নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাইজেৰিয়াৰ কাৰাগাৰৰ পৰা ১৮ শতাধিক কয়দীৰ পলায়ন

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ আফ্রিকান ৰাষ্ট্র নাইজেৰিয়াৰ এখন কাৰাগাৰত বন্দুকধাৰীয়ে আক্রমণ কৰাৰ পিছতে ১৮ শতাধিক কয়দীয়ে পলায়ন কৰিছে৷ দেশখনৰ চৰকাৰী সূত্রই সদৰী কৰিছে এই তথ্য৷ দেশখনৰ দক্ষিণ–পূব প্রান্তৰ চহৰ ওৱেৰিত থকা কাৰাগাৰখনত বন্দুকধাৰীয়ে প্রৱেশ কৰি নির্বিচাৰ গুলীচালনা কৰাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷

উল্লেখনীয় যে কাৰাগাৰখনৰ প্রশাসনীয় কার্যালয়ত বন্দুকধাৰীয়ে কেইবাটাও বোমাৰ বিস্ফোৰণো ঘটায়৷ এই ঘটনাৰ পিছত কাৰাগাৰখনৰ বন্দীসকলে পলায়ন কৰে যদিও ৬গৰাকী বন্দী পিছত পুনৰ উভতি আহে৷

লক্ষণীয়ভাৱে পলায়নৰ সুযোগ পোৱাৰ পিছতো কাৰাগাৰখনৰ পৰা আঁতৰি যাবলৈ অস্বীকাৰ কৰে ৩৫জন বন্দীয়ে৷ এই ঘটনাত নিষিদ্ধঘোষিত বিচ্ছিন্নতাবাদী সংগঠন ইণ্ডেজেনাছ পিপ’ল অৱ বায়াফ্রা (আইপিবি) জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷

অৱশ্যে সংগঠনটোৱে এই অভিযোগ অস্বীকাৰ কৰিছে৷ কাৰাগাৰ কর্তৃপক্ষই সংবাদ সংস্থা বি বি চিক জনোৱা অনুসৰি মুঠ ১৮৪৪গৰাকী কয়দীয়ে পলায়ন কৰিছে৷ এই বন্দীসকলক পুনৰ গ্রেপ্তাৰ কৰাৰ বাবে দেশখনৰ আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে৷

You might also like