নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাড়িগাঁৱত ধান কটা পৰ্বক লৈ উখল-মাখল পৰিৱেশ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : কামৰূপৰ বকো সমষ্টিৰ বৰুৱা বালিঝাৰ অঞ্চলৰ ১নং কাড়িগাঁৱত আঘোণৰ পথাৰত ব্যস্ত দেশী জনগোষ্ঠীৰ একাংশ কৃষক | আঘোণৰ সোণালী পথাৰত সাউৰি দি ধান কটাত ব্যস্ত গাঁৱৰ কৃষকসকল। এই কাৰ্য জনগোষ্ঠীটোৰ এক পুৰণি পৰম্পৰা | আজি ৰাজহুৱাভাৱে ধান কটাৰ অন্তত বিভিন্ন খেল-ধেমালি, প্ৰীতিভোজৰো আয়োজন কৰা হয় | জনগোষ্ঠীৰ স্থানীয় সভাপতি চোবাহন আলী (গাঁওবুঢ়া), সম্পাদক নুৰুল হকৰ উপৰি ছিৰাজুল হক, হামেদ আলী, আব্দুছ ছালাম, হজৰত আলী আদিৰ লগতে গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ লগতে ৰাইজে সমূহীয়া ধান কটা উৎসৱত ভাগ লয় | আজিৰ এই কাৰ্যক লৈ উছৱমুখৰ হৈ পৰে গাঁৱৰ পথাৰ | আনহাতে, সমাগত পুহ মাহত ’পুষণা’ উৎসৱত চিৰা, পিঠা, মুৰি ইত্যাদি বিভিন্ন খাদ্য সম্ভাৰৰ উপৰি ভোজ-ভাতৰ লগতে দেশী জনগোষ্ঠীৰ ৰাখাল ভাত খোৱাৰো নিয়ম আছে বুলি প্ৰকাশ কৰে ৰাইজে। ধান কটা কামত ব্যস্ততাৰ মাজতেই জিকিৰ-জাৰী, লোকগীত আদিৰ উপৰি বিভিন্ন নৃত্য-গীতেৰে সকলোৱে আনন্দত মগন হৈ পৰে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like