নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত বনকৰা কিশোৰীক অকথ্য নির্যাতন অভিযন্তা দম্পতীৰ

ডাঃ ৱালিউল ইছলাম আৰু তেওঁৰ চিকিৎসক পত্নী ডাঃ সংগীতা দত্তৰ শিহৰণকাৰী শিশু নির্যাতনৰ ঘটনাৰ পিছত গুৱাহাটী মহানগৰীত পোহৰলৈ আহিছে আন এক অনুৰূপ ঘটনা৷ মহানগৰীৰ পাঞ্জাবাৰীত এগৰাকী অভিযন্তা পৰিয়ালে এটি বনকৰা কিশোৰীক অমানুষিক অত্যাচাৰ কৰাৰ লগতে দীর্ঘদিন ধৰি অকথ্য নির্যাতন চলাই আহিছে৷ জিলা দণ্ডাধীশৰ উপস্থিতিত শ্রম বিভাগৰ নেতৃত্বত জিলা শ্রমিক টাস্ক ফ’র্চে চলোৱা অভিযানতেই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷

ঘটনাৰ বিৱৰণী অনুসৰি ব্রহ্মপুত্র ব’ৰ্ডৰ অভিযন্তা বাহাৰুল হক লস্কৰ আৰু তেওঁৰ পত্নী ফাতিমা আমৰিন আখতাৰ লস্কৰৰ লগতে তেওঁৰ সন্তানে বিগত প্রায় ৫ বছৰ ধৰি এগৰাকী বনকৰা কিশোৰীক অকথ্য নির্যাতন চলাই আহিছে৷ বনকৰা কিশোৰীগৰাকীক অভিযন্তা লস্কৰৰ পৰিয়ালে মাৰধৰ কৰাৰ লগতে ঘৰৰ বন্ধ কোঠাত আবদ্ধ কৰি ৰাখিছিল৷

ওচৰ–চুবুৰীয়াই পাঞ্জাবাৰীৰ জুৰিপাৰত থকা অভিযন্তাগৰাকীৰ ৬৯ নম্বৰ বাসগৃহত কান্দোনৰ শব্দ শুনি বছপন বচাও আন্দোলন নামৰ এক সংগঠনক অৱগত কৰে৷ পিছত সংগঠনটোৰ নেতৃবর্গই অভিযন্তা বাহাৰুল হক লস্কৰৰ বাসগৃহত অভিযান চলাই যদিও কিশোৰীগৰাকীৰ শুংসূত্র উলিয়াব পৰা নাছিল৷

পৰৱর্তী সময়ত এই সন্দর্ভত সংগঠনটোৱে আৰক্ষী–প্রশাসনৰ সহায় লোৱাৰ পিছত জিলা দণ্ডাধীশৰ উপস্থিতিত শ্রম বিভাগৰ নেতৃত্বই কামৰূপ মহানগৰ জিলা শ্রমিক টাস্ক ফ’চৰ এটা দলে অভিযন্তাগৰাকীৰ বাসগৃহত অভিযান চলায়৷ টাস্ক ফ’ৰ্চৰ এই অভিযানত এক নগ্ন সত্য কিশোৰী নির্যাতনৰ ঘটনা পোহৰলৈ আহে৷

অভিযানকাৰী দলটোৱে অভিযন্তাৰ পুত্রৰ বাসগৃহত অভিযান চলাই পুত্রৰ বক্স পালেঙৰ ভিতৰৰ পৰা এগৰাকী বনকৰা কিশোৰীক জীৱন্তে উদ্ধাৰ কৰে৷ অভিযোগ অনুসৰি উদ্ধাৰ অভিযানকাৰী দলটো বাসগৃহলৈ প্রৱেশ কৰাৰ উমান পাই অভিযন্তা পত্নী আমৰিন আখতাৰ লস্কৰে কিশোৰীগৰাকীক বক্স পালেঙৰ ভিতৰত লুকুৱাই ৰাখি ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল৷

কিন্তু প্রতিৱেশীৰ সহযোগত অভিযানকাৰী দলটোৱে কিশোৰীগৰাকীক বক্স পালেঙৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষী সূত্রই জানিবলৈ দিয়া মতে পাঁচ বছৰ পূর্বে অভিযন্তাগৰাকীয়ে মাহিলি এহেজাৰ টকা মাননিৰ বিনিময়ত ৭ বছৰীয়া শিশুটিক বন কৰা হিচাপে নিয়োগ কৰিছিল৷ সেই সময়ৰে পৰা বন কৰা শিশুটিক অভিযন্তা বাহাৰুল হক লস্কৰ আৰু পত্নী আমৰিন আখতাৰে অকথ্য নির্যাতন চলাই আহিছিল৷

আনকি এই বনকৰা কিশোৰীগৰাকীক বাহাৰুল হক লস্কৰৰ পত্নী ফাতিমা আমৰিন আখতাৰ লস্কৰে মজিয়াত শুবলৈ দিয়াৰ লগতে বাহিৰলৈ ওলাবলৈ দিয়া নাছিল৷ কিন্তু পখিলা খেদা বয়সতে মাত্র এহেজাৰ টকা মাননিৰ বিনিময়ত এইদৰে এগৰাকী কিশোৰীক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখাৰ লগতে শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱা এই ঘটনাক প্রতিৱেশী লোকে সহজভাৱে ল’ব পৰা নাই৷

ঘটনা সন্দর্ভত অভিযন্তা বাহাৰুল হক লস্কৰ আৰু তেওঁৰ পত্নী ফাতিমা আমৰিন আখতাৰ লস্কৰৰ বিৰুদ্ধে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী

You might also like