নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি–মধ্য অসমত ধুমুহাৰ তাণ্ডৱ

উৰুৱাই নিলে নলবাৰী থানাৰ অ’চিৰ বাসগৃহৰ টিনপাতঃ ভিন্ন প্রান্তত উভালি পৰিল প্রকাণ্ড গছ–বৈদ্যুতিক খুঁটা

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ  বাক্সা জিলাৰ জালাহ ৰাজহ চক্রৰ অন্তর্গত বিভিন্ন অঞ্চলৰ লগতে জিলাখনৰ বিভিন্ন ঠাইৰ কেইবাখনো গাঁৱত কালি সন্ধিয়া প্রায় ৮ বজাত অহা এজাক প্রচণ্ড ধুমুহাই তাণ্ডৱ চলায়৷ প্রাপ্ত তথ্যমতে, ৰাজহ চক্রৰ জালাহ, জলাগাঁও, জাৰাবাৰী, চকাদল, ফুলগুৰি, হজুৱা, কুন্দৰগাঁও, ভোটেপোৱাবডি, অঞ্চলী, টকুৰাকুছি আদিৰ উপৰি ডুমুনী, কৰমতুলি, সোণাপুৰ, নাওপুতা, বনগাঁও, ডাঙৰীগাঁও, বাটাবাৰী, দক্ষিণ বাটাবাৰী, অহোপা আদি গাঁৱত ধুমুহাই তামোল ভাঙি, গছ উভালি থৈ যায় আৰু ঠায়ে ঠায়ে বাসগৃহ, গোহালি আদিৰ টিনৰ চালি উৰুৱাই নিয়ে৷ গছৰ ডাল ভাঙি পৰাত বাসগৃহৰ বিস্তৰ ক্ষতি হয়৷ ধুমুহাই লাউখাটাত থকা শ্রীশ্রী শংকৰদেৱ হাইস্কুলৰ এটা শ্রেণীকোঠাৰ টিনৰ চালি, জলাগাঁও–নলবাৰীস্থ ১৫৪৯নং বাপুজী আদর্শ বিদ্যালয়ৰ টিনৰ চালি উৰুৱাই নিয়ে আৰু বংশী গোপাল নামঘৰৰ টিনৰ চালি বিধ্বস্ত কৰি থৈ যায়৷ জাৰাবাৰীৰ ঔগুৰিস্থিত নামঘৰৰো ক্ষতি হয়৷ ফুলগুৰি গাঁৱতো ধুমুহাই গছ– গছনি, তামোল আদি ভাঙে৷ গাঁওখনৰ যতীন দাস নামৰ লোক এজনৰ বাসগৃহত শিমলু গছ এডাল ভাঙি পৰি বাসগৃহটোৰ ক্ষতি হয়৷ আনহাতে জিলাখনৰ কুঁজিদেওৰস্থিত চাপাগুৰি সমবায় সমিতিৰ গুদামঘৰৰ টিনপাত ধুমুহাই উৰুৱাই নিয়াত কেইবাকুইণ্টলো চাউল বৰষুণত তিঁতি যায়৷ জালাহ জাতীয় বিদ্যালয়ৰো ধুমুহাৰ ফলত যথেষ্ট ক্ষতি হয়৷ তদুপৰি অঞ্চলটোৰ কেইবা ঠাইতো তামোল, গছ–গছনি আদি ভাঙি বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি থৈ যোৱাত সমগ্র অঞ্চলটোত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে৷
ধুমুহাত উৰুৱাই নিলে নলবাৰীৰ অ’চিৰ চৰকাৰী বাসগৃহৰ টিনপাত
কালি সন্ধিয়া হঠাতে অহা এজাক প্রবল ধুমুহা–বৰষুণে নলবাৰী জিলাৰ বিভিন্ন প্রান্তত ক্ষতি কৰে৷ প্রচণ্ড ধুমুহাই নলবাৰী সদৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াৰ আৱাসৰ তিনিটা কোঠাৰ টিনপাত উৰুৱাই নিয়ে৷ আনহাতে শৌচালয়ৰ টিনপাতো উৰুৱাই নিয়ে৷ ধুমুহাত কোঠাৰ বিভিন্ন সা–সামগ্রী নষ্ট হয়৷ ধুমুহাই চহৰৰ বহু পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে ব্যৱসায়িক প্রতিষ্ঠানৰ ছাইনব’ডৰ ক্ষতি কৰে৷
বাক্সা–বৰপেটাত প্রচণ্ড ধুমুহাত বিস্তৰ ক্ষতি
