নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত মৃত্যুৰ ভয়ত ইচ্ছাপত্র লিখিছে চীনা যুৱক–যুৱতীয়ে

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ক’ভিড–১৯ মহামাৰীত মৃত্যুমুখত পৰাৰ আশংকা কৰি বেইজিঙত বিগত বর্ষটোত যুৱপ্রজন্মৰ গৰিষ্ঠসংখ্যক লোকে সম্পত্তিৰ উত্তৰাধিকাৰী ঠিক কৰি থ’বলৈ ইচ্ছাপত্রত স্বাক্ষৰ কৰিছে৷ চীনৰ পঞ্জীয়ন কেন্দ্রৰ তথ্যৰ উদ্ধৃতি দি এই কথা প্রকাশ কৰিছে ‘ছাউথ চাইনা মর্নিং পোষ্ট’ নামৰ কাকতখনে৷ উল্লেখনীয় যে ১৯৯০ চনৰ পিছত জন্মগ্রহণ কৰা চীনা তৰুণ–তৰুণীসকলৰ্ মাজত ২০১৯ৰ পৰা ২০২০ চনৰ ভিতৰত ইচ্ছাপত্র লিখাৰ হাৰ ৬০ শতাংশ বৃদ্ধি পাইছে৷

ইয়াৰ পূর্বে যুৱক–যুৱতী তথা তৰুণ প্রজন্মৰ লোকে উত্তৰাধিকাৰ কাক প্রদান কৰিব সেই সন্দর্ভত এনেদৰে ইচ্ছাপত্র লিখা নাছিল৷ ক’ভিড–১৯ মহামাৰীয়ে চীনা যুৱক–যুৱতী তথা তৰুণ–তৰুণীসকলৰ্ মাজত সৃষ্টি কৰিছে হতাশা৷ যাৰ বাবে এই মহামাৰীত প্রাণ হেৰুওৱাৰ পূর্বে সম্পত্তিৰ উত্তৰাধিকাৰ নিষ্কণ্টক কৰি থ’ব বিচাৰিছে বহু চীনা যুৱক–যুৱতী তথা তৰুণ–তৰুণীয়ে৷ অৱশ্যে বেইজিং প্রশাসনে এই সন্দর্ভত কোনো ধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like