মেক্সিকোৰ ছুপাৰ মাৰ্কেটত ভয়ংকৰ বিস্ফোৰণ, শিশুসহ নিহত ২৩
ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : মেক্সিকোৰ এখন ছুপাৰ মাৰ্কেটত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত ২৩জনৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। মৃত ২৩জনৰ ভিতৰত বহুকেইটি শিশুও আছে। আহত হৈছে আৰু ১১জন। কি কাৰণত এই বিস্ফোৰণটো সংঘটিত হ’ল, সেয়া এতিয়াও জনা হোৱা নাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
শনিবাৰে বিয়লি মেক্সিকোৰ ছোনোৰা প্ৰদেশৰ হাৰ্মোচিলো চহৰৰ এখন জনপ্ৰিয় ছুপাৰ মাৰ্কেটত হঠাৎ বিকট শব্দ কৰি ভয়াৱহ বিস্ফোৰণটো সংঘটিত হয়। বিস্ফোৰণৰ ফলত কঁপি উঠে সমগ্ৰ এলেকাটো। জানিব পৰা মতে, ঘটনাৰ সময়ত ছুপাৰ মাৰ্কেটৰ ভিতৰত বহু লোক আছিল। আতংকত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ছুপাৰ মাৰ্কেটখনত। ঘটনাৰ খবৰ পাই ততালিকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল।
ছোনোৰা প্ৰদেশৰ গভৰ্নৰ আলফন্সো ডুৰাজোৱে কয় যে ঘটনাত ভুক্তভোগীসকলৰ ভিতৰত কেইবাটিও নাবালক আছে আৰু আহতসকলক হাৰ্মোচিলোৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে। “মই ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ আৰু দোষীসকলক চিনাক্ত কৰিবলৈ এক বিস্তৃত আৰু স্বচ্ছ তদন্তৰ নিৰ্দেশ দিছোঁ”- ডুৰাজোৱে কয়।
ঘটনাত শোক প্ৰকাশ কৰিছে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্ল’ডিয়া শ্বেইনবাউমে। তেওঁ এক্স হেণ্ডেলত লিখিছে- ‘এই বিস্ফোৰণৰ ঘটনাত মই গভীৰভাৱে শোকাহত। মৃতকৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ।’