ৰাজ্যৰ বিভিন্ন প্রান্তৰ সমান্তৰালকৈ বাক্সা–বৰপেটা জিলাতো প্রচণ্ড ধুমুহাই বিস্তৰ ক্ষতি কৰে৷ যোৱানিশা তাণ্ডৱ চলোৱা প্রচণ্ড ধুমুহা–বৰষুণজাকে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তর্গত খাৰিজা বিজনীৰ ৰঙাচাৰা, বাঁহবাৰী, পালছিগুৰি, ৰূপহী আদি অঞ্চলৰ লগতে বাক্সা–বৰপেটা সীমামূৰীয়া কাটাঝাৰ, মাধপুৰ আদি অঞ্চলত প্রকাণ্ড প্রকাণ্ড গছ উভালি পৰাৰ ফলত বাসগৃহসমূহৰ ক্ষতি হোৱাৰ উপৰি ব্যাহত হৈ পৰে স্বাভাৱিক জনজীৱন৷ ইয়াৰোপৰি ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা ভাঙি পৰাত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে৷ উল্লেখ্য যে প্রচণ্ড ধুমুহা–বৰষুণৰ ফলত কৃষিক্ষেত্রতো বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হয়৷
ৰঙিয়াত ধুমুহাত বিস্তৰ ক্ষতি, টিনপাত উৰুৱাই নিলে বহু গৃহৰ
যোৱানিশা প্রচণ্ড ধুমুহা–বৰষুণে ৰঙিয়াৰ বিস্তীর্ণ অঞ্চলৰ ক্ষতি কৰে৷ মহকুমাটোৰ প্রায়ভাগ অঞ্চলত ধুমুহাৰ বাবে বহু গৃহ ভাঙি যায়৷ বহু লোকৰ ঘৰ–বাৰীৰ ক্ষতি কৰাৰ উপৰি টিনপাত আদি উৰুৱাই নিয়ে৷ ধুমুহা–বৰষুণত শতাধিক পৰিয়ালৰ আলাই–আথানি নোহোৱা হয়৷ ৰঙিয়াৰ মুৰাৰা, হালিকুছি, তুলসীবাৰী আদি অঞ্চলত প্রবল ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বহু গছ–গছনি উভালি পৰে৷ বহু ঠাইত বিদ্যুতৰ তাঁৰ ছিগি যোৱাত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে৷ কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্টেৰে কৰা খেতিডৰাও বহু ঠাইত নষ্ট হোৱাত মূৰে–কপালে হাত দিব লগা হৈছে কৃষকসকলে৷
ভেৰগাঁৱত নিশা ধুমুহাত বিধ্বস্ত দাৰোগাচুবা বীণাৰাম বডো এম ই বিদ্যালয়ৰ গৃহ
তীব্রবেগী এজাক ধুমুহা–বতাহে ভেৰগাঁৱৰ বিস্তীর্ণ অঞ্চলত তাণ্ডৱ চলাই বিস্তৰ ক্ষতি কৰে৷ নিশা ৯ মান বজাত বলা তীব্রবেগী ধুমুহাই ভেৰগাঁৱৰ উত্তৰাঞ্চলত বহু লোকৰ তামোল গছ ভাঙি, ঘৰৰ চালি উৰুৱাই বিস্তৰ ক্ষতি কৰে৷ ভেৰগাঁৱৰ দাৰোগাচুবাস্থিত ১৯৯৬ চনত স্থাপিত বীণাৰাম বডো সোঁৱৰণী মধ্য ইংৰাজী বিদ্যালয়ৰ শ্রেণীকক্ষৰ বাটামসহ টিনপাত সম্পূর্ণভাৱে বহু দূৰলৈ উৰুৱাই লৈ যায়৷ গাঁও অঞ্চলত গছ–গছনি ভাঙি বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে৷
ধুমুহাত চিৰাঙত বিস্তৰ ক্ষতি, এজনৰ প্রাণহানি
চিৰাং জিলাৰ ওপৰেৰে শনিবাৰে নিশা পাৰ হৈ যোৱা এজাক প্রচণ্ড ধুমুহাই বিস্তৰ ক্ষতি কৰিছে৷ এই ধুমুহাত এজন লোকৰ মৃত্যু হয়৷ জিলাখনৰ চিদলী ৰাজহ চক্রৰ অন্তর্গত কুকুৰমাৰী, ধূপগুৰি, ছুকানীপাৰা, চাপাগুৰি আদি কেইবাখনো গাঁৱৰ বহুকেইটা বাসগৃহ সম্পূর্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে বৰতালোৱা, ছাতিপুৰ, মংলাগাঁও, বিজিআৰ টাউনশ্বিপকে ধৰি বহু অঞ্চলৰ ভালেমান গছ–গছনি ভাঙি বাট–পথত যাতায়াত বন্ধ হৈ পৰে৷ ঠায়ে–ঠায়ে বিদ্যুতৰ তাঁৰ ছিঙি পৰে৷ ইফালে খামাৰপাৰা গাঁৱৰ প্রয়াত আকন বডোৰ পুত্র গেন্দেল বডোৰ ধুমুহাত মৃত্যু হয় বুলি চিদলী ৰাজহ চক্রৰ ক্ষেত্র বিষয়াৰ সূত্রে লাভ কৰা তথ্যৰ আধাৰত জিলা তথ্য আৰু জনসংযোগ বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

You might also like