নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত ভয়াৱহ বান, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি

🔹 বেইজিঙৰ উপকণ্ঠ হেবেই প্রদেশত সন্ধানহীন ৩১

নিউজ ডেস্ক, ২ আগষ্ট : চুবুৰীয়া দেশ চীনত বানপানীয়ে ক্রমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণত কমেও ৬০জন লোকৰ মৃত্যু হৈছে৷ কেৱল বেইজিঙতে যোৱা সপ্তাহৰ পৰা এতিয়ালৈকে ৪০জন লোকৰ মৃত্যু হোৱা বুলি তথ্যত প্রকাশ৷ বিশেষজ্ঞসকলেও চীনৰ এই বছৰৰ প্রাকৃতিক দুর্যোগ অতি ভয়াৱহ বুলি সদৰী কৰিছে৷

উত্তৰ চীনৰ বানত মৃত্যু হোৱা ৬০জন লোকৰ অধিকাংশই বেইজিং উপকণ্ঠ অঞ্চলত অৱস্থিত নার্ছিং হোমৰ বাসিন্দা৷ ইফালে, হেবেই প্রদেশত এতিয়ালৈকে কমেও ৩১জন লোক সন্ধানহীন হোৱাৰ তথ্য প্রকাশ পাইছে৷ দেশখনৰ ১৩৬খন গাঁৱত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে৷ উদ্ধাৰকাৰী দলে হেলিকপ্টাৰেৰে উদ্ধাৰকার্য অব্যাহত ৰাখিছে৷

বতৰ বিজ্ঞান বিভাগে সদৰী কৰা মতে, চলিত বর্ষত বেইজিঙত প্রচণ্ড বৰষুণ হৈছে৷ ২০১২ চনৰ জুলাই মাহতো প্রচণ্ড বৰষুণৰ ফলত দেশখনত ৭৯জন লোকৰ মৃত্যু হৈছিল৷ বিশেষজ্ঞসকলে এইবাৰৰ দুর্যোগ পূর্বতকৈও ভয়াৱহ বুলি উদ্বেগ প্রকাশ কৰিছে৷ বেইজিং প্রশাসনৰ লগতে ৰাষ্ট্রপতি ঝি জিনপিঙে পৰিস্থিতিক লৈ উদ্বিগ্ণ হোৱাৰ লগতে আৰক্ষী, অগ্নিনির্বাপক বাহিনী, দুর্যোগ সাহায্য দলকে ধৰি সকলো জৰুৰীকালীন ব্যৱস্থাক সতর্কতাৰে কাম কৰিবলৈ নির্দেশ জাৰি কৰিছে৷

You might also like