নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : তাঁতৰ পাতত সপোন ৰচিছে কলিয়াবৰৰ মৰিয়া শিপিনী সমাজে

এই সকল লোকে অসমৰ দৌল-দেৱালয়, নামঘৰ, মঠ-মন্দিৰ, মছজিদ আদিৰ শিখৰত থকা কলচী, ঘৰুৱা আচবাব ,কাহী- বাতি ,ঘটি,লোটা, কলহ ,মাইহাং ,পানবটা আদি তৈয়াৰ কৰিছিল। আনহাতে মৰিয়া সমাজৰ মহিলা সকলেও  অসমীয়া কৃষ্টি - সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে

কনক হাজৰিকা

নগাঁও জিলাৰ কলিয়াবৰৰ এখন ঐতিহাসিক গাঁও হ’ল জয়ন্তীপুৰ।কলিয়াবৰৰ কুৱৰীটোলৰ কাষতে থকা গাঁওখন মৰিয়া সম্প্ৰদায়ৰ বাসস্থলী। আহোম স্বৰ্গদেউ চুহুংমুং বা দিহিংগীয়া ৰজাৰ দিনত  নগাঁও জিলাৰ শিলঘাটত ব্ৰহ্মপুত্ৰ নদীৰ  পাৰত আৰু হাটবৰত আহোম আৰু তুৰ্বকৰ মাজত যুদ্ধ হৈছিল। ১৫৩২ খ্ৰীষ্টাব্দত আহোম সৈন্যৰ হাতত ৯০০ তুৰ্বক সেনা বন্দী হৈছিল।

এইলোক সকলক কলিয়াবৰৰ জয়ন্তীপুৰত সংস্থাপিত কৰা হৈছিল।সেই সময়ত এই গাঁওখন মৰিয়া গাঁও হিচাপে জনাজাত আছিল। ১৯৭৪ চনত গাঁওখনৰ নাম জয়ন্তীপুৰলৈ ৰূপান্তৰিত হয়। এই গাঁওখনৰ এক সুকীয়া ঐতিহ্য আছে। আহোম ৰাজত্ব কালত গাঁওখনত দুটা মছজিদ নিৰ্মাণ কৰা হৈছিল।

ইয়াৰে বৰ মছজিদ সম্ভৱত অসমৰ ভিতৰত প্ৰথম নিৰ্মাণ হোৱা মছজিদ। ইয়াৰ নিৰ্মাণ শৈলী অসমৰ আন মছজিদতকৈ পৃথক।ইয়াত বৈষ্ণৱ ভাস্কৰ্যৰ প্ৰভাৱ বিৰাজ মান। হাড়ে হিমজুৱে অসমীয়া এই মৰিয়া সম্প্ৰদায়ৰ লোক সকলে অসমৰ ভাষা, সংস্কৃতি ,অৰ্থনীতি আদিলৈ অৱদান আগবঢ়াই আহিছে। নিজকে অসমীয়া বুলি গৌৰৱ অনুভৱ কৰা এই লোক সকলৰ সাজপাৰ, গীত- মাত, ভাৱ-ভাষা, খাদ্য, জীৱন নিৰ্বাহৰ প্ৰণালী, খেতি-বাতি আদি সকলোতে অসমীয়া কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰি এক সুকীয়া পৰিচয় ডাঙি ধৰিছে।

মৰিয়া জাতিৰ পুৰুষ সকলে কৃষি কাৰ্য্য ,পশুপালনৰ  কাহ-পিতলৰ কামত নিখুঁত ভাবে নিজকে নিয়োজিত কৰি আহিছে। কাহ-পিতলৰ শিল্প কাম মৰিয়াই মৰিয়াই কৰিছিল বাবে এই লোক সকলক মৰিয়া হিচাপে বহুতে অভিহিত কৰিছিল। কোনো কোনোৰ মতে পুৰ্বতে হিন্দু ধৰ্মৰ অনুৰাগী আছিল আৰু তেওঁলোকে মাৰৈ  পুজা (মনসা) কৰিছিল বাবে মৰিয়া নাম পাইছিল। কাহ – পিতল শিল্পৰ লগত নিপুনভাবে জড়িত এই লোক সকল বিশেষভাৱে পৰিচিত।

এই সকল লোকে অসমৰ দৌল-দেৱালয়, নামঘৰ, মঠ-মন্দিৰ, মছজিদ আদিৰ শিখৰত থকা কলচী, ঘৰুৱা আচবাব ,কাহী- বাতি ,ঘটি,লোটা, কলহ ,মাইহাং ,পানবটা আদি তৈয়াৰ কৰিছিল। আনহাতে মৰিয়া সমাজৰ মহিলা সকলেও  অসমীয়া কৃষ্টি – সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।

আই নাম ,বিয়ানাম , চৌমালী ,বিহু গীত  গোৱাৰ ওপৰিও  তিলপিঠা , লাৰু ,চুঙা পিঠা  আদি তৈয়াৰ কৰি অসমীয়া খাদ্য সংস্কৃতি ৰক্ষা কৰি আহিছে। মৰিয়া সমাজৰ মহিলা সকলে নিজৰ তাতশালত অসমৰ স্বাভিমানী বস্ত্ৰ গামোচা , ৰিহা ,মেখেলা ,এড়ী ছাদৰ , চেলেং ,বৰকাপোৰ আদি বৈছিল।এসময়ত জয়ন্তীপুৰৰ প্ৰতিঘৰ মৰিয়া মানুহৰ লোকৰ চোতালৰ কমপক্ষেও এখনকৈ তাতৰ শাল আছিল।

