নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস সলনি কৰাৰ হুংকাৰ পাকিস্তানক : চুবুৰীয়া ৰাষ্ট্রৰ আগ্রাসনক লৈ প্রতিৰক্ষা মন্ত্রীৰ সকীয়নি

নিউজ ডেস্ক, ৩ অক্টোবৰ : গুজৰাট সীমান্তৰ সমীপৱর্তী ছাৰ ক্রিকত পাকিস্তানী সেনাই আগ্রাসনৰ চেষ্টা কৰিলে দেশখনক লৈ ভূগোল সলনি কৰাৰ সকীয়নি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ৷ শেহতীয়াভাৱে পাকিস্তানে বিবদমান ছাৰ ক্রিকত সেনাৰ স্থিতি বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে দেশখনক কঠোৰ ভাষাৰে সকীয়নি দি কয় যে পাকিস্তানৰ আগ্রাসনক ভাৰতে এনে প্রত্যুত্তৰ দিব যে ভূগোল আৰু ইতিহাসেই সলনি হৈ যাব৷

গুজৰাটৰ ভূজস্থিত সেনাৰ ঘাটিত কালি দশেৰা উপলক্ষে জোৱানসকলৰ সৈতে বার্তালাপ কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্রখনক এনেদৰে সকীয়নি দিয়ে৷ উল্লেখ্য যে গুজৰাটৰ সীমান্তৰ সমীপৱর্তী ছাৰ ক্রিকক লৈ দুয়োখন দেশৰ মাজত বিবাদ দশক দশক ধৰি চলি আছে৷ স্বাধীনতাৰ ৭৮ বছৰ পাছতো এই অঞ্চলটোক লৈ বিবাদ চলি আহিছে৷ এই সন্দর্ভত ভাৰতে পাকিস্তানক আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰাৰ বাবে জনাই আহিছে যদিও দেশখনে এই সন্দর্ভত পিছহুঁহকি আছে৷ প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে পুনৰ কয় যে ১৯৬৫ চনৰ যুদ্ধত ভাৰতীয় সেনা বাহিনী লাহোৰত উপস্থিত হোৱাৰ ক্ষমতা লাভ কৰিছিল৷ এতিয়া ২০২৫ চন৷ পাকিস্তানে ভাৰতৰ ক্ষমতা ভালকৈ বুজা উচিত৷

You might also like