‘অপাৰেচন সিন্দূৰ’ৰ সময়ত পাকিস্তানলৈ গৈ সহায় কৰিছিল চীনে
ডিজিটেল ডেস্ক, ১০ মে’ : ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত পাকিস্তানক সহায় কৰিছিল ৰহা চীনে৷ প্রথমবাৰৰ বাবে এই কথা স্বীকাৰ কৰিলে চীনে৷ চীনৰ সংবাদ মাধ্যমত প্রকাশ পাইছে এই প্রতিবেদন৷ তাত কোৱা হৈছে যে পাকিস্তানলৈ গৈ যুদ্ধ বিমান মেৰামতি, প্রযুক্তিগত ৰক্ষণাবেক্ষণত সহায় কৰিছিল চীনৰ ইঞ্জিনীয়াৰসকলে৷
ইয়াৰ পূর্বে ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত পাকিস্তানক সহায় কৰা বুলি চীনৰ বিৰুদ্ধে অভিযোগ উঠিলেও তেওঁলোকে কোনো মন্তব্য কৰা নাছিল৷ এইবাৰেই প্রথম এই সন্দর্ভত স্বীকাৰোক্তি দিলে চীনে৷
বৃহস্পতিবাৰে এটা সাক্ষাৎকাৰত এভিয়েচন ইণ্ডাষ্ট্রী কর্প’ৰেচন অৱ চীনৰ কেইজনমান ইঞ্জিনীয়াৰে প্রকাশ কৰে যে পাকিস্তানলৈ গৈ যুদ্ধ বিমান ৰক্ষণাবেক্ষণত সহায় কৰিছিল ঝাং হেঙে৷ তেওঁ আছিল চেংদু এয়াৰক্রাফট ডিজাইন এণ্ড ৰিছার্চ ইনষ্টিটিউটৰ ইঞ্জিনীয়াৰ৷