তাতশালত  শিপিনী সকলে বোৱা বস্ত্ৰ পৰিধান কৰাতো স্বাভিমানৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। উল্লেখ যে এটা সময়ত বিবাহৰ ক্ষেত্ৰত পাত্ৰীয়ে কোৰাণ পাঠ বা নামাজ পঢ়িব জানেনে নাজানে সোধাৰ পুৰ্বে  তাত বব জানেনে নাজানে সেই কথা দৰাপক্ষৰ মানুহে জানিব বিচাৰিছিল। মৰিয়া মহিলা শিপিনী সকলে  নিজৰ ঘৰতে এৰি পলুৰ সুতা টাকুৰিত  কাটি উলিওৱা সুতাৰে  প্ৰস্তুত কৰা এড়ী চাদৰ অসমৰ সম্ভ্ৰান্ত বস্ত্ৰ হিচাপে পৰিগণিত হৈছিল।

বিবাহৰ পাত্ৰীয়ে স্বামীগৃহলৈ মাকৰ ঘৰৰ পৰা দুখন এৰি চাদৰৰ লগতে বহুকেইখন গামোচা ,ৰিহা ,চাদৰ ,চেলেং ,বৰকাপোৰ আদি অসমীয়া সাজ- পাৰ শহুৰেকৰ পৰিয়ালক মান ধৰাৰ  উদ্দেশ্যে লৈ যোৱাটো  প্ৰায় বাধ্যতামূলক আছিল। মৰিয়া পুৰুষ সকল আহোম আৰু তুৰ্বকৰ যুদ্ধত আহোম সেনাৰ হাতত বন্দী হোৱাৰ পিছত আহোম স্বৰ্গদেউসকলে  তেওঁলোকক অসমৰ হকে মনেপ্ৰাণে উছৰ্গা কৰাৰ প্ৰতিশ্ৰুতিৰে ১৫৩২ খ্ৰীষ্টাব্দত অসমৰ নাগৰিকত্ব প্ৰদান কৰি এই ভূখণ্ডৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মহিলা সকলৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰাইছিল। সেই বাবেই অসমীয়া কৃষ্টি- সংস্কৃতি মৰিয়া সম্প্ৰদায়ৰ অতি আপোন।

গাঁওখনৰ বিশিষ্ট নাগৰিক তথা শিক্ষাবিদ ইনতাজ আলিয়ে জনোৱা মতে  আধুনিকতাৰ কবলত পৰি অসমীয়া স্বাভিমানী বস্ত্ৰ সমুহ এতিয়া  সস্তীয়া সুতা আৰু অতি সহজতে কাৰখানাত তৈয়াৰ কৰি বহু বনিয়াই অসমীয়া শিপিনী সকলৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰিছে বুলি কব পাৰি। বনিয়া সকলে অসমৰ বস্ত্ৰ উদ্যোগত প্ৰভাৱ বিস্তাৰ কৰিছে।

বিভিন্ন কাৰণত অসমীয়া শিপিনী সকলে এই কাম এৰি দিছিল। ক্ৰমশঃ জয়ন্তীপুৰৰ মৰিয়া মহিলা শিপিনী সকলেও নিজকে এই কামৰ পৰা নিজকে নিলগাই ৰাখিছিল। শেহতীয়াকৈ গাঁওখনৰ মহিলা ,যুৱতী সকলে এই শিল্পক পুনৰ  জীয়াই তোলাৰ প্ৰয়াস কৰিছে। গাঁওখনৰেই উদীয়মান যুৱক ইমদাদুল হকে তাতৰ কাম জনা কেইগৰাকীমান মহিলা শিপিনীক লৈ আৰম্ভ কৰিছে অসমীয়া স্বাভিমানী বস্ত্ৰ তৈয়াৰ কৰাৰ কাম।

গাঁওখনৰ  আমবিয়া বেগমক সভানেত্ৰী , ইয়াছমিন হুছেইনক সম্পাদিকা, চাহেবা বেগম, মুহিবা বেগম ,জেজিনা বেগম, নুৰেবা বেগম বাচিতা বেগম, হাচনা বেগমক লৈ ‘সপোনৰ শিপিনী সমাজ’ নামৰ এক বস্ত্ৰ প্ৰতিষ্ঠান আৰম্ভ কৰিছে।কিছুদিনৰ পুৰ্বে এই প্ৰতিষ্ঠান বিশিষ্ট সমাজ সেৱক মণিমাধৱ মহন্তই স্থানীয় সমাজকৰ্মী বিৰেণ বৰা, শৰৎ বৰা আৰু ৰেকিবুল হুছেইনৰ উপস্থিতিত শুভাৰম্ভ কৰে।

সমিতিৰ নেতৃত্বত গাঁওখনৰ একাংশ মহিলা যুৱতীয়েশ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক অসমীয়া বিভিন্ন বস্ত্ৰ প্ৰস্তুত কৰাৰ কামত লাগি পৰিছে। এড়ী চাদৰ প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা সমিতিখনৰ জৰিয়তে মহিলা সকলে অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিবলৈ নিশ্চিত ভাবে সক্ষম হব। ঐতিহ্যপুৰ্ণ গাঁওখনত এই শিল্পৰ জৰিয়তে পৰ্যটকক আকৰ্ষণ কৰাৰ সুবিধা লাভ কৰিব। এই শিপিনী সকলৰ এই প্ৰয়াসক সকলোৱে প্ৰশংসা কৰিছে। লগতে এই মহিলা শিপিনীসকল আন মহিলা ,যুৱতীৰ বাবে প্ৰেৰণাৰ উৎস হোৱাৰ সম্ভাৱনা আছে।

You might also like