নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউয়ৰ্কৰ ষ্টোনী ব্ৰুক বিশ্ববিদ্যালয়ত পিএইচডি কৰাৰ সুযোগ হাউলীৰ ইলিয়াছৰ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিৰ প্ৰাক্তন কৃতি ছাত্ৰ ইলিয়াচ খান ৰাণাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ খ্যাতনামা ষ্টোনী ব্ৰুক বিশ্ববিদ্যালয়, কলেজ অৱ আৰ্টচ এণ্ড চায়েন্সত সন্মানীয় Ph.D ডিগ্ৰী কৰাৰ সুযোগ লাভ কৰা খবৰে অসমৰ শিক্ষানুৰাগীলৈ আনন্দ কঢ়িয়াই আনিছে৷ উল্লেখ্য যে বৰপেটা জিলাৰ হাউলীৰ সমীপস্থ হাতীজানা গাঁৱৰ নিবাসী প্ৰয়াত বিলায়েত হুছেইন খান আৰু খন্দকাৰপাৰা হাইমাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত অধীক্ষক হামিদা বেগমৰ একমাত্ৰ পুত্ৰ সন্তান ইলিয়াচ খান ৰাণাই ইয়াৰ পূৰ্বে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আই আই টি, গুৱাহাটীৰ স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষাত ৰসায়ন বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি নিজ মেধাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যপালৰ সোণৰ পদকৰ বাবেও বাছনি হৈ নিজৰ জন্মস্থান তথা পূৰ্বে পঢ়ি অহা শিক্ষানুষ্ঠানলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ স্মৰ্তব্য যে অতি মেধা সম্পন্ন ছাত্ৰ ইলিয়াচে ২০১৫ চনত হাউলীস্থ “হোমা”ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষৰ পঞ্চম স্থান দখল কৰাৰ উপৰি ২০১৭ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ পৰা বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে ২০২০ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ঐতিহ্যমণ্ডিত ৰামজাচ কলেজৰ পৰা সুখ্যাতিৰে ৰসায়ন বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী আই আই টিত স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পুৰ্ণ কৰাৰ পিছতে নিউয়ৰ্কৰ ষ্টোনী ব্ৰুক বিশ্ববিদ্যালয়ত Ph.D ডিগ্ৰী কৰাৰ সুযোগ লাভ কৰা ইলিয়াচৰ সপোন এগৰাকী বৈজ্ঞানিক হৈ দেশক সেৱা কৰা৷ তেওঁৰ এই উত্তৰণত আনন্দৰাম বৰুৱা একাডেমিৰ পৰিচালন সঞ্চালক তথা ৰেক্টৰ ড৹ ৰণজিৎ ডেকা, অধ্যক্ষ নন্দিতা বৰ্মন সমন্বিতে শিক্ষক শিক্ষয়িত্ৰীসকলে অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ উত্তৰোত্তৰ কামনা কৰিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like