দিল্লী বিস্ফোৰণৰ সন্ত্ৰাসবাদীৰ ঘৰ আই ই ডিৰে উৰুৱালে নিৰাপত্তা বাহিনীয়ে…
🔹 কাশ্মীৰত ‘জেহাদী ডাক্তৰ’ৰ সন্ধানত তীব্ৰ অভিযান
ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ : দিল্লী বিস্ফোৰণৰ আত্মঘাতী সন্ত্ৰাসবাদী উমৰ নবীৰ ঘৰ ধ্বংস কৰিলে নিৰাপত্তা বাহিনীয়ে। জানিব পৰা মতে, শুকুৰবাৰে পুৱতি নিশা উমৰ নবীৰ পুলৱামাৰ ঘৰত আইইডি বিস্ফোৰণ ঘটায় নিৰাপত্তা বাহিনীয়ে। ইতিমধ্যে পেছাত চিকিৎসক উমৰৰ পৰিয়ালৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰিছিল জম্মু-কাশ্মীৰ আৰক্ষীয়ে। এতিয়া তদন্ত প্ৰক্ৰিয়াৰ মাজতে উমৰৰ ঘৰ ধ্বংস কৰা হয়। তাৰ লগতে সমগ্ৰ অঞ্চলটোত ব্যাপক তালাচী অভিযান চলোৱা হৈছে।
উল্লেখ্য যে সোমবাৰে লালকিল্লাৰ সন্মুখত যি গাড়ী বিস্ফোৰণ হৈছিল, সেই ঘাতক গাড়ীৰ চালকৰ আসনত উমৰ নবী আছিল বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। ইতিমধ্যে দিল্লী বিস্ফোৰণত জড়িত পুলৱামাৰ বাসিন্দা উমৰ নবীৰ মৃত্যু হৈছে। ডিএনএ পৰীক্ষাৰ জৰিয়তে তেওঁৰ দেহ চিনাক্ত কৰা হৈছে। ডি এন এ পৰীক্ষাত উমৰ নবীৰ উপস্থিতি পোহৰলৈ অহাৰ পিছতে আইইডি বিস্ফোৰণৰ জৰিয়তে উমৰ নবীৰ ঘৰ ধ্বংস কৰা হয়।
উল্লেখ্য যে পুলৱামাৰ কইল গাঁৱৰ বাসিন্দা দিল্লী বিস্ফোৰণত জড়িত উমৰৰ ভনীয়েকে কয়- “যোৱা শুকুৰবাৰে ওমৰৰ লগত কথা হৈছিল। তেতিয়া কৈছিল যে আগন্তুক সময়ত পৰীক্ষা আছে বাবে লাইব্ৰেৰীত পঢ়া-শুনা কৰি আছে। একেবাৰে কিতাপৰ পোক আছিল। ঘৰলৈ আহিলেও সকলোকে পঢ়া-শুনা কৰিবলৈ কৈছিল।” পৰিয়ালৰ মতে কিতাপৰ পোক ল’ৰাজনে ধ্বংসাত্মক কাৰ্যত জড়িত হৈ পৰাত সমগ্ৰ পৰিয়ালটো হতাশ হৈ পৰিছে।
উল্লেখ্য যে কেৱল উমৰেই নহয়, কাশ্মীৰৰ একাধিক চিকিৎসকৰ নাম এই ধ্বংসাত্মক কাৰ্যত জড়িত হৈছে। যোৱা চাৰি দিনত অন্ততঃ ৮ জন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰত্যেকৰে বিৰুদ্ধে সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ আছে। আল ফালাহ বিশ্ববিদ্যালয়ৰ কেইবাজনো চিকিৎসক এই সন্ত্ৰাসৰ আঁৰত জড়িত। জম্মু-কাশ্মীৰ আৰক্ষীয়ে ইয়াক ‘হোৱাইট কলাৰ টেৰ’ৰ ইক’ছিষ্টেম’ বুলি কৈছে। সেয়েহে সমগ্ৰ ভূস্বৰ্গত এতিয়া তালাচী অভিযান চলাই আছে নিৰাপত্তা বাহিনীয়ে।