প্রথমবাৰৰ বাবে মহৰ সন্ধান লাভ আইচলেণ্ডত, অভাৱনীয় ঘটনাৰ সাক্ষী হ’ল দেশ
গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনে পৃথিৱীৰ প্রান্তে প্রান্তে অভাৱনীয় ঘটনাৰ সূত্রপাত ঘটাইছে৷ অভিলেখ পৰিমাণৰ তাপমাত্রা বৃদ্ধি পোৱা বাবে আইচলেণ্ডেও এনে এক ঘটনাৰ সাক্ষী হৈছে৷ মহমুক্ত দেশ আইচলেণ্ডত প্রথমবাৰৰ বাবে মহৰ অৱস্থিতি ধৰা পৰিছে৷ বিগত কেইবাদশকৰ তাপমাত্রাৰ অভিলেখ ভংগ কৰি অস্বাভাৱিকভাৱে আইচলেণ্ডত তাপমাত্রা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততে মহৰ অৱস্থিতি ধৰা পৰিছে৷
পতংগ বিশেষজ্ঞ বর্ন হাল্টছনে কেইবা নিশা পর্যবেক্ষণ চলাই দুটা মাইকী মহ আৰু এটা মতা মহৰ অৱস্থিতি ধৰা পেলায়৷ পতংগ বিশেষজ্ঞগৰাকীয়ে ধৰা পেলোৱা মহকেইটাক পিছলৈ কুলিচেটা অন্নুলতা প্রজাতিৰ বুলি চিনাক্ত কৰিছে৷ এই প্রজাতিটোৱে অতি শীতল পৰিৱেশতো জীয়াই থাকিব পাৰে৷
উল্লেখ্য যে এণ্টাৰ্কটিকাকে ধৰি আইচলেণ্ডত মহ নাছিল যদিও গোলকীয় উষ্ণতা বৃদ্ধিয়ে অভাৱনীয় ঘটনাৰ সূত্রপাত ঘটাবলৈ আৰম্ভ কৰিছে৷ আইচলেণ্ডৰ ৰাজধানী ৰেইক জেভিকৰ পৰা দক্ষিণ–পশ্চিমৰ হিমবাহ অঞ্চলত এই মহৰ অৱস্থিতি ধৰা পৰিছে৷ পতংগ বিশেষজ্ঞগৰাকীয়ে তেওঁৰ ফেচবুক পেজত আইচলেণ্ডত মহ অৱিষ্কাৰ কৰা বুলি ঘোষণা কৰাৰ লগে লগে বিশ্বজুৰি প্রকৃতিপ্রেমীৰ মাজত উৎসুকতা বৃদ্ধি পাইছে৷ ইতিমধ্যে বিশেষজ্ঞজনে মহকেইটাক ধৰি আইচলেণ্ডৰ ইনষ্টিটিউট অৱ নেচাৰেল হিষ্টৰীলৈ প্রেৰণ কৰিছে৷ ইনষ্টিটিউটটোৰ বিশেষজ্ঞ মেথিয়াছ এলফ্রেছনে মহৰ অৱস্থিতি নিশ্চিত কৰিছে৷
উল্লেখ্য যে আইচলেণ্ডত অৱিষ্কাৰ হোৱা এই প্রজাতিৰ মহ সাধাৰণতে ইউৰোপ আৰু উত্তৰ আফ্রিকাত পোৱা যায়৷ কিন্তু আইচলেণ্ডলৈ কিদৰে এই মহ গৈ পালে তাক লৈও অধ্যয়নৰ প্রয়োজনীয়তা আছে৷ মন কৰিবলগীয়া যে আইচলেণ্ডৰ শীতল জলবায়ু আৰু পতংগৰ প্রজননৰ বাবে জলৰ অভাৱৰ পৰিপ্রেক্ষিতত দেশখন মহমুক্ত৷ কিন্তু চলিত বর্ষত দেশখনত তাপমাত্রা বৃদ্ধিয়ে জলবায়ু পৰিৱর্তন ঘটাত মহৰ উৎপত্তি হোৱাৰ সন্দেহ প্রকাশ কৰিছে প্রকৃতি বিজ্ঞানীসকলে৷
নিউজ ডেস্ক, ২৩ অক্টোবৰ :