নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানক হৰুৱাই খিতাপ জয় ভাৰতৰ

🟢 জুনিয়ৰ এছিয়া কাপ হকী প্রতিযোগিতা

নিয়মীয়া বাৰ্তা, ৩ জুনঃ অভিলেখসংখ্যক চতুর্থবাৰৰ বাবে জুনিয়ৰ পুৰুষ এছিয়া কাপ হকী প্রতিযোগিতাৰ খিতাপ জয় কৰিলে ভাৰতে৷ অ’মানত অনুষ্ঠিত প্রতিযোগিতাখনৰ বৃহস্পতিবাৰে হৈ যোৱা তীব্র উত্তেজনাপূর্ণ ফাইনেল মেচখনত ভাৰতে চিৰপ্রতিদ্বন্দ্বী পাকিস্তানক ২–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে৷ প্রথমৰ পৰাই উন্নত প্রদর্শন দাঙি ধৰা ভাৰতে ১৩ মিনিটত প্রথমটো সফলতা লাভ কৰে৷ অংগদ বীৰ সিঙে গ’ল স্ক’ৰ কৰি ভাৰতীয় দলটোক প্রথমটো সফলতা প্রদান কৰে৷ ইয়াৰ ঠিক ৭ মিনিট পিছতেই ভাৰতীয় দলটোৱে আন এক সফলতা লাভ কৰে৷ আৰাইজিৎ সিং হুন্দলে দর্শনীয় গ’ল স্ক’ৰ কৰি ভাৰতীয় দলটোক ২–০ গ’লত অগ্রগতি প্রদান কৰে৷ অৱশ্যে পৰৱর্তী সময়ত পাকিস্তানে আক্রমণৰ চোক বৃদ্ধি কৰে আৰু ৩৭ মিনিটত সফলতা লাভ কৰে৷ আব্দুল বাছাৰটে গ’ল স্ক’ৰ কৰি ব্যৱধান ২–১লৈ হ্রাস কৰে যদিও পৰৱর্তী সময়ত ভাৰতীয় দলটোৰ ৰক্ষণ বিভাগক ভেদ কৰিব নোৱাৰাত মেচখনত পাক দলটোৱে ২–১ গ’লত পৰাজয় স্বীকাৰ কৰে৷ ভাৰতীয় দলটোৱে ইয়াৰ পূর্বে ২০০৪, ২০০৮ আৰু ২০১৫ চনত চেম্পিয়ন হোৱাৰ বিপৰীতে পাকিস্তানে ১৯৮৭, ১৯৯২ আৰু ১৯৯৬ চনত প্রতিযোগিতাখনৰ খিতাপ জয় কৰিছিল৷ ইফালে প্রতিযোগিতাখনত চেম্পিয়ন হোৱাৰ সূত্রে ভাৰতীয় হকীৰ এগ্জিকিউটিভ ব’র্ডে দলটোৰ প্রতিজন খেলুৱৈলৈ দুই লাখকৈ আৰু প্রতিগৰাকী ছাপ’ট ষ্টাফলৈ এক লাখ টকাকৈ নগদ ধন দিয়াৰ কথা ঘোষণা কৰিছে৷

You might also like