Picture অভী বাকী হ্যেয়- RJDৰ ভাষ্য
বিহাৰ বিধানসভা নিৰ্বাচনত এতিয়ালৈকে অহা তথ্য অনুসৰি NDA স্পষ্টভাৱে বহুমতত আগবাঢ়ি আছে। আনফালে, তেজস্বী যাদৱৰ RJD উল্লেখযোগ্যভাৱে পিছপৰা অৱস্থাত আছে। এই পৰিস্থিতিৰ মাজতেই RJD নেতা সাৰিকা পাছৱানে এটা গুৰুত্বপূর্ণ মন্তব্য কৰিছে। তেওঁ কয়— “৬০-৭০খন এনে আসন আছে য’ত আমি কেৱল ১০০-২০০ ভোটৰ পিছত আছোঁ। সেয়েহে এই তথ্য সকলো নিশ্চিত নহয়। পিক্চাৰ অভী বাকী হ্যেয়। ফলাফল উলতিব, আৰু আমাৰ আশা এতিয়াও আছে।”
RJDৰ এই প্ৰতিক্ৰিয়াই স্পষ্ট কৰিছে যে দলটোৱে এতিয়াও তেওঁৰ সম্ভাৱনা সম্পূৰ্ণ শেষ বুলি মানি লোৱা নাই আৰু চূড়ান্ত ফলাফলৰ অপেক্ষাত আশাবাদী।
ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