নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনা হেকাৰ গোটৰ চকু কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নথিত

🔹 ভাৰতসহ বিভিন্ন দেশৰ চৰকাৰী বিভাগত চাইবাৰ আক্রমণ

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ বিভিন্ন বিভাগসহ ভাৰতত চাইবাৰ আক্রমণৰ ভয়াৱহ ব্লুপ্রিণ্ট চলাইছিল চীনৰ হেকাৰে৷ গৃহ মন্ত্রালয়, ৰিলায়েঞ্চ সংস্থা আৰু এয়াৰ ইণ্ডিয়াৰ কার্যালয়ৰ নথি ইতিমধ্যে হেক কৰা বুলি দাবী কৰিছে চীনৰ এক হেকিং গোটে৷ যি সময়ত লাডাখৰ গালৱান সীমান্ত উত্তপ্ত হৈ আছিল, সেই সময়তে বিভিন্ন তথ্য হেক কৰা বুলি অভিযোগ অনা হৈছে৷ অভিযোগ অনুসৰি, এমপ্লয়িজ প্রভিডেণ্ট ফাণ্ড (ইপিএফঅ’), ৰাষ্ট্রীয় পেন্সন পুঁজি, বিএছএনএল আৰু এখন বেচৰকাৰী হাস্পতালৰ নথি হেক কৰিছে চীনৰ সংস্থাটোৱে৷ শেহতীয়াকৈ এই তথ্য সদৰী কৰিছে দেশৰ কেইবাটাও সংবাদ মাধ্যমে৷ এই সংবাদ সংস্থাসমূহৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, গৃহ মন্ত্রালয়ৰ ছ’চিয়েল মিডিয়া একাউণ্ট, কর্মীসকলৰ ব্যক্তিগত কম্পিউটাৰৰ পৰা নথি হেক কৰা হৈছে৷ অকল ভাৰতেই নহয়, চীনৰ বন্ধু বুলি পৰিচিত পাকিস্তানসহ বিভিন্ন দেশৰ ডাটাও হেক কৰিছে চীনৰ এই চাইবাৰ অপৰাধী গোটটোৱে৷ চীনৰ এই হেকিং গোটৰ নাম ‘আই–ছুন’৷ এই গোটটোৰ তৰফৰ পৰা দাবী কৰা অনুসৰি, ভাৰতৰ গৃহ মন্ত্রালয়ৰ বিভিন্ন তথ্য ইতিমধ্যে হস্তগত কৰা হৈছে৷ ভাৰতৰ উপৰি আন কেইবাখনো দেশৰ চৰকাৰী নথি ‘আই–ছুন’–এ হেক কৰিছে৷ উল্লেখনীয় যে চীন চৰকাৰৰ পৰা এনেধৰণৰ বৃহৎ হেকিঙৰ বাবে ঠিকা লাভ কৰিবলৈ প্রতিযোগিতাতো নামিছিল ‘আই–ছুন’৷ সংস্থাটোৱে এই দাবীও কৰিছে যে হংকং চহৰৰ বিশ্ববিদ্যালয়, গণতান্ত্রিক সংগঠনৰ নথিও হেক কৰা হৈছে৷ এই সন্দর্ভত যোৱা সপ্তাহত গিটহাবত এটা পোষ্ট দিয়া হয় ‘আই–ছুন’ৰ তৰফৰ পৰা৷ এই পোষ্টত কি কি নথি হেক কৰা হৈছে, তাক সবিস্তাৰে প্রকাশ কৰিছে ‘আই–ছুন’–এ৷ লক্ষণীয়ভাৱে কালি সংস্থাটোৰ ৱেবছাইট ৰহস্যজনকভাৱে বন্ধ কৰি দিয়া হৈছে৷

You might also like