নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৩৭ শিখ তীর্থযাত্রীক পাকিস্তান ভ্রমণৰ অনুমতি

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ৪৩৭গৰাকী শিখ তীর্থযাত্রীক পাকিস্তান ভ্রমণ কৰিবলৈ অনুমতি প্রদান কৰা হৈছে৷ বৈশাখী উৎসৱ উপলক্ষে এই ভাৰতীয় শিখ লোকসকলক পাকিস্তান ভ্রমণৰ অনুমতি প্রদান কৰা বুলি বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷

স্মর্তব্য যে ১৯৭৪ চনত দুয়োখন প্রতিৱেশী দেশে স্বাক্ষৰ কৰা ‘বাইলেটেৰেল প্রট’কল অন ভিজিটছ টু ৰিলিজিয়াছ শ্রাইনছ’ৰ অধীনত দুয়োখন দেশৰ জ্যেষ্ঠ নাগৰিকসকলে কেইটামান নির্দিষ্ট ধর্মীয় স্থান বছৰি দর্শন কৰি আহিছে৷ শিৰোমণি গুৰুদ্বাৰা প্রবন্ধক কমিটী (এছজিপিচি)ৰ তৰফৰ পৰাও এই কথা সংবাদ মাধ্যমক জনোৱা হৈছে৷

অৱশ্যে এই তীর্থযাত্রীসকলে পাকিস্তানত গুৰুদ্বাৰা ভ্রমণ নকৰে বুলি সংবাদ মাধ্যমক জনাইছে৷ কাইলৈ পাকিস্তান অভিমুখে যাত্রা কৰিবলগীয়া তীর্থযাত্রীৰ দলটো উভতি আহিব ২২ এপ্রিলত৷

You might also like