ অনুমতি নোলোৱাকৈ চাকৰি সলনি কৰিব পাৰিব, যদি তেওঁলোকৰ চুক্তি শেষ হৈছে বা প্ৰযোজ্য জাননী দিছে।
- দেশৰ পৰা ওলাই যোৱা বা পুনৰ ঘূৰি আহিবলৈ ‘এগজিট পাৰ্মিটৰ প্ৰয়োজন নহ’ব।
- সকলো প্ৰক্ৰিয়া এতিয়া অনলাইন প’ৰ্টেলৰ মাধ্যমেৰে সম্পন্ন হ’ব, ফলত অন্যায়ৰ সুযোগ নাথাকিব।
এই পৰিবর্তনে ছৌদি আৰবক এটা আধুনিক, মানৱাধিকাৰ সমৰ্থক আৰু বিনিয়োগ-বান্ধৱ দেশ হিচাপে প্ৰতিষ্ঠা কৰিছে।
ছৌদি আৰবত কাম কৰা ভাৰতীয় কৰ্মচাৰীৰ বাবে এই পৰিৱর্তন এক জীৱন সলনি কৰা পদক্ষেপ হিচাপে বিবেচিত হৈছে। এতিয়া কোনো শ্ৰমিকে যদি অন্যায় ব্যৱহাৰ বা অমানৱীয় বেতন নীতিৰ সন্মুখীন হয়, তেনেহ’লে তেওঁ ভয় নকৰাকৈ অন্য চাকৰি বিচাৰিব পাৰে। আগৰ দৰে পাছপৰ্ট জব্দ কৰা বা বিদেশ যোৱাৰ অনুমতি ৰোধ কৰা অপৰাধ হিচাপে গণ্য হ’ব। ই ভাৰতীয় প্ৰৱাসীসকলক অধিক সুৰক্ষা, ন্যায়সঙ্গত কৰ্ম পৰিৱেশ আৰু যথোপযুক্ত বেতন লাভৰ সুযোগ প্ৰদান কৰিব। ই ব্যক্তিগত স্বাধীনতা বৃদ্ধি কৰাৰ লগতে কোম্পানীসমূহকো অধিক প্ৰতিযোগিতামূলক হ’বলৈ উৎসাহিত কৰিব।
এই পৰিবর্তন কিয় জৰুৰী
এই পদক্ষেপ কেৱল এক শ্রম নীতি নহয়, ই এক কূটনৈতিক সংকেতো। ছৌদি আৰবে এতিয়া বিশ্ব বিনিয়োগকাৰী আৰু আন্তর্জাতিক প্ৰতিষ্ঠানসমূহক এই বাৰ্তা দিব বিচাৰে যে তেওঁলোকে মানৱাধিকাৰ আৰু স্বচ্ছতাৰ মান সঁচাকৈ গ্ৰহণ কৰিছে। আন্তর্জাতিক শ্রম সংগঠনে (ILO) বহু বছৰ ধৰি কফালা প্ৰথা বিলোপৰ দাবী কৰি আহিছিল। এই পৰিৱর্তনে ছৌদি আৰবক বিশ্ব মঞ্চত এটা দায়িত্বশীল আৰু আধুনিক দেশ হিচাপে প্ৰতিষ্ঠা কৰিব, লগতে বিদেশী প্ৰতিভাসমূহক দেশখনৰ অৰ্থনীতিত অংশ ল’বলৈ আকৰ্ষণ কৰিব।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ অক্টোবৰ