নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ বর্গকিলোমিটাৰ ভাৰতীয় ভূমি দখলেৰে বিশাল আন্তঃগাঁথনি নির্মাণ চীনৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ অৰুণাচল প্রদেশৰ ভূমিত গাঁও নির্মাণ কৰা ৰঙা চীনে ডোকলামতো গাঁও নির্মাণ কৰিছে৷ ১০০ বর্গকিলোমিটাৰ ভাৰত ভূমি দখলেৰে চীনে গাঁও–আন্তঃগাঁথনি নির্মাণ কৰা বুলি দাবী কৰিছে বিৰোধী কংগ্রেছে৷ অৰুণাচল প্রদেশত চীনে গাঁও নির্মাণ কৰাৰ পাছতো দেশৰ নিৰাপত্তাক লৈ মৌন হৈ থকা প্রধানমন্ত্রী নৰেন্দ্র মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰি কংগ্রেছৰ মুখপাত্র গৌৰৱ বল্লভে কয় যে ডোকলামৰ সমীপত চীনে কেইবাখনো গাঁও নির্মাণ কৰিছে৷ ২০২০ চনৰ মে’ৰ পৰা ২০২১ চনৰ নৱেম্বৰৰ মাজত চীনে ভাৰতৰ ১০০ বর্গ কিলোমিটাৰ ভূমি দখল কৰি কেইবাখনো গাঁও নির্মাণ কৰিছে৷

উল্লেখ্য যে ২০১৭ চনত চীন আৰু ভাৰতীয় সেনাৰ মাজত সংঘর্ষ হোৱা ডোকলাম সমভূমিৰ সমীপতে এই গাঁওবোৰ নির্মাণ কৰা হৈছে৷ ভাৰতৰ সার্বভৌমত্বক প্রত্যাহ্বান জনাই ডোকলামত চীনে গাঁও নির্মাণ কৰাৰ তথ্য আলোকচিত্রসহ ডেট্র’ছফাই প্রচাৰ কৰাৰ পাছতেই বিৰোধী কংগ্রেছ দলে এন ডি এ চৰকাৰক আক্রমণৰ লক্ষ্য কৰি লৈছে৷ সংবাদ মেলত কংগ্রেছৰ মুখপাত্র গৌৰৱ বল্লভে চীন আৰু ভূটানৰ বিবদমান অঞ্চলৰ ডোকলামৰ সমীপত ১০০ বর্গকিলোমিটাৰ ভূমি বেদখলেৰে কেইবাখনো গাঁও চীনে নির্মাণ কৰাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রীয় সুৰক্ষাৰ ক্ষেত্রত আপোচ কৰা বুলি অভিযোগ কৰিছে৷

চীনৰ আগ্রাসী পদক্ষেপৰ পাছতো প্রধানমন্ত্রী মৌন হৈ থকা বাবে কঠোৰ ভাষাৰে সমালোচনা কৰি কংগ্রেছৰ মুখপাত্র বল্লভে কয়– বিগত ১৮ মাহে মোদী চৰকাৰে আমাৰ ৰাষ্ট্রীয় সুৰক্ষাক লৈ অক্ষমণীয় আপোচ কৰিছে৷ আমাৰ দমনত থকা কৈলাস ৰেঞ্জ আৰু পেংগং হ্রদৰ উত্তৰ দাঁতিৰ ফিংগাৰ চাৰি আৰু ফিংগাৰ তিনিৰ পৰা সেনা প্রত্যাহাৰ কৰিছে৷ ডেছপাং সমতলৰ ৱাই জংচনৰ ভিতৰলৈকে ভাৰত ভূমি চীনে দখল কৰিছে৷ গোগ্রা আৰু হটস্প্রিংছ ভাৰতৰ দখলৰ পৰা চীনে দখল কৰিলে৷ চীনৰ সেনা আমাৰ ভৌগোলিক সীমাত অনুপ্রৱেশ কৰিছে৷ অৰুণাচল প্রদেশত গাঁও নির্মাণ কৰিছে৷ গাঁওবোৰ দুটা কাৰক হিচাপে ব্যৱহাৰ কৰিছে৷ আৱাসিক গাঁৱৰ লগতে মিলাটেৰী কণ্টেইনমেণ্ট হিচাপে ব্যৱহাৰ কৰিছে৷

চীনে বে–আইনীভাৱে ডোকলামৰ সমীপত ১০০ বর্গ কিলোমিটাৰ ভূমি বেদখলেৰে চাৰিখন নতুন গাঁও স্থাপন কৰাৰ পাছতো ৰাষ্ট্রীয় সুৰক্ষাক লৈ নতুন দিল্লীয়ে মৌন হৈ আছে বুলি সমালোচনা কৰে কংগ্রেছৰ মুখপাত্রগৰাকীয়ে৷ সশস্ত্র বাহিনীৰ বীৰত্ব আৰু সাহসক বাৰম্বাৰ প্রচাৰ কৰি থকা প্রধানমন্ত্রী মোদীয়ে কিয় সীমান্ত অতিক্রম কৰি দেশৰ ভূমিত চীনে গাঁও নির্মাণ কৰাৰ পাছত মৌন হৈ আছে, তাক লৈ প্রশ্ন উত্থাপন কৰে কংগ্রেছে৷

You might also like