দিল্লীৰ বিষাক্ত বতাহ নির্মল কৰিব চীনে
দ্রুত নগৰীকৰণৰ ফলত ভাৰত আৰু চীন দুয়োখন দেশেই প্রদূষণৰ সৈতে যুঁজিবলগীয়া হৈছে৷ এই সমস্যাই এতিয়া আমাৰ ওচৰত অত্যন্ত গুৰুত্বপূর্ণ হৈ দেখা দিছে৷ তথাপি যোৱা দশকত চীনৰ অবিৰত প্রচেষ্টাৰ ফলত প্রদূষণৰ সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্রত বহুখিনি সাফল্য লাভ কৰিব পৰা গৈছে
ভয়াৱহ বায়ু প্রদূষণৰ কৱলত ৰাজধানী দিল্লী৷ প্রতিদিনে ৰেকর্ড ভংগ কৰিছে একিউআয়ে৷ এনে এটা গুৰুতৰ কথা হ’ল যে এই পৰিস্থিতিত ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে প্রতিৱেশী চীন৷
চীনৰ তৰফৰ পৰা এক বিবৃতিযোগে জনোৱা হৈছে যে প্রদূষণৰ সমস্যা মোকাবিলা কৰাৰ বাবে কি কি ব্যৱস্থা গ্রহণ কৰা উচিত সেই বিষয়ে বিস্তাৰিত পৰামর্শ আগবঢ়াই এখন তালিকা প্রকাশ কৰিব তেওঁলোকে৷ চীনে নিজৰ ক্ষেত্রত কিদৰে বায়ু প্রদূষণ ৰোধ কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে সেই ব্যৱস্থাই তেওঁলোকে ভাৰতৰ সৈতে ভাগ–বাটোৱাৰা কৰি ল’ব৷
বিবৃতিটো প্রকাশ কৰি চীনে জনায় যে তেওঁলোকে ভাৰতৰ সৈতে হাতত হাত মিলাই বায়ু প্রদূষণ ৰোধ কৰাৰ বাবে যুটীয়াভাৱে কাম কৰিবলৈ প্রস্তুত৷ ক্রমবর্ধমান পাৰিপার্শ্বিক সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্রত ইতিমধ্যে একাধিক প’ষ্ট দিবলৈ আৰম্ভ কৰিছে চুবুৰীয়া ৰাষ্ট্রখনে৷ ভাৰতত থকা চীনা দূতাবাসৰ মুখপাত্র ইউ জিঙে চীন আৰু ভাৰতৰ বায়ুৰ মানৰ তুলনা কৰি ছবিও শ্বেয়াৰ কৰিছে৷
এক্স হেণ্ডেলত ইউ জিঙে লিখিছে– ‘দ্রুত নগৰীকৰণৰ ফলত ভাৰত আৰু চীন দুয়োখন দেশেই প্রদূষণৰ সৈতে যুঁজিবলগীয়া হৈছে৷ এই সমস্যাই এতিয়া আমাৰ ওচৰত অত্যন্ত গুৰুত্বপূর্ণ হৈ দেখা দিছে৷ তথাপি যোৱা দশকত চীনৰ অবিৰত প্রচেষ্টাৰ ফলত প্রদূষণৰ সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্রত বহুখিনি সাফল্য লাভ কৰিব পৰা গৈছে৷’
চীনা মুখপাত্রগৰাকীয়ে জনায় যে কিদৰে চীনে এই সমস্যাৰ মোকাবিলা কৰিছে সেই বিষয়টোকে ভাৰতৰ সৈতে ভাগ–বাটোৱাৰা কৰিব তেওঁলোকে৷ ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে যে কিদৰে চীনে বায়ু প্রদূষণৰ মোকাবিলা কৰিছে তাক সৰু সৰু ছিৰিজৰ মাধ্যমেৰে প্রকাশ কৰা হ’ব৷ চীনৰ দাবী এই পদ্ধতি অৱলম্বন কৰি চীনৰ বায়ুৰ মান উন্নত হৈছে৷ ছবিত দেখা গৈছে বর্তমান বেইজিঙৰ একিউআই ৬৮, যি ক্ষেত্রত দিল্লীৰ মান ৪৪৭ হৈ আছে৷
ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